১৬১২ শকৰ বহাগত তেওঁৰ বৈ-বঙহে সৈতে তেওঁক ঘৰতে মাৰি নিৰ্ম্মূল কৰা হ'ল।(১)
মিৰি আক্ৰমণ : – ১৬৮৭ খ্ৰীষ্টাব্দত মিৰিহঁতে ৰাতি শদিয়া আক্ৰমণ কৰি শদিয়াখোৱা গোহাঞি আৰু ৰূপ-সন্দিকৈৰ ঘৰত জুই দিয়ে। সেই অপৰাধত গদাধৰ সিংহ স্বৰ্গদেৱে এদল অসমীয়া সৈন্যৰে সৈতে মৌপিয়া ফুকনক সেনাপতিকৈ পঠিয়াই মিৰিচাং আক্ৰমণ কৰায়। মিৰিহঁত ৰণত ঘাটি শৰণাগত হ’ল; আৰু ভৱিষ্যতলৈ উৎপাত গুচাৰৰ অভিপ্ৰায়ে, মিৰি চাঙ্গত দুটা কোঁঠ মৰাই, তাৰপৰা ইমূৰে-সিমূৰে ব্ৰহ্মপুত্ৰত লগাই দুটা মাটি-গড় বন্ধোৱা হয়।
নগা-আক্ৰমণ : – ১৬৯২ খ্ৰীষ্টাব্দত নগাহঁতে দৈয়াঙ্গৰ গাওঁবিলাকত উপদ্ৰৱ কৰেহি। পিচে, মহাৰজা গদাধৰসিংহই সিহঁতক সমুচিত শান্তি দিয়াৰ পাচত, ক্ষতিপূৰণ লৈ, সেইবাৰলৈ ক্ষমা কৰিলে। তাৰ অলপৰ পাচতে, নামচাঙ্গৰ নগাবিলাকেও বিদ্ৰোহ তুলিছিল। কিন্তু; স্বৰ্গদেৱে দিহিঙ্গীয়া ফুকন আৰু চেটিয়া ভগা-বৰফুকনক লোকজন লগত দি পঠিয়াই সিহঁতৰ প্ৰধান প্ৰধান নেতাবিলাকক ধৰাই আনি বধ কৰোৱাত সকলো উৎপাত চেঁচা পৰিল। নগা-নেতাবিলাকে বন্দী-বেটাৰে সৈতে দুটি নাগিনী কুঁৱৰী স্বৰ্গদেৱক দি সেৱা কৰিলেহি।
স্বৰ্গদেৱ গদাধৰ সিংহই শাসনকাৰ্য্যত যেনে সুখ্যাতি লাভ কৰিছিল, সেইদৰে তেওঁ ভালেমান সৎকৰ্ম্ম সাধন কৰিও কীৰ্ত্তিচিন্ ৰাখিছিল। তেওঁৰ ৰাজত্বৰ কালত গোটেই দৰং ৰাজ্যৰ মাটি পিয়ল কৰোৱা হয়; তাৰপৰাহে অসমত মাটি-পিয়ল কৰাৰ নিয়ম চলে। মহাৰজা গদাধৰসিংহ স্বৰ্গদেৱে সেই সময়তে, খ্ৰীঃ ১৬৮৫ চনত, বিশ্বনাথৰ দৌল বন্ধায়। তাত ৰাজেও, স্বৰ্গদেৱে ভালেমান আলি, পুখুৰী, দৌল(২) আদি কৰাইছিল, তাৰ ভিতৰত ধোদৰ (৩) আলি, অঁকাৰ আলি, বৰবৰুৱা আলি, ফুকনৰ আলি, ৰহদৈ আলি, ৰহদৈ দৌল, ভোগদৈ পুখুৰী, ভোগদৈ দৌল, লঙ্কাকত সোণাদৈ পুখুৰী, খঁৰা গড়, গোটা দৌল, দ্বিজৈৰ শিলৰ সাঁকো, বগী দৌল, বগী পুখুৰী, ৰহদৈৰ শিলৰ সাঁকো, উমানন্দ দৌল এইবিলাকেই প্ৰধান।
স্বৰ্গদেৱ গদাধৰ সিংহই ডাঙ্গৰীয়া-বিষয়াসকলৰ অন্যায়-উপদ্ৰৱ গুচাই দেশত শাস্তি বিস্তাৰ কৰে, আৰু তেতিয়াৰপৰা পুনৰপি ৰজাৰ ৰাজ-ক্ষমতা বাঢ়িবলৈ ধৰে। এইদৰে, ১৪ বছৰ ৮ মাহ ১ দিন সুখ্যাতিৰে ৰাজত্ব কৰি, খ্ৰীঃ ১৬১৫ চনত
(১) মিল,— “তুংখুঙ্গীয়া বুৰঞ্জী’’, ২২,২৪ পৃষ্ঠা।
(২) ১৬০৬ শত তিংখাঙ্গত পুখুৰী খনাই, আউনীআটীয়া, বেঙ্গেনাআটীয়া, কাটনীপৰীয়া মহাজনসকলক অনাই যজ্ঞ কৰাই নাগ পুতিলে। উছৰ্গি নাম থলে 'ৰহদৈ'। ১৬১৩ শত মাইৱেলাত দৌল বন্ধাই পুখুৰী খনাই উছৰ্গি নাম থলে 'ভোগদৈ। তাৰ পাচত লংকাকত পুখুৰী খনাই উছৰ্গি নাম থলে 'সোণাদৈ' —'শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ তুংখুঙ্গীয়া বুৰঞ্জী —১৮ আৰু ২৫ পৃষ্ঠা।
(৩) ধোদ বুলিলে বহি খাবলৈ পায়। সেই চলতে যেয়ে-সেয়ে ধোদ হৈ ধোদৰ চাঙ্গে নধৰা কৰিছিল। পিচে, ধোদ পৰীক্ষাৰ্থে ধোদ-ঘৰত জুই লগাই দিয়া হয়। ফাঁকিয়াল ধোদবোৰে ওলাই লৰ মাৰিলে; কিন্তু আচল ধোদটো সিমানতো নলৰিল, তাক আঁকুহী লগাই হে উলিওৱা হয়। তাৰ পাচত, ফাকিয়াল ধোদ-
বিলাকক ৰাজ আলি বন্ধাবলৈ লগোৱা হয়। তাৰ ফলেই "ধোদৰ আলি"। ইয়াৰ সমান ওখ বহল আলি আহোম ৰাজ্যত দ্বিতীয় নাছিল।