স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ
বিনাযুদ্ধে বঙ্গালৰ গুৱাহাটী অধিকাৰ :- “লালুক-সোলা বুঢ়াফুকনে বোলে,আমি দেখোঁ গুৱাহাটীৰ গড়ত শত্ৰুক সমুখ হৈ বঁহিছো ; মাজ ৰাজ্যত গড় বান্ধে কালৈ ? আমালৈকেহে বান্ধে। সেই আপাহত; লালুক বুঢ়াফুকন বঙ্গালেৰে সৈতে বাহঁগৰীয়া বুঢ়াগোহাঞিক ধৰিবলৈ আগীয়াঠুঁটি পালেহি । পানীফুকন আৰু মিৰি সন্দিকৈ ফুকনে ইয়াৰ সম্ভেদ, বুঢ়াগোহাঞিলৈ দি পঠিয়ালে। সেই ছেগতে,১৬০০ শকৰ ১৫ ফাগুনত লালুকসোলা বুঢ়াফুকনে মিত্ৰভাৱে বঙ্গালক গুৱাহাটী গড় এৰি দি, উজাই গৈ কলিয়াবৰ পাই স্বয়ং প্রৱৰ্ত্তিব ধৰিলে, বিষয়াও ভঙ্গা-পতা কৰিব ধৰিলে। পানীফুকনক ভাঙ্গি কাঁড়ী-ডেকাক ফুকন পাতিলে ; মিৰি-সন্দিকৈক ভাঙ্গি চেটিয়া-ৰাজখোৱাক ফুকন পাতিলে; দীঘলা গোহাঞিক বুঢ়াগোহাঞি ডাঙ্গৰীয়া পাতিলে।” (১)
বাহঁগৰীয়া বুঢ়াগোহাঞি বধ :-“লালুকসোলা বৰফুকনে ৰজা হৈ জিলিকি উঠা দেখি, স্বৰ্গদেৱে তিনিওজনা ডাঙ্গৰীয়াক গুৱাহাটীলৈ পাঁচিলে । সিবিলাক ভটিয়াই বিশ্বনাথত ৰলহি। শৰাইঘটীয়াবোৰো উজাই আহি তাতে ৰ'ল। পাচে,লালুকসোলাই সম্ভেদ পাই, তেওঁৰ ফলীয়া মানুহ লৈ তাতে গোহাঞিসকলক বেৰি ধৰিলেগৈ। বাহঁগৰীয়া বুঢ়াগোহাঞি গোপনে ৰামৰায় ৰাজখোৱাৰ ঘৰেদি নগাওঁলৈ যাবলৈ ধৰোতে, তাতে ধৰি তেওঁক বন্দী কৰা হ'ল। তাৰ পাচত, কলিয়াবৰত সলাল বৰগোহাঞিৰ বাৰীত বাহগৰীয়া আতন বুঢ়াগোহাঞিক লালুকসোলা বৰফুকনে স্বয়ম্ভু ৰজাৰ ক্ষমতাৰে খোনা গোহাঞি চাওডাং বৰুৱাৰ দ্বাৰাই বধ কৰালে । ” ( 2 )
চুডৈফা স্বৰ্গদেৱ বন্দী :- বাহঁগৰীয়া বুঢ়াগোহাঞি প্ৰমুখ্যে ডা-ডাঙ্গৰীয়া আৰু বিষয়াদিক লালুকে নিজ ক্ষমতাৰে বধ কৰা শুনি,স্বৰ্গদেৱে গড়গঞা সন্দিকৈৰ পুতেকক ফুকন পাতি বুঢ়াফুকনক ধৰিবলৈ পাঁচিলে। পিচে, লালুকসোলা বৰফুকনে গড়গাঁৱলৈকে খেদি গৈ, তাতে স্বৰ্গদেৱ চুডৈফাক বন্দী কৰি থলে। ” (৩)
স্বৰ্গদেৱ চুলিকফা বা ল'ৰা ৰজা
চুডৈফা স্বৰ্গদেৱৰ লোকান্তৰৰ পাচত, চামগুৰীয়া ফৈদৰ চৈধ্য বছৰীয়া চুলিকফা কোঁৱৰক খ্ৰী:১৬৭৯ চনত ৰজা পতা হয়। হিন্দুমতে, চুলিকফা স্বৰ্গদেৱে ৰত্নধ্বজ নাম লয় (৪ । তেওঁ ল'ৰাকালতে ৰজা হৈছিল কাৰণে, তেওঁক 'ল'ৰাৰজা' নামেৰেও জনা যায় । ল'ৰা ৰজাক ৰজা পাতিয়েই লালুকসোলা বৰফুকনে তেওঁৰ হতুৱাই বন্দী চুডৈফা স্বৰ্গদেৱক বধ কৰালে। এই ৰাজত্বত লাইথেপেনা বৰগোহাঞি ভাঙ্গৰীয়া আৰু দীঘলা বুঢ়াগোহাঞি ডাঙ্গৰীয়া হয়; লালুকসোল৷ বৰফুকনৰ ভায়েক মৰঙ্গীক বৰবৰুৱা, লানমাখক চেটিয়াৰ নাতি বন্দৰ ৰাজখোৱাক বৰফুকন পতা হয়;লালুকসোলা বৰফুকনৰ পাঁচবছৰীয়া জীয়েক বৰকুঁৱৰী, ভায়েক ভাৰধৰাৰ বাৰ বছৰীয়া জীয়েক পৰ্ব্বতীয়া কুঁৱৰী হ'ল । (৫)"
(১), (২), (৩), “তুংখুঙ্গীয়া বুৰঞ্জী,” ১০-১২ পৃষ্ঠা।
(৪),(৫)মিল,-শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী"৭আৰু১২পৃষ্ঠা।