পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমৰ বুৰঞ্জী

গদাপাণিৰ কাণত পৰিলগৈ [] তেওঁ নিজৰ পতিব্ৰতা ভাৰ্য্যাই তেনেকৈ লাঞ্ছনা ভুঞ্জাৰ বাতৰি সহিব নোৱাৰি, মনৰ বেগত, পৰ্ব্বতৰপৰা নামি আহি ছদ্মবেশেৰে জয়মতীৰ কাষ চাপিল। গদাপাণিয়ে অচিনাকি ভাও জুৰি কেইবাবাৰো কুঁৱৰীক এই বুলি কয়, “হেৰ মানুহজনী, তই কিয় যন্ত্ৰণা ভুঞ্জি মৰিছ, গিৰিয়েৰৰ কথা কৈ নিদিয়নো কিয়?” জয়মতীয়ে এনে হিত উপদেশ দিওঁতালৈ উলটিকে নাচায়! সাধ্বী জয়মতীয়ে পৰমেশ্বৰৰ আৰু স্বামী-গুৰুৰ চৰণ চিন্তি বেতৰ কোব, ভোম চোৰাত, চমটা ইত্যাদি একোতে কেৰেপ্ নকৰি, সতীত্ব তেজেৰে তেজস্বিনী হৈ, ল'ৰা ৰজাৰ নৰঘাতী পাষণ্ডবিলাকৰ মনত বিস্ময় জন্মায়ে থাকিল; কিন্তু গদাপাণিৰ প্ৰাণে নসহিলে! তেওঁ আকৌ কাষ চাপি কবলৈ ধৰিলে, “মানুহজনী! তই গিৰিয়েৰৰ বাতৰি কৈ দি ৰক্ষা পৰ!” এইবাৰ কুঁৱৰীয়ে কোঁৱৰক চিনি পালে। যাৰ নিমিত্তে তেওঁ অতনা যন্ত্ৰণালৈকো কটাহি নকৰি নিজৰ জীৱন উচৰ্গা কৰিছে, তেওঁ এতিয়া নিজে ধৰা দি সকলো নাশ কৰে! এই ভাবি, জয়মতীয়ে মিছা ক্ৰোধ দেখুৱাই, অথচ কাকুতিৰ চেৱেৰে এই সমিধান দিলে, “মোৰ গৃহস্থৰ কথা মই নকওঁ, ইবিলাকৰ কি হৈছে? ইবিলাকক ইয়ালৈ কোনে মাতিছে? -গুচি বা নাযায় কিয়!" []মুখৰ কথাতকৈয়ো জয়মতীৰ চকুৰ কাতৰ ভাবৰ সঙ্কেতে গদাপাণিক বেচিকৈ টলালে। গদাপাণিয়ে অগত্যা চন্দ্ৰ-সূৰ্য্যাদি দেৱতাক সাক্ষী কৰি, ভাৰ্য্যাৰ উদ্ধাৰৰ অৰ্থে সহায় বিচাৰিবলৈ বেগাবেগিকৈ তাৰপৰা আঁতৰ হ'ল। তাৰ পাচতো চাওডাঙ্গে জয়মতী কুঁৱৰীক ছয়-সাত দিন শাস্তি দিয়ে; কিন্তু স্বামীৰ কুশল চিন্তাই তেওঁৰ সকলো যন্ত্ৰণাৰ ওপৰত যেন শান্তি-পানী ঢালি দিয়ে,— জয়মতীয়ে কোনো বিধৰ আকাৰে-প্ৰকাৰেও স্বামীৰ সন্ধান নিদিবলৈ দৃঢ়কৈ হে মন বান্ধিলে। সদৌশেহত, চৈধ্য দিন নিৰ্য্যাতনৰ মূৰত, ১৬৭৯ খ্ৰীষ্টাব্দত, ১৬০১ শকৰ ১৩ চ'তত, বিগত জীয়ৰী জীৱনত প্ৰাণে প্ৰাণ ধৰা দিয়া [] স্বামী-গুৰুৰ চৰণ


  1. (১)গদাপাণি কোঁৱৰক ৰাজকীয় সেনাৰ পৰা ৰক্ষা কৰা শিলবোডোখৰ এতিয়াও শিৱসাগৰৰ "লখিমীজান"বাগিচাৰ পৰা দেখা পায়। সেই শিলৰ ওপৰৰ শুভ্ৰ দীৰ্ঘ খণ্ডকে 'গদাধৰ সোমোৱা ফাট'বুলি স্থানীয় লোকেনিৰ্দ্দেশ কৰে।
  2. (২)

    "কৈব কোন লোক আসে এহেৰ তেহেৰ।
    সিও মোত কথা কহে ঠেহেৰ ঠেহেৰ॥"

     
    -

    দুতিৰাম হাজৰিকীয়াৰ "পদ্য বুৰঞ্জী।

    "
  3. (৩)এদিন থিয় দুপৰীয়া,বহুদূৰৈ বাটকুৰিবাই ডেকাকোঁৱৰ গদাপাণি এখন গাওঁ পালেহি।সেই সময়ত তেওঁৰ হুতাশনীয়া ভোকটো লাগি,'কি খাওঁ,কি বওঁ'লগালে। আছিল এঘৰত এক দীপ-লিপ্ গাভৰু। কোঁৱৰে কোঁ-কোঁ কৰে সোমাই গৈ এই বুলি মাত লগালে,"গাভৰু,কি আছে দিয়াঁ খাওঁ।"গাভৰুৱে সিমান ততাতয়াকৈ আন একো উপায় কৰিব নোৱাৰি,হাতীখোজীয়া বাতিৰে এবাটি পঁইতা ভাত মিঠা খালোনেৰে বন্ধা ভজা কঠিয়া পাতেৰে দিলে। তাকে খাই বৰ তৃপ্তি লাগি গদাপাণিয়ে এই বুলি কৈ থলে,"লগ ললে,লম তোমাক;দিন আহিলে মিলাব আমাক।"সময়ত এই গাভৰুকে কোঁৱৰে বিয়া কৰাই আনিলে। তেওঁৱেই কুৱঁৰী জয়মতী। গাওঁখন আজিকো-পৰ্য্যন্ত "ভাজনী গাওঁ" নামেৰে শিৱসাগৰৰ লাকোৱা ষ্টেশ্যনৰ সমীপত আছে।