পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩০
অসমৰ বুৰঞ্জী

(যু—নজনা; ৰণ্‌-জনোৱা; জী—ভঁৰাল); অৰ্থাৎ নজনা কথা জনোৱাৰ ভঁৰাল। বৰ্তমান “ইতিহাস” শব্দৰ ঠাইত অসমীয়া ভাষাত এই “বুৰঞ্জী” শব্দৰ ব্যৱহৃত হৈছে।

 টাই জাতীয় আহোমসকল বৰ বলী, সাহসী আৰু যুঁজাৰু জাতি আছিল। সিবিলাকৰ আত্মসম্মান ভাব বৰ প্ৰৱল; ৰজাক সিবিলাকে দেৱতাৰ সন্মান দিছিল। আহোম জাতি ৰণত বৰ পাকৈত; সিবিলাকে পাথৰকলাই হিলৈ, বৰতোপ, ঢাল- তৰোৱাল, কাঁৰ-ধনু, যাঠী-বৰছা ইত্যাদি অস্ত্ৰৰে ৰণ কৰিছিল। সিবিলাকে একেবাৰতে সমুদায় ৰণুৱা লৈ গৈ কোনো শত্ৰুৰে সৈতে ৰণ নকৰিছিল। ঠায়ে ঠায়ে ৰণুৱা ৰখাৰ কোঁঠ আছিল; সময়ত এটা কোঁঠৰ মানুহে যাতে আন কোঁঠৰ মানুহক সহজে সহায় কৰিবগৈ পাৰে, সেই অৰ্থে যুগুত ব্যৱস্থা আছিল। এতিয়াৰ গুপ্তচৰৰ দৰে, তেতিয়া চোৰাংচোৱা আছিল। ঘোঁৰাৰ ডাকেৰে ৰণৰ বাতৰি কাক অনতিপলমে নাই একাৰ নিয়ম চলিছিল।

সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা

 ১২০০ খ্ৰীষ্টাব্দৰপৰা পূব-কোণেদি সোমাই টাই জাতিয়ে ভাৰতবৰ্ষত দিগ্বিজয় আৰম্ভ কৰাৰ সময়তে, পছিম-কোণেদি সোমাই ভাৰতবৰ্ষত মুছলমানে দিগ্বিজয় আৰম্ভ কৰে। আৰু, কামৰূপত সৌমাৰত আহোম ৰজাৰ ৰংপুৰ নগৰ স্থাপিত হোৱাৰ লগে-লগেই, সিফালে আৰ্য্যাৱৰ্ত্তৰ দিল্লী চহৰত মুছলমানৰ ৰাজধানী স্থাপিত হয়।

সৌমাৰত টাই জাতীয় আহোম ৰজা *

স্বৰ্গদেৱ চুকাফা

 চুকাফা স্বৰ্গদেৱে ১৮ বছৰ মুংৰিমুংৰামত ৰাজত্ব কৰাৰ পাচত, খ্ৰী: ১২২৯ চনত, তিপামৰপৰা দিহিঙ্গেদি ভটিয়াই দিখৌমুখ পাই, উজাই দিলিহমুখ পালেহি; তাৰপৰা


 * "পুৰণি আহোম-বুৰঞ্জী" মতে সৌমাৰত অহম ৰাজ্য স্থাপন। “‌‌‌ক্ষত্ৰিয়ৰ ৰজাসকল গুচিল। পৃথিৱীত ম্লেছৰ ৰজাসকল হৈ দেৱতাসকলৰ পূজা-সেৱা এৰিলে। পূজা গুচিলত দেৱতাসকলে গোচৰ দিলে, বোলে, আমাৰ পূজা গুচিল। পাচে ইন্দ্ৰ বিমৰষা কৰি আপোনাৰ দুই নাতি খুন্‌লুং আৰু খুন্‌লাই আৰু চোমচেংদেৱক দি, বোলে, তহঁত থাকমানে আৰু চাবি। পাচলৈ মল চক্ষুএ চাব নাপাই। এই বুলি পণ্ডিত শূদ্ৰ পৰিচাৰক লগত দি সোণ-ৰূপৰ জখলাৰে পৃথিৱীলৈ পঠাই দিলে, বোলে, পণ্ডিতে আওবড় যোৱাৰ, সোণ-ৰূপৰ গছত আড়ি ৰজা পাতিব। পাচে নামি আহি মুংক-মুংখাম দেশত ৰজা হব পাওঁ। পাচে বাইলুং দেওধাইবোৰে মেল পাৰি সুধিলে, বোলে, তোমালোকক ইন্দ্ৰ দেৱতাৰ দ্বন্দ কৰিবলৈ মানা কৰিছে। তেওঁ যে কৰিছা, ভাল, আওবড়ত কোনে ক'ত সোণ-ৰূপ আড়িছা? বড়টে বোলে মঞি ডালত আড়িছোঁ। সৰুটে বোলে মঞি ডালতো আড়িছোঁ শিপাতে আড়িছোঁ। পণ্ডিতে বোলে ডালত আড়িছা ডলুৱা হ'লা। এঞে ডালতো শিপাতো আড়িছে এঞে হে ৰজা হব পাই। এইবুলি সৰুটো খুন্‌লাইক ৰজা পাতিলে। বড়টো ৰোহ কৰি স্বৰ্গলৈ গল।

 "পাচে ৰাজ অভিষেক কৰিবলৈ দেও-কুকুৰা ভাবে পাখিৰ টুপী লাগে, তেহে ৰজা হব পাই। পাচে লগত অহা জৰাধৰাক স্বৰ্গলৈ পঠালে। সি গৈ ইন্দ্ৰত বোলে, দেও-কুকুৰা লাগে। পাচে