পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
অসমৰ বুৰঞ্জী

লোৱাৰ সাত বছৰৰ পাচত, ১৫০৪ খ্ৰীষ্টাব্দত, পূৰ্ব্বে চুকাফা স্বৰ্গদেৱৰ দিনত তলতীয়া হোৱা আইতনীয়া নগা আৰু পানীনৰাবিলাকে বিদ্ৰোহ উপস্থিত কৰে। স্বৰ্গদেৱে চাৰিং- ৰজা, বৰগোহাঞি আৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়াক সসৈন্যে পঠিয়াই সেই বিদ্ৰোহ বহু প্ৰবন্ধে থমালে; আৰু বৰকাঁহ, জাংফাই, নৰা-দা প্ৰভৃতিৰে সৈতে কৰ শোধাই পালসেৱা কৰি থাকিবলৈ নিয়ম বান্ধি দি, সিহঁতক পুনৰ তলতীয়া কৰিলে। চাৰিং ৰজাৰ অনুজ্ঞা অনুসৰি, খামজাঙ্গৰপৰা ১০০ এশ মেথোন আনি নগাহঁতে পৰ্ব্বততে ৰজাদেৱক সেৱা কৰি বশ্যতা স্বীকাৰ কৰিলে। *

 ২। চুটিয়া-ৰণ আৰু চুটিয়া-ৰাজ্য দখল:– চুহুম্মুং স্বৰ্গদেৱৰ ৰাজত্বৰ কালতে চুটিয়া ৰজা নীতিপালৰ ৰাজ্য আহোম সেনাই আক্ৰমণ কৰে গৈ। আহোম ৰজাই কেইবাবছৰৰ আগৰেপৰা নীতিপালৰ অন্যায় শাসনত চুটিয়া ৰাজ্যৰ দুৰৱস্থা ঘটাৰ কথা শুনি আহিছিল। খ্ৰীঃ ১৫১৩ চনত, চুটিয়া ৰজাৰ সেনাপতি ধীৰনাৰায়ণ কোঁৱৰে লগত কিছুমান, সৈন্য-সামন্ত লৈ, শদিয়াৰপৰা, ৰাজাজ্ঞানুসাৰে ব্ৰহ্মপুত্ৰইদি ভটিয়াই আহি, দিখৌমুখত পচলাৰ গড় বান্ধি থিতাপিত হৈছিল; এনেতে কনচেং বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়াই লগপাই স্বৰ্গদেৱত জনালে। বিনা-্অনুমতিৰে আৰু যুদ্ধৰ আয়োজনেৰে পৰৰ ৰাজ্যত সোমোৱাৰ বাবে চুটিয়া ৰজাৰ সেনাপতিক ধৰি আনিবলৈ স্বৰ্গদেৱে আদেশ দিয়ে। তাতে দুয়োপক্ষৰ চুৰ্ চুৰীয়াকৈ এখন ৰণ লাগিছিল; তাৰ ফলস্বৰূপে, চুটিয়া ৰজাৰ অধিকাৰৰ মুখ্ৰাং আৰু নামডাং এই দুই ঠাই আহোম ৰজাৰ দখলত পৰিল। তাৰ পাচত, সন্ধিৰ সূত্ৰ অনুসৰি, কৰ-খুত্, (১) আদি শোধাবলৈ অপাৰগ হোৱাত, ১৫২৩ খ্ৰীষ্টাব্দত আহোম সেনাপতি কনচেং বৰপাত্ৰগোহাঞি-ডাঙ্গৰীয়াই, উক্ত মুখ্ৰাং দুৰ্গ ৰক্ষা কৰিবলৈ যোৱাৰ ছেগতে, চুটিয়া ৰাজ্য আক্ৰমণ কৰিলেগৈ। নীতিপালে সেই আক্ৰমণ সহিব নোৱাৰি, তেওঁৰ মন্ত্ৰীক ৰাজ্যৰখীয়া পাতি থৈ, চন্দনগিৰি নামেৰে পৰ্ব্বতত ঠাই ললেগৈ। তাৰেপৰা নীতিপালে দুজন সেনাপতি কটকী পঠিয়াই আহোম সেনাপতি ওচৰত শান্তি ভিক্ষা কৰি আহোম ৰজাৰ কৰ-কাটলীয়া ৰজা হৈ থাকিবৰ নিমিত্তে প্ৰস্তাৱ কৰে। সেই প্ৰস্তাৱত আহোম সেনাপতিয়ে এই সমিধান দিলে যে ১২টা হাতী, ‘কুবেৰদত্ত সম্পত্তি’ (২) আৰু সাধনী ৰাণীক সমৰ্পণ নকৰেমানে কোনো প্ৰকাৰৰ সন্ধি হব নোৱাৰে। চুটিয়া ৰজা সেই প্ৰস্তাৱত মান্তি হব নোৱাৰাত, আহোম সেনাই চন্দনগিৰিলৈকে খেদি গৈ, তাতে তেওঁক আৰু নগৰত মন্ত্ৰীক বধ কৰি চুটিয়া ৰাজ্য দখল কৰে। সেই আপাহতে সাধনী ৰাণীয়ে, “কুবেৰত সম্পত্তি” বুকুত বান্ধি লৈ, চন্দনগিৰিৰ টিঙ্গৰপৰা পৰা তলৰ কুণ্ডলৈ জাঁপ দি তনুত্যাগ কৰে। তাৰ পাচত, চুহুম্মুং স্বৰ্গদেৱে চুটিয়া ৰাজ্য হস্তগত কৰি, চুটিয়াবিলাকক আকৌ লগ লাগিব নোৱাৰাকৈ অসম দেশৰ চাৰিওফালে সিঁচৰতিকৈ বসতি কৰিবলৈ আজ্ঞা দিলে। স্বৰ্গদেৱে ভাবিলে যে


 *মিল:- "দেওধাই অসম বুৰঞ্জী",৩৬ পৃষ্ঠা।
 (১) কৰখুত্ঃ-"সুণীয়া-ৰূপীয়া দণ্ড, সুণীয়া-ৰূপীয়া খাট দুখন, বৰ হাতী দহোটা, অলঙ্কাৰে সৈতে মাখুণ্ডী হাতী দি ৰাজকন্যা এটী"। "দেওধাই অসম বুৰঞ্জী",১৬ পৃষ্ঠা।
 (২) "কুবেৰদত্ত সম্পত্তি" :- ঢাল এখন, তৰোৱাল এখন, ষাঠি এপাট, সোণৰ মেকুৰী এটা আৰু ধন-ৰত্ন এঘাগৰি। -মিলঃ "দেওধাই অসম বুৰঞ্জী"ৰ অন্তৰ্গত "খণ্ড বুৰঞ্জী"।