নোৱাৰি ফিৰিঙ্গতি ওফৰাদি উফৰি পলাবলৈ ধৰিলে। সদৌশেহত, কনচেং ডাঙ্গৰীয়াই নিজৰ হাতৰ অন্ত্ৰেৰে তুৰ্ব্বকৰ মূৰ কাটি হাতত ললে, আৰু পাঠানবিলাকক কৰতোৱা নৈ পাৰ কৰি খেদি থলেগৈ। মুছলমানৰ বহুত হাতী, ঘোঁৰা, বন্দুক আদি বিস্তৰ যুদ্ধৰ আহিলা আহোম সেনাই হাত কৰিলে। এয়ে অসমলৈ বন্দুকৰ প্ৰথম আমদানী (১)। পলাব নোৱাৰা এহেজাৰমান পাঠান সেনা আহোমৰ হাতত বন্দী হল, কনচেং ডাঙ্গৰীয়াই কৰতোৱাতে অস্ত্ৰ ধুই যুদ্ধত জয়ী হোৱাৰ চিন স্বৰূপে সেই নৈৰ পাৰত দৌল আৰু পুখুৰী কৰালে। ইয়াৰ পাচত, স্বৰ্গদেৱে নিজৰ পিতৃবীৰ্য্যৰ কনচেং ডাঙ্গৰীয়াৰ বীৰোচিত কাৰ্য্যত বৰ সন্তষ্ট হৈ, তেওঁক অতি আদৰেৰে প্ৰধান মন্ত্ৰী পাতিলে।
মৰীয়াঃ-ওপৰত কোৱা মুছলমানৰ ৬ষ্ঠ, আক্ৰমণৰ যুদ্ধত বন্দী কৰি অনা পাঠানবিলাকক পোন্-প্ৰথমে ৰজাৰ হাতী-ঘাঁহী পতা হয়। সিহঁতে আগেয়ে হাতী নেদেখাৰ কাৰণে নেকি, হাতীক নেগুৰৰ ফালৰপৰা ঘাঁহ গুজিবলৈ ধৰে। সেই কাৰণে, হাতীৰ কাম নাজানে বুলি ভাবি, ঘাঁহীৰপৰা নি, সিহঁতক ৰজাৰ হাতত কাম কৰিবলৈ লগোৱা হয়। তাতো, সিহঁতে নিলগৰপৰা বোকা আনি কঠীয়া ৰুই এবছৰ খেতি কৰে। সেই এবছৰৰ ভিতৰত ৯০০ মানুহৰ খেতিত ৬০০ পুৰা মাথোন ধান পোৱা গ'ল (২)। সদৌশেহত, ৰজাই সিহঁতক একেবাৰে অকামিলা ভাবি এৰি দিলে। আৰু, পাচলৈ সিহঁতে পিতলৰ লোটা, কলহ, চৰিয়া আদি সঁজুলি গঢ়ি তাকে সলাই ভাত-মোকলাবলৈ ধৰিলে। অসম দেশৰ 'মৰীয়া' জাতিৰ উৎপত্তি এয়ে।
ওপৰত কোৱাৰদৰে প্ৰৱল প্ৰতাপেৰে ৩২ বছৰ ৰাজ কৰাৰ পাচত, স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ খ্ৰী: ১৫৩৯ চনত স্বৰ্গী হয়। এইজনা স্বৰ্গদেৱৰ সুদীৰ্ঘ ৰাজত্বৰ কাল নানা ঘটনাপূৰ্ণ আছিল, আৰু তেওঁৰ ৰাজৰ কালত আহোম ৰাজ্যৰ ভালেমান উন্নতি হৈছিল। “সৌমাৰেশ্বৰৰ কামৰূপ দখল” আৰু “গৌৰেশ্বৰৰে সৈতে মিত্ৰতা" এই দুটা চুহুম্মুং স্বৰ্গদেৱৰ ৰাজত্বত বৰ লাগতিয়াল ঘটনা (৩)। সদৌশেহত, “পিতা-পুত্ৰৰ
পালেঃ সোণ পালে এপেৰা। পেৰাৰ জোখ-দীঘলে এহাত, পথালিয়ে এবেগেত দুই আঙ্গুল। ৰূপ পালে ৪০ চলা। তিপাম-ৰজা, চাৰিং-ৰজা, ও সকলো ডাঙ্গৰীয়া সৈতে উজাই আহি বিশ্বনাথৰ শিলনিত এই দ্ৰব্যে ভেঁটি ৰজাদেৱক সেৱা কৰিলেহি। - “দেওধাই অসম বুৰঞ্জী”, ৩১ পৃষ্ঠা।
(১) “লুপুত বঙ্গালৰ অভিযান - লুপুত নামেৰে বঙ্গাল এটা আঢ়ৈকুৰি নাৱেৰে মাঘতে লুইত
ওলালহি। কংচেং, খাওমুং এই দুয়ে উজিৰক টেমনিত লগ পালেগৈ। তাতে বৰ যুদ্ধ লাগিল। উজিৰে যুদ্ধে নোৱাৰি নাও এৰি ঘোঁৰাত উঠি তৰে পলাল।** আমাৰ লোকে খেদি নি খাগৰিজান ঠেকালেহি। ৰণ জিনি বৰপাত্ৰ প্ৰমুখ্যে ডাঙ্গৰীয়াসকলে বঙ্গালৰ পালে ঘোঁৰা ১০০ জীয়াই, কাটিলে বিস্তৰ, হিলৈয়ো বিস্তৰ পালে।” - “দেওধাই অসম বুৰঞ্জী”, ২৭ পৃষ্ঠা। - এয়ে বন্দুকৰ দ্বিতীয় আমদানী।
(২) “ন-শ মানুহে ছ-শ ধান আৰ্জ্জিলোঁ; হয় মহাৰাজ গুণ হব, নহয় মহাৰাজ ধৰম হেন বস্তু কলৈ যাব?” এই বচন ফাঁকিৰ আঁতিগুৰিও ইয়াতেই।
(৩) আত পাচে ১৪৫৬ শঁক। সেই সময়ত গৰ্গঞা ৰাজা, বৰগোহাঞি তনখাম বুঢ়াগোহাঞি, কুলংথাম কমতেশ্বৰৰ মিত্ৰতা অৰ্থে এক লাখ এক হাজাৰ ঠাটেৰে নাওএৰে গৈ কামৰূপক শ কৰি ললে৷* ৰণ কৰি কৰতিৱা গঙ্গাত খাণ্ডা পখালিলে৷ তাৰেপৰা, গোৰেশ্বৰলৈ তাংখাং চেত্যাক দূত পঠালে৷ সিবোৰেও এক হাজাৰ ঠাঠেৰে অনেক সম্ভাৰ লৈ গ’ল৷ পাচে গৌৰেশ্বৰে অপূৰ্ব্ব সন্দেশ দেখি ভাল