হৈ, আতন বাঁহগৰীয়া বুঢ়াগোহাঞি ডাঙ্গৰীয়াই তেওঁক ঘূণ লগাই ৰাজপাটৰ অযোগ্য কৰাত, স্বৰ্গদেৱে মনৰ ধিক্কাৰত শিলত মূৰ আফালি, খ্ৰীঃ ১৬৭৭ চনত, আত্মহত্যা কৰিলে। সেই সময়ত ডা-ডাঙ্গৰীয়া, ফা-ফুকন আৰু বৰুৱা-বিষয়াসকলৰ ভিতৰত অমিল থকাৰ কাৰণেই ৰাজকোঁৱৰসকলৰ এইদৰে অকালত আৰু অবাবত অপমৃত্যু ঘটিছিল।
স্বৰ্গদেৱ চুডৈফা
“ এতেকে অৰাজ্য হ’ল। পাত্ৰ-মন্ত্ৰী সবাৱে বাহঁগৰীয়া বুঢ়াগোহাঞিকে আৱৰি আছিল। গোহাঞয়েও তিনি পক্ষ ৰাজ্য ৰক্ষা কৰি আছিল। পাচে, গোহাঞে বোলে, ‘মন্ত্ৰীৰ ই কৰ্ম্ম অকাৰ্য্য'; এই বুলি বুঢ়াৰজাৰ মৈদামৰপৰা পৰ্ব্বতীয়া কোঁৱৰক আনিলে। ডেকা ৰজাৰ বংশ বুলি পাত্ৰ-মন্ত্ৰী সবাৱে সেৱা কৰিলে [১]।”
স্বৰ্গদেৱক বধিবৰ চেষ্টা:—“ৰঙ্গাচিলা ফুকনৰ পুতেক মেচা বৰবৰুৱাই লাহোৰ জী কুঁৱৰীক নিলে। স্বৰ্গদেৱে বুঢ়াগোহাঞিক সুধিব দিলে। পাচে সোধ-পোছ কৰি মেচাক ভাঙ্গি চক্ৰপাণিক বৰবৰুৱা পাতিলে। ভগা বৰবৰুৱা ভয়ত শৰাইঘাটলৈ পলাই গ’ল। তাৰ পাচত, ১৬০০ শকৰ বহাগ মাহত স্বৰ্গদেৱক চোৰে ঘালিলে, তথাপি মৃত্যু নহ’ল। বামহাতৰ বুঢ়া আঙ্গুলি ছেদ হ’ল, মুণ্ডত এঘা, হাততো এঘা, পিঠিতো এঘা, তলুৱাতো এঘা এই পাঁচ ঠাইত ঘালিলে, ৺দেৱ আয়ুসেহে জীলে। পৰশুৱা দা-খন মৰংঘৰতে এৰি চোৰ পলাই গ’ল। এই কাৰ্য্যৰ মূলত ভগা-বৰবৰুৱাকে সদেহ মানি থকা হ’ল।” [২]
বুঢ়াফুকনৰ বঙ্গালৰ সহায় ভিক্ষা:-“উজনিত বাঁহগৰীয়া বুঢ়াগোহাঞিৰ ক্ষমতালৈ ঈৰ্ষা কৰি, গুৱাহাটীত লালুকসোলা বৰফুকনে আপুনি শকত হৈ থাকিবৰ অভিপ্ৰায়ে বঙ্গালৰ ৰুটিখোৱা বাদুলিৰ জৰিয়তে মন্ছুৰ খাঁ নবাবলৈ তিনিটা মানুহ পঠিয়ালে। সেই তিনিটাই ক’লেগৈ, বোলে, উত্তৰে-দক্ষিণে দুশমান ঘোঁৰা, আৰু পানীয়ে দুকুৰিমান নাও আহি শৰাইঘাটত দেখা দিওকহি। বুঢ়াফুকনে গড় এৰি উজাই যাবগৈ। কিন্তু লালুকসোলা বুঢ়াফুকনক অচম ৰাজ্যৰ অধিকাৰী কৰিব লাগিব। এই কথা শুনি পাৎচাজাদাই বোলে, মই কবুল কৰিলোঁ অৱশ্যে মামুক (লালুক-সোলাক) অচমৰ ৰাজ্যৰ অধিকাৰী কৰিম। গুৱাহাটীৰ গড় এৰি দিবৰ নিমিত্তে চাৰিলাখ ৰূপকো দিব বুলিলে।” [৩]
চিন্তামণি গড়:— “বঙ্গাললৈ মানুহ পঠিওৱা কথা শৰাইঘটীয়া মানুহে বুঢ়াগোহাঞিলৈ জনাই পঠিয়ালে। শুনি, বুঢ়াগোহাঞি ডাঙ্গৰীয়াই বোলে; গুৱাহাটী আৰু চামধৰা এই দুই ঠাইত হাত-ভৰি পিছলিলে বহিবৰ ঠাই নেদেখোঁ। এই বুলি, স্বৰ্গদেৱক নিমিত্ত কৰি তুলসীজানৰ পৰ্ব্বতৰপৰা দিহিঙ্গত লগাই, সকলোৰে দোৱাল তুলি গড় এটা বান্ধিব দিলে। গড়ৰ নাম থলে লাইমতী; কিন্তু চিন্তামণি গড় বুলিহে প্ৰখ্যাত হ’ল।[৪]