পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
অসমৰ বুৰঞ্জী

 ৬। কছাৰী ৰণ :-১৫৩১ খ্ৰীষ্টাব্দত আহোম ৰজাই তিপাম-ৰজা, চাৰিং-ৰজা, নামৰুপীয়া ৰজা, সৰুজনা গোহাঞি আৰু ডা-ডাঙ্গৰীয়াসকলক সসৈন্যে পঠিয়াই মৰঙ্গিত এটা কোঁঠ মৰায়। সেই কথাত অসন্তুষ্ট হৈ, কছাৰী ৰজা খুন্‌খৰাই কোঁঠ ভাঙ্গি আহোমক তাৰপৰা খেদি দিবৰ কাৰণে ভায়েক নেওচাক সসৈন্যে পঠিয়ায়। মৰঙ্গিত দুয়োপক্ষৰ মাজত এখন তয়াময়া ৰণ লাগে। ৰণত কছাৰী ঘাটিল। নেওচা চাৰিং ৰজাৰ হাতত কটা গ’ল। বাকী কছাৰী সেনাপতি আঠজনে আঠখন হেঙ্গদান এৰি ৰণত ঘাটি পলাবলৈ ধৰিলে। আহোম সেনাই সিবিলাকক খেদি নি কছাৰী ৰাজধানী ডিমাপুৰ সোমালেগৈ। তাতে এখন ডাঙ্গৰ ৰণ লাগিছিল। কছাৰী ৰজা খুন্‌খৰা সেই ৰণত ঘাটি পলালত, আহোম সেনাপতিয়ে নেওচুং নামেৰে এজন কছাৰী কোঁৱৰক ডিমাপুৰত ৰজা পাতি, তেওঁক আহোম ৰজাৰ কৰ-কাটলীয়া ৰজা কৰিলে। (১)

 ৭। মুছলমানৰ ৬ষ্ঠ আক্ৰমণ বা দিকৰাইমুখৰ ৰণ:— যোৱা বাৰত জয়ী হৈ মন বঢ়াত, তুৰ্ব্বক, শ্ৰীঃ ১৫৩২ চনত, আকৌ অসমদেশ আক্ৰমণ কৰিবৰ উদ্দেশ্যে কলিয়া বৰলৈকে উজাই আহে। সেই ছেগতে পতিবৈৰীক প্ৰতিশোধ দিয়াৰ প্ৰতিজ্ঞাৰে ৺ফ্ৰাচেংমুঙ বৰগোহাঞি-ডাঙ্গৰীয়াৰ বিধবা ডাঙ্গৰীয়ানী মূলাগাভৰু নিজে ৰণলৈ ওলাল (২)। মুছলমানে ডাঙ্গৰীয়ানীৰ সাহ আৰু ৰণকৌশল দেখি বিস্ময় মানিছিল! শেহান্তৰত, তেওঁ সেই ৰণতে প্ৰাণ দি মনৰ হেঁপাহ পূৰালে; আৰু তেওঁৰ জ্বলন্ত উৎসাহৰ পটন্তৰে আহোম সেনাক চতুৰ্গুণে উৎসাহিত কৰিলে। স্বৰ্গদেৱেও এইবাৰ যুদ্ধৰফালে ভালকৈ মন দিছিল। আৰু, নতুনকৈ পতা কন্‌চেং বৰপাত্ৰ ডাঙ্গৰীয়াক এজাক তেজী সৈন্যৰ সেনাপতি পাতি মুছলমানৰ লগত ৰণ দিবলৈ পঠিওৱা হ'ল। দিকৰাইমুখতে দুয়োদলৰ ভেঁটাভেঁটি হয় আৰু তাতে কন্‌চেং ডাঙ্গৰীয়াৰে সৈতে পাঠানহঁতৰ এখন ঘোৰতৰ ৰণ লাগিল। “এনেতে, বঙ্গৰপৰা হচনখাঁ নবাবে তুৰ্ব্বকৰ লগত যোগ দিলেহি। স্বৰ্গদেৱে সলা আৰু দুইমুনিশিলাৰপৰা ৰণৰ দিহা দিলেহি। ইতিছেগত তুৰ্ব্বকৰ দাচু নামেৰে নৰাৰ এটা ঘোঁৰা এফৈদৰে সৈতে আগবাঢ়ি খেদি আহিল। পাচে, আমাৰ লোকে কাটি- খুঁচি কঢ়িয়াই বিস্তৰ ঘোঁৰা মাৰিলে; তাতে তুৰ্ব্বকৰ হুচন খাঁ ৰজাক পাই কাটিলে। ”

৩) পিছে, মুছলমান সেনাই কন্‌চেং ডাঙ্গৰীয়াৰ বিক্ৰমৰ আগত সৰহ পৰ ঠাৱৰিব


 (১) ভনীয়েকো, হাতীকো, ৰূপকো কাপোৰ পাঞ্চ শ, মাকৈদা এশ, তাও কাপোৰ এশ, পানীমাকলি এখন—এইবোৰ দ্ৰব্য আনি কছাৰীৰ দেওচুং ৰজায়ে ভায়েকে আহি ’স্বৰ্গদেৱৰ চৰণত সেৱা কৰিছোঁ মুই বন্দীয়ে’ এই বুলি উঠি-উঠি সাত-সেৱা কৰিলেহি; পাচে চাপি আহি পাও চুই সেৱা কৰিলেহি। ৰজাদেৱে দুই চৰণ দাঙ্গি দিলে, সিও তাৰ মাথাত তুলি ল'লে। ৰজাদেৱে সোণৰ আঙ্গঠিটো তাক সোলোকাই দিলে। ” —“দেওধাই অসম বুৰঞ্জী, ২৫ পৃষ্ঠা।

 (২) “পাচত, সিহঁতে দিনে দিনে ঘোঁৰা মেলি আমাৰ মানুষ-দুনুহ খালেহি। পাচে গৰ্গঞা ৰাজা আমোলাসকলে সহিতে গড় পাৰ হৈ দেওধাইৰ কথা নুশুনি তাক কচু-আতিলৈকে খেদি নিলে। পাচে তুৰ্ব্বকে গড়ৰপৰা ওলাই ধৰিলেহি, আমাৰ মানুহ খেদি নি কপিলী গঙ্গাত পেলালে নি। গৰ্গঞা ৰাজাৰ গাতো কাণ্ড লাগিল; ঘোঁৰাও পৰিল। ফ্ৰাচেঙ্গমুঙ্গ, থাওমুংক্লিংখোম, ৰিংচাং, মানুহ-দুনুহ বিস্তৰ পৰিল। গৰ্গঞা ৰাজাক দুৱৰা ফুকনৰ বঙ্স ডাঙ্গৰপানিএ কাণ্ডতকৈ আনিলে। পাচে, গাভৰুএ ফ্ৰাচেঙ্গমুঙ্গক পৰিবৰ শুনি খেদি আহি ৰণ ধৰিলেহি। গাভৰু ৰণত পৰিল। ” - পুৰণি আহোম বুৰঞ্জী।’’

  (৩) ”তাতে (দিকৰাইমুখত) হাতী পোৱা হল ২৮টা, ঘোঁৰা ৮৪০টা, বৰ হিলৈ, খোকা হিলৈ বিস্তৰ