পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
আহোম ৰজাৰ ৰাজত্ব

খুনবাওটোক বৰ ৰূপহ দেখি, ৰজা অন্তঃপুৰলৈ সোমালত, তেওঁৰ আগত তাৰ ৰূপ বখানি প্ৰীতি-আলাপ কৰে। সেই আপাহতে, পেটে পেটে সেই খুনবাওটোৰ প্ৰতি কুঁৱৰীৰ আসক্তি হৈছে বুলি ৰজাই সন্দেহ কৰি, কুঁৱৰীক তালৈকে এৰি দিলে। কুঁৱৰী সেই সময়ত সগৰ্দ্ভা আছিল। পিচে, নগাৰ চাঙ্গত গৈ এটি সুলক্ষণীয় পুত্ৰ প্ৰসৱ কৰি, আই কুঁৱৰীৰ তাতে মৃত্যু হয়,; কালত এই পুত্ৰটিয়েই “নগা কোঁৱৰ” নামেৰে জনাজাত হৈ, বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়াৰ বিষয়-বাব লাভ কৰে (১)। স্বৰ্গদেৱ চুপিমফা, ৪ চাৰি বছৰ মাথোন ৰাজত্ব কৰাৰ পাচত, ৪৯৭ খ্ৰীষ্টাব্দত স্বগী হয়।

আধ্যা-২

স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ

 স্বৰ্গদেৱ চুপিমফাৰ পুত্ৰ, চুহুম্মুং কোঁৱৰ, খ্ৰীঃ ১৪৯৭ চনত, চৰগুৰা নগৰত শিঙৰিঘৰ উঠি ৰজা হয়। চুহুম্মুং স্বৰ্গদেৱ বৰ পৰাক্ৰমী ৰজা আছিল, আৰু তেওঁৰ ৰাজত্বৰ কালত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত তেৱেঁই সবাতকৈ প্ৰধান হৈ উঠিছিল কাৰণে তেওঁক দিহিঙ্গীয়া ৰজা বোলা হৈছিল। আৰু, হিন্দুমতে তেওঁ স্বৰ্গনাৰায়ণ নামেৰে প্ৰখ্যাত।
 "বৰপাত্ৰগোহাঞি-ডাঙ্গৰীয়া":- ইয়াৰ আগেয়ে উনুকিয়াই অহা হৈছে যে চুপিমফা স্বৰ্গদেৱে তেওঁৰ চমুৱা কুঁৱৰী এগৰাকীক সগৰ্দ্ভা অৱস্থাত নগাৰ খুওবাও এটালৈ এৰি দিয়ে; আৰু নগাৰ চাঙ্গত গৈ কুঁৱৰীয়ে এটি পুত্ৰ প্ৰসৱ কৰে। কালত সেই পুত্ৰটি চুপিমফা স্বৰ্গদেৱৰ ঔৰসজাত ৰাজকোঁৱৰ বুলি জনাজাত হোৱাত, চুহুম্মুং স্বৰ্গদেৱে তেওঁক সমাদৰে চপাই আনি, কনচেং নাম দি, বৰপাত্ৰগোহাঞি-ডাঙ্গৰীয়া পাতিলে। তেতিয়াৰপৰা তেওঁৰ সৈতে তিনিজনা ডাঙ্গৰীয়া ৰাজমন্ত্ৰী হোৱাৰ নিয়ম চলিত হয়।
 স্বৰ্গদেৱ চুহু্ম্মুঙ্গে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতত লোৱাৰ পাচত, সমাজৰ উন্নতি সাধিবৰ অৰ্থে, তেওঁ তাৰ পূৰ্ব্বৰ গঢ়-গতি ভালেমান লৰচৰ কৰে। সেই উদ্দেশ্যেই তিপমীয়া আৰু চাৰিঙ্গীয়া নামেৰে দুখন মেল নতুনকৈ পতা হয়। ৰজাৰ কোঁৱৰসকলক চাৰি ফৈদত ভগাই দিহিঙ্গীয়া, তিপমীয়া, চাৰিঙ্গীয়া আৰু তুঙ্গখুঙ্গীয়া নাম দিয়া হয়। খেল আৰু যোগ্যতা অনুসৰি কেইবাবিধৰো বৰুৱা, ফুকন, দুৱৰা, ৰাজখোৱা ইত্যাদি বিষয়াই পুৰুষানুক্ৰমিক বিষয়-বাব খাবলৈ নিয়ম প্ৰচলন কৰা হয়। স্বৰ্গদেৱ স্বৰ্গনাৰায়ণৰ ৰাজত্বৰ কালতে অসমত পোন্-প্ৰথমে শঁকাদিত্যৰ শঁক চলাবলৈ আৰম্ভ কৰা হয়। এইজনা স্বৰ্গদেৱেই চৰগুৱাৰপৰা তুলি আনি পোন্-প্ৰথমে বকটাত নগৰ পাতেহি। স্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ দিনত কেইবাখনো ৰণ লাগিছিল; তলত তাৰ প্ৰধান প্ৰধান কেইখনৰ বিৱৰণ দিয়া যায়। যেনে-
 ১| আইতনীয়া-বিদ্ৰোহ আৰু নগা-দমনঃ- স্বৰ্গদেৱ চুহুম্মুঙ্গে ৰাজ্যভাৰ


 (১) "বৰপাত্ৰগোহাঞি বংশাৱলী"।