উপদ্ৰৱ (ঘ);১৫৬৯ খ্ৰীষ্টাব্দত মহাপুৰুষ শঙ্কৰদেৱৰ তিৰোভাৱ; ১৫৭৪ খ্ৰীষ্টাব্দত ৰাজ্যজুৰি বসন্ত ৰোগৰ প্ৰকোপ; ১৫৭৬ খ্ৰীষ্টাব্দত নৰা-ৰজাৰ আক্ৰমণ (ঙ); ১৫৯৬ খ্ৰীষ্টাব্দত ভয়ঙ্কৰ ভূমিকম্প এইবিলাক ঘটনা প্ৰধান। ইয়াত বাজেও, স্বৰ্গদেৱৰ সাংসাৰিক জীৱনত
সততে অসুখ-অশান্তি নুগুচিছিল।
চুচেংফা বা বুদ্ধিস্বৰ্গনাৰায়ণ বা প্ৰতাপসিংহ:— স্বৰ্গদেৱ চুখাম্ফাৰ পাচত, তেওঁৰ বৰপুত্ৰ চুচেংফা কোঁৱৰ, খ্ৰী: ১৬১১ চনত আহোম ৰাজসিংহাসনত উঠে। তেওঁ স্বয়ং প্ৰচণ্ডভাৱে ৰণ-বিগ্ৰহাদি চলোৱাৰ বাবে তেওঁক প্ৰচণ্ডসিংহ বা প্ৰতাপসিংহ, আৰু মহা বুদ্ধিমন্ত আছিল কাৰণে, হিন্দুমতে তেওঁক বুদ্ধিস্বৰ্গনাৰায়ণ নাম দিয়া হৈছিল; বুঢ়াকালত ৰজা হোৱা বাবে তেওঁক বুঢ়া-ৰজা নামেৰেও জনা যায়। তেওঁৰ ৰাজত্বৰ কালত থক্বক্ বুঢ়াগোহাঞি ডাঙ্গৰীয়া আৰু মৰাণৰ বুঢ়াগোহাঞি থাওৰুক ডাঙ্গৰীয়াৰ দ্বিতীয় পুত্ৰ কন্ কাই গোহাঞিবৰুৱাৰ বংশৰ লাকো বৰপাত্ৰগোহাঞি-ডাঙ্গৰীয়া এই দুজনাই ক্ৰমান্বয়ে প্ৰধান মন্ত্ৰীৰ বাব পাইছিল (১)।
মুছলমানৰ ৯ম আৰু ১০ম আক্ৰমণ :- বুদ্ধিস্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ ৰাজত্বৰ কালতে মুছলমানৰ ৯ম আৰু ১০ম আক্ৰমণ হয়। এই দুই আক্ৰমণে কেনেকৈ কোঁচ ৰাজ্যত তোলপাৰ লগাইছিল, আৰু অসমীয়া সেনাই মুছলমানক যুদ্ধত ঘটাই কেনেকৈ কৰতোৱালৈকে ৰাজ্য বিস্তাৰ কৰি, কোঁচ ৰজা বলিতনাৰায়ণক ধৰ্ম্মনাৰায়ণ নাম দি
অধিকাধিক প্ৰীতিগোট চলি গৈছে; এই জানি তোমাৰ আমাৰ দুই ৰাজ্যে কুশলে যেনেৰূপে বহিব,সেইৰূপে আপুনি নিবন্ধ কৰি ৰাজ্য লওক, আমাকো দিওক। এই কথা শুনি যেমনে সৰ্ব্বজনে প্ৰশংসা কৰে,তাকে আচৰিব।'পাচে কোঁচ ৰজাও প্ৰীতি হৈ লোহিতে আপোনাৰ দেশলৈ ভটিয়াই গ'ল; আমাৰ সৈন্যবোৰ ৰণৰ ঠাইৰ পৰা উলটি আহিল।" -"দেওধাই অসম বুৰঞ্জী",৪২ পৃষ্ঠা।
(ঘ) "ৰজাদেৱে তিনজনা ডাঙ্গৰীয়াৰ পঠাই চিনাতালত গড় বান্ধিব দিলে; আৰু বৰগোহাঞি পৰীয়া লাঙ্গু গুণমালাক ৰাজ-নেওগ পাতিলে। এনেতে চুটিয়াই আহি আমাৰ খেৰেম, নামকক দুই ৰাজ্য ভাঙ্গিলেহি। পাচে ৰজাদেৱৰ দদায়েক চুলেং তিপাম-ৰজা গৈ চুটিয়াৰে যুদ্ধ ধৰিলেগৈ। তিপাম-ৰজা উঠা হাতীত চুটিয়াই তিনিপাত কাঁড় মাৰি লগালত বলে নোৱৰা হেন দেখি তিপাম-ৰজা দিহিং পাৰ হৈ হুঁহকি আহিল।” —“দেওধাই অসম বুৰঞ্জী”, ৪৬ পৃষ্ঠা।
(ঙ)"ৰজাদেৱে চিৰিংসকলৰ হাতত জোৰণ দি (জোৰণৰ বস্তু – সোণৰ খাৰু এযোৰ, কৰ্ণবালা এযোৰ, বাখৰপতা বিৰি দুধাৰ, ডিঙ্গিৰ চেও দুধাৰ, হাতৰ চেও দুধাৰ, বাখৰাম আঙ্গঠি ১০, উজণ্টা ১৪, ভৰিৰ চেও ২, কাপোৰ দুসাজ ) নৰা ৰজাৰ ওচৰত জীয়ৰী খুজি পঠালে। নৰা ৰজাই হাতী ১, ঘোঁৰা ১, বেটী ৪০, বন্দী ১২০, আৰু অনেক বস্তু যৌতুকত দি নিজৰ ভনীয়েক গাভৰু-ৰজাক আহোম স্বৰ্গদেৱত দিয়া দিবলৈ পঠালে। এইভাৱে দুই ৰজাৰ মাজত মিত্ৰতা দৃঢ়তৰ হল। পিচে, ১৪৯৮ শঁকত আহোম স্বৰ্গদেৱে নৰা-ৰজাৰ জীয়েকক ফুচুলাই আনিবলৈ তিনিজন চিৰিং পঠালে। নৰা ৰজাই গম্ পাই সেই তিনি চিৰিং কটকীক মাতি আনি বুলিলে,'পুলিন পুথাওৰ দিনত এনে কথা নহ'ল, এতিয়া নিকি এনে কথা হব? হাতীৰ দন্ত ওলালে হেঁচুকিলে নিকি সোমায়? ডাঙ্গৰ লোকৰ বচন এনে হব নালাগে। পূৰ্ব্বতো আপোনাৰ ভনীক দিছোঁ; আকৌ যে জীক পলুৱাই নিবলৈ আহিছ। তোৰ ধ তোৰ ৰজা এনে অযোগ্য বচন শিকাব পায়নে? এই বুলি তিনি কটকীৰ বুকু চিৰি আগ-মাংস কোৱা-চিলাক দিলে। পাচে নৰা-ৰজাই আহোম ৰজা কৰুন, খেৰেম, নামকক ভাঙ্গিলেহি। সেই আলমতে দিহিঙ্গৰ কাখৰত কাষত এখন তয়াময়া ৰণ লাগিল; নৰা-ৰজাৰ মানুহ বিস্তৰ পৰিল। নৰা-ৰজায়ো ভাগি গৈ পৰ্ব্বতত উঠিল।"-"দেওধাই অসম বুৰঞ্জী " ৪৮, ৩৯, ৫০ পৃষ্ঠা।
(১)মিল:-হৰকান্ত বৰুৱাৰ"আসাম বুৰঞ্জী",৩৪ পৃষ্ঠা।