[ ২৪ ]
উঠিছে। তেজপুৰৰ এই সৰু ছোৱালীটিৰ মধুৰ মাত আৰু সঙ্গীতৰ
প্ৰতি ৰাপ দেখি আশা কৰা যায় যে উপযুক্ত শিক্ষা পালে সঙ্গীত
বিদ্যাত তেওঁ আমাৰ দেশৰ গৌৰৱ বঢ়াব।
সঙ্গীত বুলিলে নৃত্য, গীত, আৰু বাদ্য এই তিনিওকে বুজায়। নৃত্যৰ বিষয়ে আমাৰ দেশত সাচিপাতত লিখা শ্ৰীহস্তমুক্তাৱলী নামে এখন পুৰণি পুথি আছে। এই দেশৰ শুভঙ্কৰ কবিযে পুথিখন ৰচন। কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ পুথি ভৰালত এই পুথি আছে। ইয়াক শীঘ্ৰে ছপা কৰা উচিত। যি নটৰাজক লৈ ভৰতৰ আন আন প্ৰদেশে গৌৰৱ কৰিছে, যাৰ নৃত্য উদয় শঙ্কৰে দেশে-বিদেশে দেখুৱাই যশস্যা আজ্জিছে, সেই নটৰাজ শঙ্কৰৰ মহাশ্ৰম এই জিলাৰ নাটক পৰ্ব্বতত আছিল।
আমাৰ দেশৰ পুৰণি আৰু আধুনিক বাছক বনিয়া গীতবিলাক সংগ্ৰহ কৰি সুৰলিপিৰে সৈতে চপোৱা উচিত। তাত ভাল ভাল জাতীয় সঙ্গীতো থাকিব লাগে।
আমাৰ পুৰণি পুথিবিলাকত যিমন বিলাক বাদ্য যন্ত্ৰৰ নাম পোৱা যায় তাৰ অনেক বিলাক এতিয়া লুপ্ত হৈছে। সুখৰ বিষয় ইয়াৰ বাণ নাট্যমন্দিৰত শ্ৰীমান জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীযুত বিষ্ণু প্ৰসাদ ৰাভা আদিয়ে টোকাৰি, বীণ, কৰতাল, ঢোল, খোল, মৃদঙ্গ, ডবা, শঙ্খ আদি দেশী বাদ্যৰ লগত হাম্মনিয়ামৰ লগত সামঞ্জস্য ৰাখি অসমীয়া ঐক্যতান বাদনৰ সৃষ্টি কৰি দৰ্শক বৃন্দক মুগ্ধ কৰি সকলোৰে শলাগ পাইছে।
মহামহোপাধ্যায় আচাৰ্য ৺বীৰেশ্বৰ কবিৰত্নৰ বহুমলীয়া পুথি “বৃত্তমঞ্জৰী” আজিলৈকে প্ৰকাশ নোহোৱাত ৰাইজে বেজাৰ পাইছে।
অসমৰ পৰ্বতীয়া জিলা বিলাকত ৰোমান আখৰৰ পৰিবৰ্তে আমাৰ অসমীয়া আখৰেদি যাতে শিক্ষা দিয়া হয় তাৰ বাবে আমি আন্দো- লন কৰা কৰ্ত্তব্য।