[ ২১ ]
বন্ধুবৰ শ্ৰীযুত দণ্ডিনাথ কলিতা তেজপুৰৰ এজন নাম জ্বলা সাহি- ত্যিক আৰু কবি। তেওঁ লিখা, সাধনা, ফুল, সাতসৰী, সতীৰ তেজ, ৰহঘৰা, ৰগৰ, বহুৰূপী, দীপ্তি, সতী-বাহিনী প্ৰদীপ, কৰ্ম্মবী চন্দ্ৰনাথ আৰু সাহিত্য মুক্তাৱলী আদি পুথিবিলাক আপোনাসকলে পঢ়িব পাব।
স্বদেশ প্ৰেমিক শ্ৰীযুত মহাদেৱ শৰ্ম্মাই কলিকতাৰ পৰা “অৰুণ” নামে লৰা ছোৱালীৰ উপযোগী এখন মাহেকীয়া কাকত উলিয়াইছিল। অৰুণ পাব্লিচি• হাউচৰ পৰা এখনৰ পাছত এখনকৈ ভালেমান কিতাপ প্ৰকাশ কৰিছিল। তেওঁৰ বুদ্ধদেৱ, মহম্মদ চৰিত, শিশু ৰামায়ণ, সাবিত্ৰী আদি পুথি পঢ়ি ৰাইজে সন্তোষ পাইছে। তেওঁৰ সহধৰ্মিনী শ্ৰীযুতা কুঞ্জলতা দেবীয়েও দুখন কিতাপ লিখি উলিয়াইছে।
স্বদেশ-ভক্ত শ্ৰীযুত অমিয় কুমাৰ দাস “অসমীয়া” কাকতৰ সম্পাদক আছিল। এতিয়া তেওঁ “বাঁহীৰ” সম্পাদক। তেওঁ মহাত্মা গান্ধীৰ সাহিত্য অসমীয়া ভাষাত লিখি পুথিৰ আকাৰে প্ৰকাশ কৰি সকলোৰে ধন্যবাদৰ পাত্ৰ হৈছে।
শ্ৰীযুত বসন্ত কুমাৰ বৰুৱাই “ৱেগনাৰৰ সাধু”, “বুকাৰ ৱাশ্বিংটন”, আৰু 'ভাৰত বুৰঞ্জী' লিখি তেওঁৰ সাহিত্য প্ৰতিভাৰ চিনাকি দিছে। শ্ৰীযুত গুণাভিৰাম শৰ্ম্মাই ৰহস্য কাহিনী, আৰবৰ সাধুকথা আৰু ডাক্তৰ স্যাৰ প্ৰফুল্লচন্দ্ৰ ৰায়ৰ জীৱনী লিখি সাহিত্য ক্ষেত্ৰত সুনাম আজিছে।
অসম মাতৃৰ সুযোগ্য সন্তান সাহিত্যৰথী ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঁঞি বৰুৱাই এই তেজপুৰতে বিয়া কৰাই মাটি বাৰী লৈ নিগাজি ভাৱে বসতি কৰি আৰু আজীৱন সাহিত্য সেৱা কৰি সাহিত্য ক্ষেত্ৰত বছৰে বছৰে ন ন সুগন্ধি ফুল ফুলাই দেশক আমোদিত কৰি আছে। তেওঁৰ পৰিচয় দিবলৈ যোৱ মোৰ পক্ষে ধৃষ্টতা হ'ব।
এই নগৰত যিটো সুন্দৰ টাউন হল আছে সেইটো তেজপুৰীয়া