পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৬ ]


এই বংশৰ ৰজা সকলৰ নাম তলত লিখা গল:

আৰিমত্ত বা গজাঙ্ক

  |

ৰত্নসিংহ বা শৃঙ্কৰাঙ্ক

  |

শৃকালাঙ্ক বা শৃঙ্কৰাঙ্ক

  |

মৃগাঙ্ক

 মৃগাঙ্ক বা জোঙ্গালবলহু অপুত্ৰক অৱস্থাত কছাৰীৰ লগত ৰণ কৰি কলং নৈত ডুবি মৰাত পঞ্চদশ খৃষ্টাব্দৰ মাজছোৱাৰ পৰা এই অঞ্চলত কিছুকাল বাৰ ভূঞাই শাসন কৰে। নগাঁও জিলাত জোঙ্গালবলহুৰ এটা গড় আছে বাৰভূঞাৰ পিছত ইন্দ্ৰবংশী আহোম আৰু শিৱবংশী কোচৰজা সকলে ইয়াত ৰাজত্ব কৰিছিল।

 আৰিমত্তৰ জন্ম কাহিনী কামৰূপৰ বুৰঞ্জীত যি দৰে লিখা আছে তাৰ পৰা এনে বোধ হয় যে লৌহিত্য বংশৰ কোনো ব্ৰাহ্মণে তেওঁৰ মাক চন্দ্ৰপ্ৰভাক ব্ৰহ্মপুত্ৰত গা ধুই থাকোতে দেখা পাই হৰণ কৰি কামাখ্যালৈ লৈ যায় আৰু তাতে সেই ব্ৰাহ্মণৰ ঔৰসত আৰিমত্তৰ জন্ম হয়। আমাৰ এই অঞ্চলত লৌহিত্য বংশৰ নাগাক্ষ নামে এজন ব্ৰাহ্মণ ৰজাই শকাদিত্যৰ শকঁৰ ৩০০ বছৰ মানৰ পাছত ৰাজত্ব কৰাৰ কথা বুৰঞ্জীত পোৱা যায়। এই জিলাত নাগশঙ্কৰ নামে যিটো শিৱৰ দেৱালয় আছে সেইটো নাগাক্ষ ৰজাই প্ৰতিষ্ঠা কৰে। সেই দেৱালয়ৰ ওচৰতে তেওঁৰ ৰাজধানী আছিল। তেওঁৰ বংশৰ কেইবা জনাও ৰজা হৈ যোৱাৰ পিছত সেই বংশৰ নাশ হয়।

 এই নগৰৰ পৰা ৩২ মাইল পশ্চিমে শৃঙ্গাটক বা শিঙ্গৰি পৰ্ব্বত আছে। তাত এসময়ত ঋষ্যশৃঙ্গ মুনিয়ে আশ্ৰম পাতি কিছুদিন বাস