স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ
নামেৰেও জনাজাত । এওঁৰ ৰাজত্বৰ কালত কেইবাজনো ডাঙ্গৰীয়া ভঙ্গা-পতা হোৱাৰ পাচত, থাওকক বুঢ়াগোহাঞিৰ বৰপুত্ৰ (১) চাওফ্ৰংডাম মৰাণৰ বুঢ়াগোহাঞি ফৈদৰ নাওবৈচা ফুকন ৰাজমন্ত্ৰী, লাঙ্গিচং বৰগোহাঞি আৰু ভগা-বৰপাত্ৰগোহাঞি এই কেইজনা নতুনকৈ ভাঙ্গৰীয়া হয়।
মিৰজুম্লাৰ গড়গাঁও দখল বা মুছলমানৰ ১১শ আক্রমণ : – যোগীঘোপাত ৰচিদ খাঁ পৰাস্ত হোৱাৰ সংবাদ পাই, সম্রাট আওৰেঞ্জেবৰ প্ৰতিনিধি বঙ্গৰ শাসনকৰ্ত্তা নবাব মজুম-খাঁ মিৰজুম্লাই বিষম আক্রোশেৰে, খ্ৰী: ১৬৬১ চনত, আহোম ৰাজ্য আক্রমণ কৰেহি (২)। মুছলমান সেনাপতিয়ে যোগীঘোপা, শ্ৰীঘাট আৰু গুৱাহাটী দখল কৰি, উজাই নুমলীগড় পালেহি। তাতে আহোম স্বৰ্গদেৱৰ এটা কোঁঠ আছিল। মুছলমানৰ সেনা চমু চাপিব দেখি, সেই কোঁঠ ৰখীয়া ২০০০ অসমীয়া সেন৷ ৰাতিয়েই পলাই ফাট্ মাৰিলে ৷মিৰজুম্লাই ৰণ নকৰাকৈয়ে সেই কোঁঠ হাত কৰি, গড়গাঁৱলৈ চোঁচা ললে । মুছলমান সেনা গৈ নগৰ সোমালত, জয়ধ্বজ সিংহ স্বৰ্গদেৱ চৰাইদেও পৰ্ব্বতলৈ 'ভাগি' যায় । নগৰৰপৰা ভাগি যোৱাৰ কাৰণে, তেওঁক “ভগনীয়া ৰজা" নামেৰেও জনা যায় ৷ পিচে, মিৰজুম্লাই অবাধে নগৰ অধিকাৰ কৰি তাতে নিগাজীকৈ বাহৰ পাতিলে । খ্রীঃ : ১৬৬২ চনত যেতিয়া বাৰিষাই ঘোৰ মূৰ্ত্তি ধৰি দেখা দিলেহি, তেতিয়া মুছলমান সেনাক নানা তৰহৰ অসুবিধাই বেৰি ধৰিলে। তাৰ উপৰিও, জহনী ৰোগত ভালেমান মোগল সৈন্যৰ মৃত্যু হয়। সেই ছেগতে জয়ধ্বজ সিংহ স্বৰ্গদেৱে কিছুমান সৈন্য লগত লৈ, মুছলমান সেনাক বেৰি ধৰিলেহি। মিৰজুম্লাই বিষম সঙ্কটত পৰি সন্ধিৰ প্ৰস্তাৱ কৰিলে (৩) ।স্বৰ্গদেৱে তেওঁৰ প্ৰস্তাৱত মান্তি হৈ, ১০০ বন্দী, ১০০ বেটী, ৪০টা হাতী, ২০০০০ কুৰি হাজাৰ তোলা সোণ, তাৰ ছগুণ ৰূপ, ছজন বিষয়াৰ ল'ৰা, এইবিলাক যৌতুকত দি, ৰাজ- জীয়ৰী ৰমণী গাভৰুক সালঙ্কৃতাকৈ দিল্লীৰ পাৎছাহত বিয়া দিবলৈ বুলি আগ বঢ়ালে।তাৰ ওপৰঞ্চিকৈ ৰছৰি ২০টা হাতী, পেচ্ কচৰ ৰাবে তিনি লাখ টকা আৰু ৯০টা হাতী চই শোধাবলৈ গাত ললে। মিৰজুম্লাই তাতে সন্তুষ্ট হৈ, তেওঁ দখল কৰা কোঁঠ ৰাজ্য এৰি দি আইদেউ ৰমণী গাভৰুক যথা সন্মানেৰে পাৎছাহত বিয়া দিবৰ কাৰণে লগত লৈ দিল্লীলৈ উলটি গ'ল। খ্ৰীঃ ১৬৬৩ চনৰ ৯ জানুৱাৰীত এই সন্ধি হয় (৪)। কিন্তু, তাৰ আগেয়েই আহোম স্বৰ্গদেৱসকলৰ মৈদাম খনাই মিৰজুম্লাই বিস্তৰ ধন-সম্পত্তি আহৰণ কৰি লয় । (৫)
হিন্দু গুৰুৰ শৰণীয়া হৈ, মুঠেই ৯ বছৰ কাল ৰাজত্ব কৰাৰ পাচত, খ্ৰী: ১৬৬৩ চনত,স্বৰ্গদেৱ জয়ধ্বজসিংহ স্বর্গী হয় ।
স্বৰ্গদেৱ চুপুংমুং বা চক্ৰধ্বজ সিংহ
স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ পাচত, তেওঁৰ পুতেসকলৰ চৰিত্ৰ ভাল নেদেখি, ডাঙ্গৰীয়া-সকলে সিবিলাকৰ এজনকো ৰজা মনোনীত নকৰিলে। সেই কাৰণে, দেওৰজাৰ
(১)হৰকান্ত বৰুৱাৰ 'আসাম বুৰঞ্জী”, ১৫ পৃষ্ঠা। (২)মিল:- Sir Edward Gait's "History of Assam", Page 198. (৩) এই সন্ধি-প্ৰস্তাৱেই "শৰাইঘাটৰ ৰণৰ "আঁতিগুৰি। (৪)মিল:-Sir Edward Gait's "History of Assam," Page 188-89. (৫) মিল:- "বিবিধ খণ্ড-বুৰঞ্জী," Edited by Rai Bahadur S.K.Bhuyan, Page 167-68