[ ১০ ]
শ্ৰদ্ধাস্পদ ৺লম্বোদৰ বৰাই অসমীয়া গদ্য সাহিত্য কেনে মধুৰ হব পাৰে তাৰ আৰ্হি দেখুৱাই গল। তেওঁৰ “জ্ঞানোদয়” আৰু “লৰাবোৰ" আমাৰ দেশৰ পঢ়াশালিত চলিছিল। তেওঁ লিখা “সমাজ-দৰ্পণ" নাটক ছপা হৈ নোলাল। তেওঁ লিখা প্ৰৱন্ধ “জোনাকী” “আসাম বন্ধু” “আসাম-তৰা” আৰু ‘আসাম-নিউজ’ কাকতত ওলাইছিল। তেওঁ তেজ- পুৰত তিনি কি চাৰি বছৰমানহে ওকালতি কৰিবলৈ পালে। নিষ্ঠুৰ কালে তেওঁক অকালতে ইহ সংসাৰৰ পৰা লৈ গল। তেওঁ স্থাপন কৰি যোৱা “অসমীয়া ভাষাৰ আলোচনী" সভাখন এতিয়ালৈকে “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা” নামে জীয়াই আছে।
কৰ্ম্মবীৰ চন্দ্ৰনাথ শৰ্মাই ৰচনা কৰা “বিদ্যাসাগৰ” আৰু “বছা-ফুল” দুখন সুন্দৰ কিতাপ। “অসম ছাত্ৰ সভা” স্থাপন কৰি আৰু অন্যান্য দেশহিতকৰ কামত প্ৰাণপনে খাটি এই স্বদেশ প্ৰেমিক ডেকাজন ডেকা বয়সতে স্বৰ্গী হল।
স্বদেশ -প্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ কথা কবলৈ গলে শোক লাগে। তেওঁ অসামান্য প্ৰতিভা লৈ জন্ম গ্ৰহণ কৰিছিল। তেওঁ লিখা বিবিধ প্ৰৱন্ধাৱলী গোটাই ছপাব পাৰিলে এখন ডাঙ্গৰ মূল্যৱান পুথি হব।
তেওঁৰ “ব্যৰ্থতাৰ দান” ছপা হৈছে , “নিৰ্ম্মলা নাটক” হাতে লিখা অৱস্থাতে আছে। তেওঁ সকলে দেশহিতকৰ কামতে আগ ৰণুৱা আছিল।
ইয়াৰ মিউনিচিপেলিটিয়ে লম্বোদৰ বৰা, চন্দ্ৰনাথ শৰ্ম্মা আৰু লক্ষ্মীধৰ শৰ্মাৰ নামে তিনটা আলিৰ নাম থৈছে। চাৰি দুৱাৰৰ চন্দ্ৰনাথ, নদুৱাৰৰ লক্ষ্মীধৰ, আৰু ছয় দুৱাৰৰ লম্বোদৰ তিনটি ৰত্ন আছিল।
শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনী কুমাৰ পদ্মপতিয়ে একেৰাহে প্ৰত্নতত্ত্বৰ অনু- সন্ধানত লাগি আছে। তেওঁৰ "পুৰণি অসমৰ ভুমুকি” এখন মূল্যবান পুথি।