নাতি চুপুংমুং কোঁৱৰক খ্ৰীঃ ১৬৬৩ চনত ৰজা পতা হয়। আহোম ৰাজসিংহাসনত উঠাৰ পাচত, তেওঁ হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁৰ ৰাজত্বৰ কালত মৰাণ-বুঢ়াগোহাঞি ফৈদৰ নাওবৈচা ফুকনক মাৰি বাহঁগৰীয়া আতন গোহাঞিক বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বিষয়-বাব দিয়া হয়।
নগা আৰু মিৰিৰ বিদ্ৰোহ :— ১৬৬৫ খ্ৰীষ্টাব্দত বানচঙ্গীয়া নগাই বানপৰীয়া নগাক আক্ৰমণ কৰেহি। বানপৰীয়া বিলাকে সেই আক্ৰমণ সহিব নোৱাৰি, আহোম স্বৰ্গদেৱত সহায় ভিক্ষা কৰেহি। সেই প্ৰাৰ্থনা মতে, এদল অসমীয়া সেনা গৈ উলটি অহাৰ পাচতে, সিহঁতে পুনঃ বানপৰীয়াক আক্ৰমণ কৰিলেহি। এইবাৰ বানচঙ্গীয়াহঁতক একেবাৰে তলতীয়া কৰি, সিহঁতৰ চাং দখল কৰিবৰ নিমিত্তে অসমীয়া সেনা পঠিওৱা হয়। সিফালে নগাহঁতেও বিশেষ আয়োজন কৰি লৈ ফেৰ পাতি ধৰিলে। শেহান্তৰত, নগাহঁত ৰণত ঘাটি শৰণাগত হলহি, আৰু তেতিয়াৰপৰা বানপৰীয়া আৰু বান্চঙ্গীয়া নগা সম্পূৰ্ণকৈ আহোম ৰজাৰ তলতীয়া হ’ল। সেই উৎপাত থমাবলৈ আহোম ৰজা ব্যস্ত হৈ থকাৰ সুবিধা লৈ মিৰিহঁতেও ডফলা আৰু চুটিয়াৰে সৈতে লগ লাগি এটা বিদ্ৰোহ তুলিছিল। কিন্তু, তাৰ জোখাই ইফালে আহোম ৰজায়ো আয়োজন কৰাত, ৰণ-বিগ্ৰহ নোহোৱাকৈয়ে সেই বিদ্ৰোহ আপুনি মাৰ গ’ল।
মুছলমানৰ ১২শ আক্ৰমণ বা শৰাইঘাটৰ ৰণ
স্বৰ্গদেৱ জয়ধ্বজসিংহই মিৰজুম্লাৰ লগত যুদ্ধত ঘাটি গড়গাঁৱত কৰা সন্ধিৰ সূত্ৰ মতে, ৰমণী গাভৰুৰ যৌতুকত দিয়া ধন-বস্তুত বাজেও, বছৰি ২০টা হাতী শোধাবলৈ আৰু পেচ্ কচৰ বাবে তিনি লাখ টকা চই দিবলৈ স্থিৰ হৈছিল। পিচে, স্বৰ্গদেৱে তেতিয়াই পেচ্ কচ আৰু হাতী সমুদায় উচল কৰি শোধাব নোৱাৰাত, ১৯০০০ টকা আৰু ৫০টা হাতী দিবলৈ বাকী থাকে। স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ দিনত সেই বাকী থকা পেচ্ কচ, সাধি গুৱাহাটীৰপৰা মুছলমানৰ ফৌজদাৰ ফিৰুজখাঁই কটকীৰ মুখে আহোম ৰজালৈ টান কথা কৈ পঠিয়ালে। (১) চক্ৰধ্বজ সিংহ বৰ সাহসী আৰু অভিমানী ৰজা আছিল; তেওঁ মুছলমানৰ বৰকথা সহিব নোৱাৰি, বাকী থকা চই নিদিওঁ বুলি, যুদ্ধ দিবলৈ প্ৰস্তুত হোৱাত, আওৰেঞ্জেৱ বাদচাহে তুৰন্তে আকৌ অসম দেশ আক্ৰমণ কৰিলে। পোনতে, এখন ৰণত মুছলমানৰ জয় হয়। তাৰ পাচত, চৈয়দ চানা আৰু চৈয়দ ফিৰুজ সেনাপতিক লগাই মুছলমানে বাহঁবাড়ী, কাঁজলিমুখ,ইটাখলি, বৰনদীমুখ আৰু গুৱাহাটী এই পাঁচ ঠাইত যুদ্ধ দিয়ে। সেই আটাইকেইখন যুদ্ধতে আহোমৰ হাতত মুছলমান বিষমৰূপে ঘাটিল। সেই ৰণৰ আহোম সেনাপতি মহাবীৰ লাচিত (২) ঘোঁৰা কোঁৱৰে মুছলমানক মানাহামুখলৈকে খেদি নি, তাৰপৰা চৈয়দ চানা আৰু চৈয়দ ফিৰোজক বন্দী
(১) “পৰে বাদসাহৰ ঠাইৰপৰা 'শিৰপাওঁ বঁটা' অহাত অথচ পাগ এটাত আলভাবে বাদসাহৰ পাও ওপৰে লিখি দিলে যে আমাৰ কৰতলীয়া হল, এ কাৰণে শিৰপাও মাথাত ধাৰণ কৰিম, নতুবা যুদ্ধকে কৰিম। এই কথাত স্বৰ্গদেৱে বৰ অপমান পালে।"-হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী",৪৮পৃষ্ঠা।
(২) লাচিত “মোমাই-তামুলী বৰবৰুৱাৰ সৰুটো পুতেক"।-শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী", ৪পৃষ্ঠা