পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তুংখুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব নষ্ট কৰিলে। ১৬১৫ শকৰ ভাত আউনীআটীয়া বাপুক ধন ভাঙি লৈ শদিয়াত থলে নি। আনো গোসাঁই-মহাজন, মেধি-মহন্ত সমস্তকে ধন ভাঙি লৈ নিজ নিজ সত্ৰৰপৰা উচ্ছন্ন কৰি নামৰূপ, টোকোলাই, চেউনী আদি ঠাইত নিলগাই পাতি পুৰণি সত্ৰাদি জুই যিশুৰিলে। ” (১) গুলশান ১৪ শ বা শেহ আক্ৰমণ, বা ইটাখুলিৰ ৰ:-শাসন পদ্ধতি ভিতৰ-ব্যৱস্থা ঠিক কৰি লৈ উঠি, বৰ্গদেৱ গদাধৰসিংহই ভা-োৰীয়া, ফা-ফুকন, বৰুৱা-ৰাজখোৱা আৰু বৰা-বুকেৰে আলচ কৰি গুৱাহাটীৰ বালক মাৰিবৰ যুগুভি কৰিলে। সেই অৰ্থে গড়গঞা ডাঙ্গৰীয়া, দিলিহিয়াল শাদি বুঢ়াগোহাঞি, সাল গগাহাঞি চেৎখাম, দিহিঙ্গীয়া আপুন বৰবৰুৱা, পিকচাই হলো ফুকন, লামা ফুকন, ভাটাৰ লামাখ বন্দৰ বৰফুকন, খামং পানীফুকন, চাৰিীয়া খামৰাক ফুকন, আনন ৰাজখোৱা, হাজৰিকীয়া সকলেৰে ৰণ-যাত্ৰা কৰালে। সিবিলাকে পোনেই বাহবাৰী। মাৰিলেগৈ। তাৰ পাচে কাজলী মাৰিলে। তাৰ পাচত আহোমৰ ৰণৰল ভাগ ভাগ কৰি কুৰুৱ', সাউদৰ কোঠ, বৰনদীমুখ প্ৰভৃতি ভিন্ তিন কেঁঠত খাপ দিয়ালে। এনেতে, মুছলমানৰ ৰণবলে গছ-নাও’ (পালত পানচৈ নাও) আনি বৰনৈমুখত ফেৰ পাতি লাগিলেহি। অসমীয়া ৰণুৱায়ো আন আন কোঠৰপৰা খেদি গৈ যোগ দিলে। মুছলমান ৰণুৱাই ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। ইতিছেগতে আলুন বৰবৰুৱাই ইটাখুলি দখল কৰি ললে। মঙুৰ খাঁ নবাবদ ভাগি পলাল। অসমীয়া ৰণুৱাই পিচে পিচে খেদি নি মানহত ঠেকালেগৈ। পিতলীয়া বৰহিলৈ, বৰসৰু হিলৈ, আন অস্ত্ৰ- শয় অনেক পোৱা হ'ল। ধন-মানে, ঘোঁৰা, উট, বলধি, ম'হ বিষৰ পোৰা গ'ল। মুঠৰ ওপৰত, এই যুদ্ধত যিমান সভাৰ পোৱা গ'ল, আগেয়ে কোনো যুত ইমান পোৱা নাই। ১৬০ ৪ শকৰ শাওণত এই যুদ্ধ আহোমে জিনিলে। এয়ে অসমত মুছলমানৰ শেষ আক্ৰমণ। (২) ইটাখুলি ৰণ-জয়ৰ ফলত, লালুকমোলা বৰফুকনে চক্ৰান্তকৈ এৰি দিয়া গুৱাহাটী পুনাৰ কৰা হ'ল। ইয়াৰ পাচত আৰু মুছলমান সম্ৰাটে আহোম সম্ৰাট জোকাৰলৈ সাহ কৰিব পৰা নাই। এই যুদ্ধৰ পৰিণতিয়ে গদাধৰসিংহ বৰ্গদেৱৰ বাহবলৰ পৰিচয় ভাৰতৰ চৌদিশে বহলকৈ বিস্তাৰ কৰে। আলীয়া আৰু বিষয়াৰ ষড়য-ইতিপূৰ্বতে ভাঙৰীয়া আৰু বৰুৱা ফুকনাদি বিষয়াসকলে যি ষড়যন্ত্ৰ কৰি স্বৰ্গদেৱসকলৰ অকাল পতন ঘটাইছিল, সেই বিদ্ৰোহ যড়যন্ত্ৰ তলে তলে উকাৰৰ আগন্তুক দেখা গ’ল। কিন্তু, সেই কু-তিনছি কাৰ্যত ফলিয়াবলৈ নাপালে; স্বৰ্গদেৱ গদাধৰ সিংহই নিজ বাহবল আৰু ৰাজনৈতিক নৰলেৰে সেইবোৰ শাসনসংক্ৰান্ত অপায় দুপতীয়াতে মুচৰি জয় পেলাই নিষ্কণ্টক হৈ ললে। তাৰে গোটাচাৰেকৰ চমু বিবৃতি তলত দিয়া হ'ল : - (ক) *১৬• শকৰ ২৪ পুহত সঙ্গে পোৱা গ'ল, বোল, কাৰ বৰফুকনৰ ফুল (১) যাৰ জী:২৬ পা। (২) বিল- বুখী, ১৭।