পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/২০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেমকু-মোখ্‌ৰাং বংশৰ কংস নামে এজন বৰ পৰাক্ৰমী ৰজা আছিল। তেওঁ অসমৰ গোটেই পৰ্ব্বতীয়া জাতিৰ ওপৰত ৰজা আছিল। কংস ৰজাৰ ছাম আৰু জাম নামেৰে দুই কোঁৱৰ আছিল। নগা, কুকি, ডফলা আৰু মিচিমি এই সকলোকেইটা জাতিৰ মানুহ কংস ৰজাৰ পুতেক ছাম কোঁৱৰৰ সতি-সন্ততি। জাম ৰজাৰ ৰংখাং-খেক্‌প আৰু ছিংবাৰ্ব্বে নামেৰে দুই পুতেক আছিল। জাম ৰজা বুঢ়া হৈ মৰাত ৰংখাং-থেক্‌প ৰজা হ'ল। ভায়েক ছিংবাৰ্ব্বেই মান দেশৰ দাঁতি কাষৰত ‘ছিংবাৰ্ব্বে' নামে ৰাজ্য পাতিলেগৈ। ‘ছিংবাৰ্ব্বে' মানে খলা বমা, ওখ-চাপৰ, নাইবা অসমান; সেই দেখি এই ৰাজ্য ‘অসম’ নামে জনাজাত হ'ল। সেই ৰাজ্যত সেই বংশ বৃদুকৈদা, পাবক, আৰলেং প্ৰভৃতি ৰজা হৈ যোৱাত, ছট নামেৰে ৰজা এটা হ’ল। তাত পাচে থিৰেং-ৰাংৰেং ফৈদৰ এটা সাহিয়াল আৰু বুধিয়ক মানুহ তেওঁলোকৰ চৰ্দাৰ হ’ল। তেওঁ মিকিৰবোৰক নাচ-গান, সেৱা-পূজা, কাঠ-সংস্কাৰ আদি বহুত নীতি-নিয়ম শিকালে। তাৰ পাচত, ভালেমান মিকিৰ নেতাৰ দ্বাৰাই মিকিৰ ৰাজ্য শাসিত হয়। মিকিৰবোৰ পাঁচ ফৈদত বিভক্ত; যেনে, —ইংতি, তেৰাং, তিমুং, ইংহি আৰু তেৰণ। ”*




 * ৰায় বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত “দেওধাই অসম বুৰঞ্জী”ৰ অন্তৰ্ভুক্ত “বিবিধ খণ্ড-বুৰঞ্জী”, ২০৯-২১৪ পৃষ্ঠা