পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
তুংখুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব


দুৰাকাঙ্ক্ষী ৰাজকৰ্ম্মচাৰীৰ উৎপাতত ৰাজ্যজুৰি অশান্তি বিস্তাৰ হৈছিল। আনকি ইবিলাকৰ চক্ৰান্তৰ ফেৰত,মহাসতী জয়মতী কুঁৱৰীয়েও অকালত সগৰ্ভা অৱস্থাত দেহা এৰিব লগাত পৰে। ডেবেৰা বৰবৰুৱাক বধিবৰ সময়ত আতন বুঢ়াগোহাঞিয়ে ৰাজ্যত শান্তি স্থাপিব বুলি শালগ্ৰাম তাম-তুলসী চুই শপত খাইছিল; কিন্তু সেই সংকল্প কাৰ্য্যত পৰিণত কৰিব নোৱাৰি, নিজে লালুকসোলা বৰফুকনৰ হাতত বন্দী হৈ দেহা এৰিব লগাত পৰে। তাৰ পৰিণামত দোৰ্ঘোৰ শাস্তি ভুঞ্জি ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন দুয়ো অকাল-মৃত্যুৰ গৰাহত পৰে।

আধ্যা-৩

তুংখুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব

স্বৰ্গদেৱ চুপাত্ফা বা গদাধৰসিংহ

 পতিপ্ৰাণা প্ৰিয়তমা ভাৰ্য্যা জয়মতীৰ উদ্ধাৰাৰ্থে গদাপাণিয়ে পাকতে গৈ এজাক নগা-ৰণুৱা লৈ আহিছিল []; কিন্তু তেওঁ আহি পোৱাৰ আগেয়েই সাধ্বী-সতী জয়মতীয়ে ইফালে তনু-ত্যাগ কৰিলে। পত্নী-বিয়োগৰ পাচত, গদাপাণিৰ মন উদাস হোৱাত, তেওঁ বিপদৰ ভয় এৰি, য’তে-ত’তে ঘূৰি ফুৰি []শেহত কলিয়াবৰত ওলালগৈ তাতে ভিনিহিয়েক বন্দৰ বৰফুকনে তেওঁক লগ পায়। বৰফুকনে ইয়াৰ পূৰ্ব্বৰেপৰা ল’ৰা-ৰজাৰ অত্যাচাৰত বিৰক্ত হৈ আছিল; গদাপাণিক লগ পোৱা মাত্ৰকে তেওঁৰপৰা আদ্যোপান্ত শুনি লৈ, আৰু নিজৰো মনোভাব ব্যক্ত কৰি, “কলিয়াবৰত থকা ডা-ডাঙ্গৰীয়া, ফা-ফুকন, বৰুৱা-ৰাজখোৱা, বৰা-বুৰুক সকলো একযোগ হৈ,খ্ৰী: ১৬৮১ চনৰ ২০ শাওণত তুংখুঙ্গীয়া বুঢ়াৰজা শ্ৰীশ্ৰীগদাধৰসিংহ মহাৰজাক কলিয়াবৰতে ৰজা পাতি, পিচদিনা গড়গাওঁ নগৰলৈ উজাই লৈ গলগৈ। ” []

 তাৰ পাচত, গড়গাঁও নগৰত,১৬০৩ শক বা খ্ৰী:১৬৮১ চনত, শাওণৰ ২২ দিন


  1. আত্মগোপনৰ কালত গদাপাণিয়ে নামচাং চাঙ্গৰ কাঞ্চা নামেৰে নগা ৰাজকুমাৰী এগৰাকীৰ আশ্ৰমত বাস কৰে। জয়মতীৰ নিৰ্য্যাতনৰ কথা শুনি, তেওঁক উদ্ধাৰ কৰিবলৈ ৰণুৱা সংগ্ৰহত সহায় কৰি দি, কাঞ্চাই গদাপাণিক লৰালৰিকৈ পঠিয়াই দিয়ে।
  2. গোসাঁইৰ জৰিয়তে বন্দৰ বৰফুকনৰ সাহায্য লাভাৰ্থে গদাপাণিয়ে উত্তৰ কোলৰ কলাবাৰীত দক্ষিণপতীয়া সৰু বনমালী বাপুৰ সত্ৰত দিনচাৰেক আলহীৰূপে বাস কৰিছিল;কিন্তু আপোনাৰ সেৱক চামগুৰীয়া স্বৰ্গদেৱ (ল’ৰা-ৰজা) নষ্ট হোৱা যেন জানি গোসাঁই বাপুৱে কথা ভৰসা নিদি,সামান্যৰূপে বোজ-বাজ দি সোধা-পোছা কৰি, উদাসীন হাটীৰ বাজে ৰাখিলে। পাচে,বুঢ়া ৰজাক (গদাপাণি) বিচাৰি নাপাই ঘৰিণিয়েকক পাই শাস্তিতে মাৰিলে"।⸺শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী",১৪ পৃষ্ঠা।
  3. মিল,-শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ “তুংখুঙ্গীয়া বুৰঞ্জী” ১৫-১৬ পৃষ্ঠা।