পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আধ্যা-৪ স্বৰ্গদেৱ চুংফা ওৰফে ৰুদ্ৰসিংহ (১) ওপৰত উনুকিয়াই অহা হৈছে যে, লৰা-ৰজাৰ অত্যাচাৰত গদাপাণি কোৱৰে, নগৰ এৰি যাওঁতে, নাই আৰু লেচাই নামেৰে তেওঁৰ পুত্ৰ দুটি সিবিলাকৰ মাতৃ জয়মতী কুঁৱৰীৰে সৈতে ঘৰত এৰি গৈছিল। মহাৰজা গদাধৰসিংহ অগী হোৱাত, তেওঁৰ বৰপুত্ৰ লাই গোহাঞিদেৱ, খ্ৰীঃ ১৬৯৫ চনত আহোম ৰাজপাটত উঠে। তেওঁ গড়গাওঁ নগৰত শিঙৰিঘৰ উঠি, আহোম প্ৰথামতে চুংফা আৰু হিন্দুমতে ৰুদ্ৰসিংহ নাম লয়। তেওঁৰ ৰাজত্বৰ শেহছোৱাত লাইথেপেনা বৰগোহাঞিৰ পুতেক বৰগোহাঞি, ফুৱৈগঞা ফুকন বুঢ়াগোহাঞি আৰু কেন্দুগুৰীয়া ডেকা-বৰপাত্ৰ- গগাহাঞি এই তিনিজনা ভাঙ্গৰীয়াই ঘাই মন্ত্ৰী বাব পাইছিল। ২)। | লাই গোহাঞিদেৱৰ সৰুৰেপৰা হিন্দুধৰ্মত বৰ আসক্তি আছিল। তেওঁ যেতিয়া সিংহ নামেৰে আহোম ৰাজপাটত উঠি দুপৰ-পূৰ্য্যৰ দৰে চাৰিওফালে নিজ ৰাজকীয় ক্ষমতাৰ দীপ্তি বিস্তাৰ কৰে, তেতিয়া তেওঁৰ অন্তৰৰ কুমলীয়া ধৰ্মভাবৰ প্ৰবৃত্তিও সেই দীপ্তিৰ প্ৰভাৱত জিলিকি উঠে। তেওঁৰ ৰাজ্যত কেনেকৈ হিন্দুধৰ্মৰ চৰ্চা বাঢ়ি, প্ৰজাসকলৰ মনৰপৰা অন্যায়, অধৰ্ম, ভণ্ডামি আনি কু-ভাৰ আঁতৰ হ’ব, তাৰে তেওঁ উপায় চিন্তিবলৈ ধৰিলে। সেই অৰ্থে, স্বৰ্গদেৰ গদাধৰ সিংহই নামৰূপ, চেউনী, টোকোলাই আদি ঠাইত নিলগাই থিতাপিত কৰোৱ মহন্তসকলক ৰুদ্ৰসিংহ স্বৰ্গদেৱে চপাই আনি পুনঃ পূৰ্বৰ ঠায়ে-ঠায়ে থাপিলেহি, আৰু আউনীআটীয় গোদামীক নিজ-দীক্ষা-গুৰুৰূপে ৰৰণ কৰি, সৰাতকৈ অধিক সম্মান প্ৰদান কৰিলে। তাৰ পাচত, স্বৰ্গদেৱে : ১৭২ চনত গড়গাঁৱত “মহাজন-সন্মিলনী” পাতি, শান্তাদি আলোচনা কৰাই, বামুণ আৰু তদিৰীয়া মহাজনসকলৰ মাজত ধৰ্মাচৰণৰ সু-দিহা লগাই দিয়ে (৩)। অসিংহ স্বৰ্গদেৱ বেনে ধাৰ্মিক, তেওঁৰ শাসন কাৰ্যও তেনে নিখুত আছিল। তেওঁৰ ৰাজত্বৰ কালত ৰাজ্যত, গোটাঙ্গিয়েক সৰসুৰা বিদ্ৰোহত বাজে, বিশেষ কোনো অশান্তি নাছিল, বাহিৰতে বৰ উপদ্ৰৱ নাছিল। ৰজা আৰু ৰাইজ সকলোৱে, ঐ ১৮৯৫ চনৰপৰা ১৭১৪ চনলৈকে, এই উনৈশ বছৰ নিৰাপদে কটালে। স্বৰ্গদেৱে ধৰ্ম- (১) দেৱ কলসি এজন বৰ অনী আৰু গুৱনী পু ছিল। সেইকাল জনৈক অসমীয়া কৰিয়ে তেওঁৰ ৰূপ এইদৰে ৰখানিছিল-“কামিনীজনৰ মন মীন হৰণৰ। বৰিষ সদৃশ ঘিটে মদন তা। ” (২) মিলনাৰ দুৱৰাৰৰবৰুৱাৰ “খুন্নীয়া বুৰঞ্জী” ৩৫ পৃষ্ঠা। The Aunisti doin we specially honoured, s the king not only called he iron ho orilo, but appointed bim bin spiritual propor "Sir Edward rison of A , PA1 . (৩) মিল-লাখ মুৰৰ “খুলী গ্ৰী, ৩০ পৃষ্ঠা। c