পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহোম ৰজাৰ কৰ-কাটলীয়া ৰজা পতা হৈছিল, আৰু ভায়েক গজনাৰায়ণক বেলতলাৰ ৰজা পতা হৈছিল, তাৰ পৰিশেষ বিবৃতি কোচ ৰজাৰ ৰাজ্যৰ বিবৰণৰ লগত বহলাই দিয়া হৈছে। সেই মতে, এই ৰাজত মুছলমানৰ লগত ভালেমান যুদ্ধ-বিগ্ৰহ হৈ, সদৌশেহত ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলিকে আহোম আৰু মুছলমান ৰাজ্যৰ মাজসীমা পাতি সন্ধি স্থাপন কৰা হয়। ইয়াত বাজেও, সত্ৰাজিতৰ অসম আক্ৰমণ, নিমিষা গজৰ যুদ্ধ, হাজোৰ যুদ্ধ, পাণ্ডুৰ যুদ্ধ, আগিয়াঠুটিৰ যুদ্ধ, শোৱাল-কুচিৰ যুদ্ধ, কাজলীৰ যুদ্ধ, ভৰলীৰ যুদ্ধ, চামধৰাত যুদ্ধ, এইবোৰ ৰণত আহোম-মুছলমানৰ জয়-পৰাজয় চলিছিল (১)।

 কছাৰী-ৰণ:-জয়ন্তীয়াৰ ৰজা যশমাণিকৰ জীয়েকক আহোম স্বৰ্গদেৱে বিয়া কৰোৱা প্ৰসঙ্গত কছাৰী ৰজা প্ৰতাপনাৰায়ণৰ লগত মনোবাদ উপস্থিত হয়। সেই আপাহতে এখন কছাৰী ৰণ লাগে। ৰণত বৰগোহাঞি আৰু নাওবৈচা ফুকন পৰিল;কছাৰী জিকিল। সেই কথাত অতিকৈ কুপিত হৈ, লাকো বৰপাত্ৰক ঘাই সেনাপতি পাতি, ১৬০৬ খ্ৰীষ্টাব্দত স্বৰ্গদেৱ চুচেংফাই কপিলী নৈয়েদি উজাই ৰহালৈ সৈন্য পঠিয়াই, দৈয়াং-কপিলীমুখত এখন ঘোৰতৰ ৰণ পাতে। কছাৰীবিলাক ৰণত ঘাটি মায়বঙ্গলৈ পলাই যায়। স্বৰ্গদেৱে ৰহাৰ ওচৰৰ কছাৰী ৰাজ্য দখল কৰি তাত সোন্দৰ মৰাণ-বুঢ়াগোহাঞিক শাসনকৰ্তা পাতিলে। পিচে সোন্দৰ গোহাঞিৰ পুতেক আখেক গোহাঞিৰ কু-পৰামৰ্শত কাৰ্য-শিথিলতা হোৱাত, কছাৰীৰিলাকৰ আকৌ গা উঠিল; কছাৰীয়ে ভীমদৰ্পক সেনাপতি লৈ, আহোমক আকৌ আক্ৰমণ কৰেহি। সোন্দৰ গোহাঞি ৰণত পৰিল। সেই সময়তে মুছলমানৰো আক্ৰমণৰ আগন্তক জানি, আহোম ৰজাই কছাৰী প্ৰতাপনাৰায়ণলৈ এগৰাকী আহোম গাভৰুক বিয়া দি তেওঁৰে সৈতে মিত্ৰতা কৰিলে। (২)।

 কোচ ৰজাৰ লগত সম্বন্ধ:— কছাৰী-ৰণ অন্ত পৰাৰ পাচতে, মুছলমানৰ আক্ৰমণত সহায় পাবৰ আশাৰে, ১৬৩৮ খ্ৰীষ্টাব্দত, কোঁচ ৰজা পৰীক্ষিত নাৰায়ণে তেওঁৰ মঙ্গলদৈ নামেৰে জীয়েকক চুচেংফা স্বৰ্গদেৱলৈ বিয়া দি মিত্ৰতা কৰে।

 বুদ্ধিস্বৰ্গনাৰায়ণৰ ৰাজত্বতে আহোম ৰজাৰ নামত “ৰজা-ৰূপ” আৰু সোণৰ মোহৰ পোনপ্ৰথমে সাঁচত মৰোৱা হয়। আহোম ৰজা আঠচুকীয়া সৌমাৰ দেশৰ অধিপতি আছিল কাৰণে, সেই ৰূপ আৰু মোহৰ আঠচুকীয়াকৈ সাঁচত মৰা হৈছিল। ইয়াত বাজেও, স্বৰ্গদেৱে নিজৰ বুদ্ধি আৰু পৰাক্ৰমৰ বলত, নতুন বিষয়াদি পাতি আৰু ভালেমান লাগতিয়াল আলি, গড়, দ'ল, পুখুৰী আদি কৰাই সমাজ আৰু ৰাজ্যৰ অশেষ উন্নতি সাধি চিৰস্মৰণীয় কীৰ্ত্তি ৰাখিলে। তলত তাৰ প্ৰধান প্ৰধান কেইটামানৰ বিষয়ে চমুকৈ কোৱা যায়:—

 নতুন বিষয়া:— আহোম কটকী স্বভাৱতে হোজা কাৰণে, বিদেশলৈ ৰাজবাতৰি নিয়া অনাৰ সুচল কৰিবৰ অৰ্থে,বামুণ কটকী পাতিবলৈ নিয়ম কৰা হয়। আৰু সেই


(১) মিল:—"দেওধাই অসম বুৰঞ্জী"৫৬-৭৭ পৃষ্ঠা। (২) মিল:— Sir Edward Gait's "History of Assam" Page 106-7