পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাখি এইবাৰ ড° গোহাঁইৰে সম্পাদনাত জ্যোতিপ্ৰসাদৰ নাটকখিনিৰ একত্ৰ সঙ্কলন আৰু শিশু- কবিতাসহ গীতখিনিৰ নতুন সংস্কৰণ প্ৰকাশ কৰা হ'ব।

 ভাবৰ আদান-প্ৰদান আৰু বিস্তাৰ-বিকাশত অনুবাদ-কৰ্মই এক মুখ্য ভূমিকা গ্ৰহণ কৰে। ইতিপূৰ্বে অসম প্ৰকাশন পৰিষদে এক সংখ্যক শ্ৰেষ্ঠ গ্ৰন্থ অসমীয়ালৈ অনুদিত কৰিছে। এই বছৰত আমি বাৰ্ট্ৰাণ্ড ৰাছেল,এ.এইছ.কাৰ,ইৰাৱতী কাৰ্ভে,এ.এল.বাশ্বাম আদি বুদ্ধিজীৱী-লেখকৰ গ্ৰন্থ অনুবাদ কৰিবলৈ লৈছো।

 গুণাভিৰাম বৰুৱাৰ 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ'ৰ ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীয়ে আৰু হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা 'এশ বছৰৰ অসমীয়া কবিতা'ৰ নিৰ্বাচিত এক সংখ্যক কবিতাৰ প্ৰদীপ আচাৰ্যই ইংৰাজীলৈ কৰা অনুবাদে অনা-অসমীয়া ভাষী পাঠকৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিব পাৰিব বুলি আমাৰ বিশ্বাস।

 আশা কৰো সৰ্বস্তৰৰ পাঠকে অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ পূৰ্ববৎ আঁকোৱালি ল'ব।


গুৱাহাটী        লক্ষ্মীনাথ তামুলী আই.এ.এছ

আগষ্ট ২০০৪         সচিব

          অসম প্ৰকাশন পৰিষদ