পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নীচ কুলৰ মানুহেও ধৰ্ম্মপুথি শাস্ত্ৰাদি পঢ়ি ধৰ্ম্ম-চৰ্চ্চা কৰিবলৈ উৎসাহ পায়। তেওঁ যদিও নিজে শাক্ত ৰজা আছিল আৰু শক্তিপূজা ৰাজ-ধৰ্ম্ম কৰিছিল, তথাপি বৈষ্ণৱ ধৰ্মৰ উন্নতিতো তেওঁ বৰ আনন্দ পাইছিল। মহাৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত মহাপুৰষ শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ প্ৰভৃতি বৈষ্ণৱ-ধৰ্ম প্ৰচাৰকসকলে অসম দেশ উজ্জ্বল কৰি অসমীয়া মানুহক ধৰ্ম্মৰ পোহৰ দিছিল। ইয়াত বাজেও, ৰাজ্যত শান্তি-বিস্তাৰ, ধৰ্ম্ম-কৰ্ম্ম, সাহিত্য-চৰ্চ্চা, বাণিজ্য-ব্যৱসায়াদি অশেষ উন্নতি সাধি, খ্ৰীঃ ১৫৮৪ চনত মহাৰজা নৰনাৰায়ণ স্বৰ্গী হয়।

 ৰঘুদেৱনাৰায়ণ:— ভাগ পোৱাৰ পাচতো ৰঘুদেৱনাৰায়ণ ভালেমান দিনলকৈ নিজৰ বিজয়পুৰ ৰাজধানীতে আছিল। তেওঁ গণেশ, কেদাৰ, গোকৰ্ণ, কামেশ্বৰ প্ৰভৃতি তীৰ্থস্থান দৰ্শন কৰি আহি, হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ জীৰ্ণসংস্কাৰ সাধি, তাত দেৱোত্তৰ মাটি দান কৰে। কালাপাহাৰে কামাখ্যা মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে হয়গ্ৰীৱ দেৱালয়যো ভাঙ্গি চুৰ্ণাকৃত কৰিছিল। ৰঘুনাৰায়ণৰ বহুপুত্ৰ আছিল। তাৰ ভিতৰত পৰীক্ষিতনাৰায়ণ, ইন্দ্ৰনাৰায়ণ, যদুৰায়, বলিনাৰায়ণ, গজনাৰায়ণ আৰু মানসিংহ এই কেইজন প্ৰধান। ৰঘুদেৱনাৰায়ণ বৰ সুশ্ৰী পুৰুষ আৰু ধাৰ্ম্মিক ৰজা আছিল। বুঢ়া বয়সলৈকে তেওঁ বহু দান-ধৰ্ম্ম আৰু সৎকৰ্ম্ম সাধন কৰি, খ্ৰী: ১৬০৩ চনত স্বৰ্গী হয়। (১)

 লক্ষ্মীনাৰায়ণ:—মহাৰজা নৰনাৰায়ণে ভগাই দিয়া অনুসৰি, তেওঁৰ লোকান্তৰৰ পাচত, পুতেক লক্ষ্মীনাৰায়ণ কোঁচ ৰাজপাটত উঠি, শাণকোষৰপৰা পছিম-ভাগ ৰাজ্যত ৰজা হয়। সেই ৰাজ্যত এতিয়াৰ কোঁচবিহাৰ, দিনাজপুৰ, জলপাইগুৰি, ৰংপুৰ এইবোৰ ঠাই পৰিছিল (২)। ৰঘুনাৰায়ণেও পূব-ভাগত স্বাধীনভাৱে ৰাজত্ব আৰম্ভ কৰে। কিন্তু, পূৰ্ব্বৰ ভাগ-বটৰাৰ ব্যৱস্থাদি তেওঁ ক্ৰমাৎ অন্যথা কৰিবলৈ ধৰিলে। সেইবাবে কৃপিত হৈ লক্ষ্মীনাৰায়ণে তেওঁৰ অনিষ্ট কৰিবলৈ নানা চক্ৰান্ত কৰি, ৰঘুনাৰায়ণৰ নিজৰ পুতেক পৰীক্ষিতনাৰায়ণক বিদ্ৰোহী কৰি তোলে। কিন্তু, ৰঘুনাৰায়ণে সেই বিদ্ৰোহ থমাই পুতেক পৰীক্ষিতক বন্দী কৰি ৰাখে। তাৰ পাচত, ৰঘুনাৰায়ণৰ লোকান্তৰ হোৱাত, লক্ষ্মীনাৰায়ণৰ সাহায্যত পৰীক্ষিতনাৰায়ণে পিতৃ সিংহাসন লাভ কৰে। কিন্তু ৰাজপাট লাভ কৰি উঠি পৰীক্ষিতে, পূৰ্ব্বৰ উপকাৰ পাহৰি, লক্ষ্মীনাৰায়ণৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিলে। তাৰ ফলত, দদায়েক-ভতিজাকৰ মাজত যুদ্ধ উপস্থিত হয়; আৰু দদায়েক লক্ষ্মীনাৰায়ণ যুদ্ধত ঘাটি পলাব লগাত পৰে। ইতিপূৰ্ব্বতে স্বৰ্গদেৱ চুখামফালৈ নিজৰ সঙ্কলা নামে জীয়েকক বিয়া দি, লক্ষ্মীনাৰায়ণে আহোম ৰজাৰে সৈতে মিতিৰ পাতিছিল। এতিয়া বিপদত সহায় বিচাৰি তেওঁ আহোম ৰজাৰ ওচৰ চাপিলগৈ। কিন্তু, আহোম-ৰাজে আগধৰি পৰীক্ষিতৰ পক্ষ লোৱাত, লক্ষ্মীনাৰায়ণ নিৰুপায় হৈ, জাহাঙ্গিৰ পাৎছাৰ


 (১) কোনোৱে কয় সৰ্প দংশনত ৰঘুনাৰায়ণৰ মৃত্যু হয়; কোনোৰ মতে তেওঁৰ দ্বিতীয় পুত্ৰ ইন্দ্ৰনাৰায়ণৰ মাক সৰু ৰাণীয়ে তেওঁক বিহ খুৱাই মাৰে। গৌৰীপুৰ ৰজাৰ টোলত ৰক্ষিত বৰহিলৈ এটাৰ গাত ১৫১৯ শঁকত ৰঘুনাৰায়ণে নিৰ্মাণ কৰোৱা বুলি লিখা আছে।  (২) মিল,—Sir Edward Gait's "History of Assam" Page 63