উঠিল যে, সৌমাৰত বাজেও কামৰূপৰ অন্যান্য খণ্ডৰ সৰু সৰু ৰজাবিলাক তেওঁৰ কৰ-কাটলীয়া হবলৈ বাধ্য হৈছিল। প্ৰৱল প্ৰতাপী স্বৰ্গদেৱ চুকাফাৰ কোনো আক্ৰমণেই বিফল হোৱা নাছিল। তেওঁ যেতিয়াই যি ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়াই সেই ৰাজ্যৰ ৰজাক বশ কৰি তেওঁক কৰ-কাটলীয়া কৰিছিল। তেওঁৰ পূৰ্ব্বে সৌমাৰত ইমান পৰাক্ৰমী ৰজা নাছিল; গতিকে আনি ৰজাসকলে স্বৰ্গদেৱ চুকাফাক অসম (অৰ্থাৎ, যাৰ সমান নাই) বংশৰ অসম প্ৰতাপী স্বৰ্গৰ ৰজা বুলি মানিবলৈ ধৰিলে। আৰু, যিমানলৈকে তেওঁ আৰু তেওঁৰ বংশৰ ৰজাই ৰাজ্য বঢ়াইছিল, সিমানলৈকে তেওঁৰ নাম অনুসৰি “অসম দেশ” নাম হবলৈ ধৰিলে। “আহম” বা “আহোম” আৰু এই দেশৰ “অসম নামৰ আঁতি-গুৰি এয়ে। ইয়াৰপৰাই আহম বা আহোম নাম ওলায়(১)। টাই জাতীয় আহোমসকলে অসমদেশক পোনতে “মুংডুন্ চুন্খাম” (মূং=দেশ, ডুন্=পূৰ্ণ, চুন্= বাগিচা, খাম=সোণ) অৰ্থাৎ, মূল্যবান সুন্দৰ বাগিচাৰে পৰিপূৰ্ণ দেশ বুলিছিল।
আগৰ সৌমাৰ খণ্ডত এতিয়াৰ লক্ষীমপুৰ আৰু শিৱসাগৰ জিলা পৰিছিল। টাই জাতীয় আহমৰ ৰাজত্বৰ পূৰ্ব্বে এই খণ্ড বৰাহী, মটক, আৰু মৰাণ জাতিৰ দখলত আছিল; স্বৰ্গদেৱ চুকাফাই সৌমাৰ দেশ সম্পূৰ্ণ কৈ অধিকাৰ কৰাত, সেই কেইজাতি তেওঁত প্ৰজাৰূপে শৰণাগত হ'ল।
মহাৰাজ চুকাফা এজন বিচক্ষণীয়া ৰাজনীতিজ্ঞ ৰজা আছিল। দেশ জয় কৰাত তেওঁ যেনে পাৰ্গত, শাসনকাৰ্য্যতো তেওঁ এজন তেনে পৈণত ৰজা আছিল। প্ৰজা-শাসনৰ সূচলাৰ্থে তেওঁ অসাধাৰণ ভাৱে স্বাৰ্থ ত্যাগ কৰিব পাৰিছিল। আনকি, ৰাজকাৰ্য্যৰ সুচলাৰ্থে তেওঁ নিজৰ ভাষাকো এৰিবলৈ কাতৰ নহৈছিল। আহোমসকল সৌমাৰত ৰাজত্ব কৰিবলৈ আহোঁতে সিবিলাকৰ লোকসংখ্যা প্ৰজাতকৈ ভালেমান গুণে তাকৰ আছিল। আৰু, দেশ জয় কৰিবলৈ অহাৰ কাৰণে, সিবিলাকৰ লগত তিৰোতাও মুঠেই অহা নাছিল। অসম দেশৰ বাহিৰে আন দেশৰ লগত আহোম ৰাজভাষাৰে সৈতে বা-বাতৰি চলাবলৈকো সূচল নহৈছিল। সেই কাৰণে, স্বৰ্গদেৱ চুকাফাই নিজৰ ভাষাৰ চৰ্চ্চা ঢিলাই দি, ৰাজকীয় কাৰ্য্যত প্ৰজাৰ ভাষা চলাবলৈ নিয়ম কৰিলে। গতিকে, তেতিয়াৰপৰা বুৰঞ্জী আৰু ধৰ্ম্মপুথিত মাথোন আহোম ভাষাৰ প্ৰচলন থাকিল, আন সমুদায় ৰজাঘৰীয়া কাৰ্য্যাদি প্ৰজাৰ ভাষাত চলোৱা হ'ল। এতিয়া, আহোম ভাষাৰ চৰ্চ্চা সমূলি নোহাৱা হেতুকে তাৰ নাম পৰ্য্যন্ত নুমাবলৈ ধৰিছে! চুকাফা স্বৰ্গদেৱৰ লগত অহা আহোমসকলে বাধ্য হৈ সৌমাৰৰ আদিবাসীবিলাকৰ জীয়াৰী বিয়া কৰাই বংশ বঢ়াবলৈ ধৰিলে।
স্বৰ্গদেৱ চুকাফা সৌমাৰত টাই জাতীয় প্ৰথম আহোম ৰজা। তেওঁ ৩৯ বছৰ কাল ইয়াত ৰাজত্ব কৰি, নিজৰ অসম ক্ষমতাৰ অক্ষয় কীৰ্ত্তি ৰাখি, অভি বৃদ্ধ বয়সত, ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গী হয়।
(১)"দেওধাই অসম বুৰঞ্জী"ৰ অন্তৰ্গত "বাঁহগৰীয়া বুঢ়াগোহাঞিৰ ৰ বুৰঞ্জী", ৯৩ পৃষ্ঠাঃ- "পাচে বৰাহী-মৰাণে বোলে, আনৰ বঙ্গহ নহও, দেও মানুহ বুজি যি কয়, হয় এয়েহে আহম। আৰু আনে সম হওঁতা নাই'। এইৰূপে অহা-যোৱাকৈ শাক-পাত-খৰি যোগান দিব ধৰিলে। "