স্বৰ্গদেৱ চুৰম্ফা আৰু চুত্যিঙফা
স্বৰ্গদেৱ চুচেংফাৰ বৰপুত্ৰ চুৰম্ফা কোঁৱৰ খ্ৰী: ১৬৪৯ চনত ৰজা হয়। তেওঁৰ ৰাজত্বৰ আৰম্ভণতে প্ৰধান ৰাজনীতিজ্ঞ পুৰুষ বিখ্যাত মোমাইতামুলী বৰবৰুৱাৰ মৃত্যু হোৱাত, লাকো বৰপাত্ৰ গোহাঞি-ডাঙ্গৰীয়াৰ পুতেক লাহো গোহাঞিদেৱক বৰবৰুৱা পতা হয় (১)। চুৰম্ফা স্বৰ্গদেৱ বৰ তিৰোতাসেৰুৱা লোক আছিল। তেওঁ নিজৰ কুঁৱৰীৰ কথা মতে ৰাজ্যত ভালেমান অন্যায়-উপদ্ৰৱ কৰাত ডাঙ্গৰীয়াসকলে তেওঁক ভাঙ্গি পুতেক চুত্যিঙফা কোঁৱৰক ৰজা পাতে। সেই আলমতে চুৰম্ফা স্বৰ্গদেৱক “ভগা-ৰজা” নামেৰেও জনা যায় (২)। চুৰম্ফা স্বৰ্গদেৱে তিনি বছৰ মাথোন ৰাজত্ব কৰিবলৈ পায়। সেইদৰে ৰজা ভগাৰ পাচতো কেনেবাকৈ বিদ্ৰোহ ঘটায় বুলি, ডাঙ্গৰীয়াসকলে তেওঁক চক্ৰান্তৰ ওপৰত বধ কৰালে। চুত্যিঙফা স্বৰ্গদেৱৰ দিনত কেইবাজনো ডাঙ্গৰীয়া ভঙ্গা-পতা কৰা হয়। সেই কথাত ডাঙ্গৰীয়াসকল তেওঁৰ ওপৰত বৰ বিতুষ্ট আছিল। পিচে, তেওঁৰ নিজৰ পুতেক চুখাম্লা কোঁৱৰে শুকুলাহুদু বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰে সৈতে ষড়যন্ত্ৰ কৰি, দুবছৰ মাথোন ৰাজত্ব কৰোঁতেই, ১৬৫৪ চনত তেওঁক ভাঙ্গি ৰাজপাট কাঢ়ি লয়। আৰু, ৰজা ভগাৰ পাচত, ভৱিষ্যতে বিদ্ৰোহ ঘটোৱাৰ আশংকা কৰি, ডাঙ্গৰীয়া-সকলে তেওঁক চক্ৰান্তৰ ওপৰত বধ কৰায়।
ডফলা ৰণ : – চুত্যিঙফা স্বৰ্গদেৱৰ ৰাজত্বত কেইবাখনো চুৰচুৰীয়া ৰণ আৰু বিদ্ৰোহ হৈছিল; তাৰ ভিতৰত ডফলা ৰণেই প্ৰধান। ১৬৫৩ খ্ৰীষ্টাব্দত, স্বৰ্গদেৱে সৈন্য-সামন্ত দি, বুঢ়াগোহাঞি আৰু বৰপাত্ৰগোহাঞি ভাঙ্গৰীয়া দুজনাক দিক্ৰং (৩)নৈয়েদি উজাই ডকলা পৰ্ব্বত দখল কৰিবলৈ পাচিছিল। পিচে, ডফলাহঁতে ঠেকত পেলাই লৈ, বহুত অসমীয়া সেনা বধ কৰি, ডাঙ্গৰীয়াসকলক উলটি আহিবলৈ বাধ্য কৰিলে। সেই বাবে স্বৰ্গদেৱে সিবিলাক দুজনক ভাঙ্গি আন দুজনক ডাঙ্গৰীয়া পাতি আকৌ ডফলাহঁতক আক্ৰমণ কৰিবলৈ পাচিলে। ডফলাহঁতেও মিৰিহঁতৰে সৈতে লগ লাগি ফেৰ পাতি ধৰিছিল; কিন্তু এইবাৰ ঠাৱৰিব নোৱাৰি ডফলা আৰু মিৰিহঁত আহোম ৰজাৰ শৰণাগত হ’লহি।
কছাৰী ৰজাৰ লগত মনোবাদ:- চুৰাম্ফা স্বৰ্গদেৱৰ দিনত কছাৰী ৰজাৰে সৈতে যি মনান্তৰ ঘটিছিল, সি ক্ৰমাৎ বহল হৈ বাহিৰে ব্যাপ্ত হবলৈ ধৰিলে। সেই প্ৰসঙ্গত
(১) “কছাৰী ৰজাই ত্যাওফা চূৰম্ফা ৰজাদেৱ ৰজা হব শুনি সন্দেশ-পত্ৰ দি কটকী পঠালে। পূৰ্ব্বৰ ফুকন চাব গুচাই সিংহ চাব দিলে। ’পূৰ্ব্বাপৰ তহঁতৰ পত্ৰত ফুকন-চাব হে দিয়ে, এতিয়া কিয় সিংহ-চাব দিব’ এই দায় ধৰি লাকো বৰপাত্ৰ- গোহাঁয়ে কছাৰী মজিন্দাৰকে চেটিয়া দলৈকে গতিয়াই খেদিলে। তাৰেপৰা আমাৰে আৰু কছাৰীৰে অপ্ৰীতি হ'ল।” – “দেওধাই অসম বুৰঞ্জী”, ৭৯ পৃষ্ঠা।
(২) “ভঁৰালী চেটিয়াৰ ফৈদৰ পেটকামূৰীয়াৰ জীয়েক এটী চুটিয়া ৰজাত পৰিছিল। চুটিয়া ৰজাক মাৰি এই ছোৱালীটাকে ৰজাদেৱে আনি গৃহবাস কৰিলে। এই কুঁৱৰীৰে কিঞ্চিৎ বচন পেলাব নোৱাৰে আৰু কুঁৱৰীৰ নিমিতে ৰাজচৰ্চ্চাকো কৰিব নোৱাৰে। (সেই আপাহতে) মৰাণ-বৰুৱাৰ লাকো বৰপাত্ৰগোহাঁইৰ দিলিহিয়াল,শুকুলাহুদু বুঢ়াগোঁহাই, পৰ্ব্বতীয়া পিলিঙ্গা বৰগোহাঞি, তিপাম ৰজা, কিনাৰ ভাই পানী ফুকন, এই সকলে’’ যুক্তি কৰি স্বৰ্গদেৱ চুৰম্ফাক ভাঙ্গি চ্যুতিংফা কোঁৱৰক ৰজা পাতিলে। - "দেওধাই অসম বুৰঞ্জী", ৮০ পৃষ্ঠা।
(৩) দিক্ৰং নৈ উত্তৰ-লক্ষীপুৰৰ লালুক আৰু বিহপুৰীয়া মৌজাৰ মাজেদি বৈছে।