পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
অসমৰ বুৰঞ্জী

বৰগোহাঞি-ডাঙ্গৰীয়া হয়। তেওঁৰ ৰাজত্বৰ কালত এই সংক্ষেপ বুৰঞ্জীত ঠাই পাবলগীয়া ডাঙৰ ঘটনা হোৱা নাই। স্বৰ্গদেৱ চুফক্ফা, ১৭ বছৰ শান্তিপূৰ্ণ ৰাজ্যত্বৰ পাচত, খ্ৰীঃ ১৪৩৯ চনত স্বৰ্গী হয়।

স্বৰ্গদেৱ চুচেন্ফা

 চুফক্ফা স্বৰ্গদেৱৰ লোকান্তৰ হোৱাত, তেওঁৰ পুত্ৰ চুচেন্ফা কোঁৱৰ খ্ৰীঃ ১৪৩৯ চনত পিতৃ সিংহাসনত উঠে। তেওঁৰ দিনত টঙচু নগাৰে সৈতে এখন ঘোৰতৰ ৰণ লাগিছিল। নগাক ৰণত ঘটাই আহোম সেনাবিলাকে সিহঁতৰ চাঙলৈকে খেদি গৈ অনেক বয়-বস্তু লুটি আনে। তেওঁৰ দিনতে, ৪৪৯ খ্ৰীষ্টাব্দৰ আহিন মাহত, অসমৰ মহাকবি মহাপুৰুষ ৺শ্ৰীশঙ্কৰদেৱে বৰদোৱাত জন্মগ্ৰহণ কৰে। প্ৰায় আঢ়ৈকুৰি বছৰ সুখ্যাতিৰে ৰাজত্ব কৰাৰ পাচত, স্বৰ্গদেৱ চুচেন্ফা খ্ৰীঃ ১৪৮৮ চনত স্বৰ্গী হয়।

স্বৰ্গদেৱ চুহান্ফা

 স্বৰ্গদেও চুচেন্ফাৰ পাচত, তেওঁৰ পুত্ৰ চুহান্ফা কোঁৱৰ খ্ৰীঃ ১৪৮৮ চনত ৰজা হয়। তেওঁৰ ৰাজ্যৰ কালত কোঁচ-ৰজা বিশ্বসিংহই আহোম ৰাজ্য আক্ৰমণ কৰায়। কিন্তু, যুদ্ধত কোঁচ ৰজাৰ যুঁজাৰুবিলাক ঘাটি নিজৰ দেশলৈ উলটি যায়। সেই যুদ্ধৰ পাচত, পুনৰ টঙচু নগাৰে সৈতে দ্বিতীয়বাৰ যুদ্ধ হয়। প্ৰথম খেপত আহোম সেনাই হোঁহকা মৰাত তাওকাংবানবেক বৰগোহাঞি ৰণত পৰিল। কিন্তু পাচৰ খেপত নতুনকৈ হোৱা নাঙ্গাৰং বৰগোহাঞি-ডাঙ্গৰীয়াই নগাৰ যুদ্ধত হৰুৱাই সিহঁতক সম্পূৰ্ণে আহোম ৰজাৰ তলতীয়া কৰে। আৰু তাৰ চিনস্বৰূপে সেই চাঙ্গৰে কেইঘৰমান নগাক ঘৰোৱাহীকৈ বন্দী কৰি লৈ আহে। এই যুদ্ধ শেষ হোৱাৰ অলপ দিনৰ পাচতে, ১৭৯০ খ্ৰীষ্টাব্দত দিখৌ নৈৰ পাৰত এখন আহোম-কছাৰী ৰণ লাগে; পিচে ভালেমান যৌতুকৰে সৈতে লাংজি নামেৰে আহোম কন্যা এটি কছাৰী ৰজালৈ বিয়া দি মিতিৰ পতাত কছাৰী হুঁহকি গ'ল। তাৰ পাচত, খেনলুঙ্, বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ চক্ৰান্ত অনুসৰি, খ্ৰীঃ ১৪৯৩ চনত টাই-তুৰুংবানৰ ফৈদৰ এবাহ মানুহে স্বৰ্গদেৱ চুহান্ফাক, বাঁহৰ মাজত লুকুৱাই অনা ষাঠিৰে খুচি মাৰিলে। (১)

স্বৰ্গদেৱ চুপিমফা

 খেনলুং বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ চক্ৰান্ত মতে; চুহানফা স্বৰ্গদেৱক বধ কৰাৰ কথা জনাজাত হোৱাত, আন কেইজন ডা-ডাঙ্গৰীয়াই আলচ পাতি, বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ ইচ্ছাৰ বিৰুদ্ধে, স্বৰ্গীয় ৰজাৰ পুত্ৰ চুপিমফা কোঁৱৰক খ্ৰীঃ ১৪৯৩ চনত ৰজা পাতে। তেওঁ সিংহাসনত উঠিয়েই পিতৃবৈৰী টাই-তুৰুংবানক সপৰিয়ালে শালত দি বধ কৰে; আৰু খেনলুঙক ভাঙি ফনলুংখামপেঙক প্ৰধান মন্ত্ৰীৰ বাব দি, বুঢ়াগোহাঞি-ডাঙ্গৰীয়া পাতে।

 নগা কোঁৱৰঃ- চুপিমফা স্বৰ্গদেৱে এদিন টঙচু নগাৰ খুনবাও এটাৰে সৈতে ৰাজকীয় বিষয়ক কথাবাৰ্ত্তা পাতি আছিল। পিচে, তেওঁৰ চমুৱা কুঁৱৰী এগৰাকীয়ে সেই


 (১)মিলঃ- শ্ৰীযুক্ত সূৰ্য্যকুমাৰ ৰায়বাহাদুৰ ভূঞা সম্পাদিত "দেওধাই অসম বুৰঞ্জী" ১৪ প়ষ্ঠা।