পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাৰে আৰু একাগ ব্ৰহ্মপুত্ৰৰ মাজেদি ভটিয়াই দেশত লুটপাট লগাবলৈ এৰি বিলে। সিহঁত যি ফালেদি গ'ল, সেই ফালে দেশত মহামাৰী হোৱাৰ দৰে হল। লগে লগে এজাৰ ওপৰত অত্যাচাৰৰ সীমা নথকাত পৰিল। সেই উৎপাত লগাই, মান-সেনা উত্তৰ পাৰে সীমা আৰু দক্ষিণ পাৰে গুৱাহাটীৰ সীমা পালেগৈ। এনেতে চন্দ্ৰকা সিংহ স্বৰ্গদেৱে মানহঁতক আকৌ ওচৰ চাপিবৰ দেখি, অলপীয়া সৈন্তেৰেই যথাৰতকৈ আগভেটা দিবৰ অৰ্থে আয়োজন কৰিছিল। কিন্তু, সেই সময়তে মানৰ ভিনিওজাক সেনা গৈ আকৌ একে ঠাই হোৱাত, সিহঁতৰ গতি ভেটা দি ৰখা অসম্ভৱ হ'ল। গতিকে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ ভটিয়াই বৃটিচ ৰাজ্যত সোমালগৈ। মানহঁতে গুৱাহাটা নগৰ হাত কৰি লৈ, আকৌ উলটি উজাৰলৈ ধৰিলে। ভটিয়াই যাওঁতে মানতে ঢলিয়াই যোৱা অসমীয়া এজা পুনঃ ঠন ধৰিবলৈ নৌ পাওঁতেই, আকৌ সিহঁতে উজাই আহোতে কৰা অত্যাচাৰত সমূলি জয় পৰিল। এনে ওপৰা-উপৰি পীড়নত অসমীয়া এলাৰ একেবাৰে পিত মৰিল! এজাৰ দুৰ্গতিৰ সীমা নোহোৰ। হ’ল! চন্দ্ৰকান্তসিংহ বৰ্গদেৱৰ পক্ষে এই কথা অসহনীয় হোৱাত, তেওঁ ইফালে-সিফালে বিচাৰি ••• বাৰেবৰণীয়া সেনা গোটাই লৈ, মৰসাহ দি, মানসেনাক আক্ৰমণ কৰিবলৈ উজাই গ'ল। ইফালে পুসিংহ স্বৰ্গদেৱ আৰু ৰুচিনাৰ বুঢ়াগোহাঞি ডাঙ্গৰীয়ায়ে। বেজিনী আৰু টোনৰপৰা কিছুমান সৈন্য গোটাই লৈ চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক সহায় কৰিবলৈ গাত ললে। এনে বলবন্তত অলপীয়া সেনাৰেই স্বৰ্গদেৱ চন্দ্ৰকান্তসিংহই মৰোজীকৈ বিষম বিক্ৰমেৰে, ১৮২১ চনত যোৰহাটৰ উৰে মহগড়’ নামে ঠাইত মান-সেনাৰে সৈতে বণ পাতিলেগৈ। চন্দ্ৰকান্তসিংহ বৰ্গদেৱে মনৰ বেজাৰত প্ৰাণটাকি যুঁজিলে। আৰু মান-সেনা পাচলৈ ঠাৱৰিব নোৱাৰা হৈছিলগৈ। এনেতে, ১৮২২ খ্ৰীষ্টাব্দৰ আৰম্ভণত যহত সৈয় লৈ মান-সেনাপতি মিঙ্গিমাহা বলা বৰগোহাঞিয়ে যোগ দিলেহি। এই যুত বৰ্গদেৱ যদিও বাটিল, তথাপি মানেও এপালি ভালকৈ পালে। চন্দ্ৰকান্তসিংহ গৱে ৰণত মাটিলত, পুৰৰসিংহ বৰ্গদেৱে গোটোৱা সৈন্যৰে সৈতে আৰু তেওঁ একো কৰিব নোৱাৰিলে। মহগড়ত’ চন্দ্ৰকান্তসিংহৰ হাতত সেকা পাই মানতে নেগুৰত গহা পাপৰ দৰে খঙ্গত যাকে যতে পালে তাকে ততে নানা অসহনীয় অত্যাচাৰ কৰি নি অসমীয়া ৰোৰৰ ওপৰত খং সাৰিবলৈ ধৰিলে। মহগড়ৰ ৰণত জয়লাভ কৰি মানতে দুগুণ উৎসাহেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰে গোটেইখন অসমশে সম্পূৰ্ণদে হাত কৰি ললে। —চাৰিওফালে ‘মানৰ দিন' বুলি অত্যাচাৰৰ ঢৌ বিয়পি পৰিল! এনেতে, মিমািহানাক্যাভেজ মগউন আহি বদলি দিয়াত, ঐ: ১৮২৬ চনৰ আহিনত মিলিহানুলাই পাইকান চমুৱাৰ ঘৰমূৰি আৰু পাইকান পোৱাৰি। টকাকৈ ৰগণি ধন তোনাই লৈ দেশলৈ গুচি গ'ল। তেওঁৰ পাচতে মিঙ্গিমাহা তিলোৱাও যমূ হ'ল। ৫) মানৰ দিনৰ উৎপাত অসমীয়া প্ৰজাৰ ওপৰত মানৰ অমানুষিক অত্যাচাৰৰ বিয়ে লৈ কৰা নোলায়, লিখিৰলৈ কাপ নচলে! খুহি ওপৰত অত্যাচাৰতকৈ (১) বিল- কালাম ১২।