পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

৬৮

 

অসমৰ বুৰঞ্জী

বৰুৱাৰ পুতেক পানীফুকনৰে মন বিধাৰণ।' স্বৰ্গদেৱৰ অনুজ্ঞা অনুসৰি বৰফুকন আৰু পানীফুকনক গুৱাহাটীৰপৰা ধৰাই গড়গাওঁ নগৰলৈ অনোৱা হ'ল। দুই ফুকনক হোলোঙ্গৰ আগৰ চৰালৈ আনি, তিনিজনা ডাঙ্গৰীয়াই সোধা-পোছা কৰিলে । দুই ফুকনেও ঘাটি ললে বোলে, 'আমাৰ অপৰাধক চাঁই মাৰি কাটি-পেলাবহে লাগে। ৺দেৱৰ সাতামপুৰুষীয়া বন্দী, যেইখান কৰে।' পাচে, স্বৰ্গদেৱে শুনি ভাঙৰৰূপে দায় ধৰিলে। বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বুঢ়াগোহাঞি, বৰবৰুৱা, মৌপিয়া ফুকন, হলৌফুকন, তাঞ্চেং ফুকন এই সকলে স্বৰ্গদেৱৰ চৰণত মাতিলে। ১৬০৪ শকৰ বহাগৰ তিনদিন যাওঁতে স্বৰ্গদেৱে বৰফুকন আৰু পানীফুকন দুইৰো দায় ক্ষমা কৰি ঘৰলৈ খেদিলে। সন্দিকৈ নেওগক বৰফুকন পাতিলে। লালুকীৰ ফৈদীয়া ভেবাক ফুকন পাতিলে । দিহিঙ্গীয়া লাখেং ফুকনৰ পুতেক ভকতিক পানীফুকন পাতিলে ।" []

 (খ) “ ১৬০৭ শকৰ আঘোণত সম্ভেদ পোৱা গ'ল, চেংৰাই ফুকন, খামৰাক ফুকন, খেণ্ডৌৰ খামচিন ফুকন আৰু পানীফুকন এই চাৰিয়ে স্বৰ্গদেৱক দ্ৰোহ কৰিবলৈ আলচিছে। দিলিহিয়াল বুঢ়াগোহাঞি; হলৌফুকন, আনো হাজৰিকীয়া দুই-চাৰি যোগ থকা জনা গ'ল। স্বৰ্গদেৱ গদাধৰ সিংহই চাৰিং ৰজা, বৰপাত্ৰগোহাঞি, বৰগোহাঞি, বৰচেটিয়া বৰবৰুৱা, দুৱৰা ফুকন, নাওবৈচা ফুকন এই সকলক লৈ বিদ্ৰোহীক ধৰিবলৈ স্বয়ং ভটিয়াই গ'ল। ডাঙ্গৰীয়া-বিষয়াসকলক ঠায়ে ঠায়ে কোঁঠ পাতি ৰবলৈ দি,চামধৰা গড়ৰ উজনিত লুইতৰ দক্ষিণে বালিত বাহৰ পাতি স্বৰ্গদেৱ নিজে ৰলগৈ। তালৈকে বৰবৰুৱাৰ ভায়েক পানীফুকনকো বুদ্ধি কৰি মতাই আনিলে । খামৰাক ফুকন আৰু চেংৰাই ফুকনক বৰফুকনে ধৰি আনি স্বৰ্গদেৱৰ বালি-বাহৰত ঠেকালেহি । তাৰপৰা কলিয়াবৰলৈ উঠি, দিলিহিয়াল বুঢ়াগোহাঞিক ভাঙ্গি, কুঁৱৈগঞা মৌ গোহাঞিক বুঢ়াগোহাঞি পাতিলে। বৰবৰুৱালৈ চাই, পানীফুকনক নামাৰি ঘৰলৈ খেদিলে । খামৰাক আৰু চেংৰাই এই দুই ফুকনক স্বৰ্গদেৱ গদাধৰ সিংহই আগত থাকি বধ কৰাই, কলাপটুৱাৰ ভুৰত শালত বহুৱাই ডিঙিত তামোল-হাঁচত দি লুইতত উটাই পঠিয়ালে। ” []

 (গ) ১৬০৭ শকৰ ভাদত ভগা-পানীফুকনে গদাধৰসিংহ স্বৰ্গদেৱক ভাঙ্গি চাৰিং-ৰজাক ৰজা পতাৰ উদ্দেশ্যে দ্রোহ আচৰা সম্ভেদ পাই, স্বৰ্গদেৱে ভগা পানীফুকনক ঘৰৰপৰা ধৰাই আনি হাতীশালত বন্দী কৰি থোৱালে । তাৰ পাচত, স্বৰ্গদেৱে, বোলে,'পূর্ব্বেই মোক অনিষ্টক আচৰিলে, তেতিয়াই আক মাৰিব লাগিছিল, নামাৰি ৰাখিলোঁ । এতিয়াও দেখোঁ আশয় সেইএহে।' এই বুলি আহিনৰ তিনদিন যাওঁতে ৰজাহাটত পানীফুকনক গদাধৰসিংহ স্বৰ্গদেৱে আগত থাকি ছেপাই মৰালে ; []

 (ঘ) কোঁৱৰ-পোহা:- দিলিহিয়াল ভগা-বুঢ়াগোহাঞিয়ে দিচৈয়াল কোঁৱৰক বোজ-বাজ দি পুহিছে বুলি সম্ভেদ্ পাই, বিচাৰ কৰি, সেই লাঙ্গি বুঢ়াগোহাঞিক


  1. (১)"তুংখুঙ্গীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।
  2. (২)"তুংখুংগীয়া বুৰঞ্জী"১৮-১৯ পৃষ্ঠা।
  3. (৩) মিল-"তুংখুঙ্গীয়া বুৰঞ্জী,"২২-২৪ পৃষ্ঠা।