পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


জীৱন যাপন কৰিছিল, সেই বিষয়ে মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহৰপৰা মানৰ প্ৰথম আক্ৰমণলৈকে অসমৰ বুৰঞ্জীৰ এই মহা বিপ্লৱপূৰ্ণ বিৱৰণছোৱাই বিশিষ্ট সাক্ষ্য দিয়ে। ডেকা (১) পূৰ্ণানন্দ গোহাঞিদেৱে বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ আসন গ্ৰহণ কৰি উঠিয়েই মোৱামৰীয়াৰ ভীষণ বিদ্ৰোহৰ উৎপাত খণ্ডাব লগাত পৰে। তাৰ পাচতো নানা উৎপাতত ছাৰখাৰ হোৱা অসমদেশত তেওঁ অহোপুৰুষাৰ্থ কৰি শান্তি স্থাপিব লগীয়া হয়। লগৰীয়া মন্ত্ৰী-বিষয়া আদি সকলোৱে গা-এৰা দিয়াৰ স্থলতো, ৰজাৰ অনুপস্থিতিত মোৱামৰীয়াৰ বিদ্ৰোহত সাত বছৰলৈকে মহা উৎপাতৰ মাজত নগৰ ৰক্ষা কৰালৈ চাই,মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ ৰাজনীতি-জ্ঞান পৃথিৱীৰ প্ৰথম শ্ৰেণীৰ সত্য জাতিয়েও বখানিব লাগিছে। মহামন্ত্ৰী পুৰ্ণানন্দ ডাঙ্গৰীয়া মন্ত্ৰীত্বত যেনে এজন অসাধাৰণ বুদ্ধিমান পুৰুষ আছিল, যুদ্ধ বিদ্যাতো তেওঁ তেনে এজন সুনিপুণ সেনাপতি বুলি চিনাকি দিছিল। অসমৰ দুৰ্ভাগ্যক্ৰমে তেওঁ অকালত কালপ্ৰাপ্ত নোহোৱা হলে, স্বাৰ্থপৰ দুৰ্ম্মতি বদনচন্দ্ৰৰ দেশদ্ৰোহিতাৰ ফলস্বৰূপ মানহঁতৰ আসুৰিক উৎপাতত অসমদেশ ছাৰখাৰ হবলৈ নাপালেহেঁতেন। “যি লাই বাঢ়িব, তাৰ দুপতীয়াতে চিন্” এই কথা প্ৰতিতাপন্ন পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াত নিভাঁজকৈ খাটিছিল। তেওঁ পৈণত বয়সত যি এজন অদ্বিতীয় ৰাজনৈতিক মহাপুৰুষ হৈ উঠিছিল, নিচেই কুমলীয়া বয়সৰেপৰা তেওঁৰ কাৰ্যত সেই মহত্বৰ চিনাকি পোৱা গৈছিল; পূৰ্ণানন্দ সৰুৰেপৰা চিন্তাশীল, বাহুবলী, দয়ালু আৰু কাৰ্যপ্ৰিয় ল'ৰা আছিল। ভৰবয়সত পূৰ্ণানন্দৰ সুপ্ৰশস্ত হিয়া এখন কৰুণাৰ মহাসাগৰ যেন হৈ জিলিকিছিল (২)।

 মান উলটি যোৱাৰ পাচত, দেশত বদনচন্দ্ৰ মন্ত্ৰী-ফুকন প্ৰায় এদনীয়া অধিপতিৰ দৰে হ'ল। আৰু ক্ষমতা বঢ়াৰ লগে লগে বদনীয়া অত্যাচাৰৰ মাত্ৰাও চৰি আহিল। ইতিপূৰ্ব্বতে মান আনি দেশত উৎপাত লগোৱাৰ বাৰে ৰজা, ডাঙ্গৰীয়া, বিষয়া আৰু ৰাইজৰ সকলোৱে ৰাইজক আন্তৰিক গৰিহণা দিছিল, এতিয়া বদনৰ অন্যায়-অত্যাচাৰ চৰি অহাত,তেওঁ সকলোৰে চকুৰ হুলৰ দৰে হৈ উঠিল। বিশেষকৈ, ৰাজমাওদেৱতাৰ পক্ষে বদনৰ অত্যাচাৰ অতিকৈ অসহনীয় হ’ল। মহাজ্ঞানী পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ প্ৰতি ৰাজমাওদেৱতাৰ বৰ শ্ৰদ্ধা আছিল (৩)। এতিয়া সেই মহাধাৰ্মিক মহামন্ত্ৰী ডাঙ্গৰীয়াৰ


 (১) কাপ্তানে (কাপ্তান ওৱেলচ্ চাহাবে) ডাঙ্গৰীয়াক দেখি আনন্দযুক্ত হৈ বহিবলৈ চকী-পীৰা দিলে। পাচে কাপ্তানে বোলে,—'বুঢ়াগোহাঁইক বুঢ়া বুলিহে জানিছিলোঁ, এতিয়া দেখো ডেকা হে। " — "দেওধাই অসম বুৰঞ্জী" ১২৭ পৃষ্ঠা।

 (২) ১৭২৫ শঁকত এজন অসমীয়া জাতীয় বুৰঞ্জী লিখকে কৈছিল-“সেইবেলা মহামন্ত্ৰী -বুঢ়াগোহাঞি ডাঙ্গৰীয়াই পখীয়ে যেনেকৈ পখাৰে আৱৰি থাকে, সেইৰূপ ডাঙ্গৰীয়াই প্ৰজাক ৰক্ষা কৰিছিল। "


 (৩) মহামতি মহাবাহু পূৰ্ণানন্দ বুঢ়াগোহাঞি মহামন্ত্ৰী ৰূপহ পুৰুষৰ গুণ-যশ সেই কালৰ এজন সুকবিয়ে এনেদৰে গাইছিল:—

জয়তি কমলেশ্বৰসিংহ মহাৰাজ।   যাৰ কীৰ্ত্তি ইন্দু ৰাজে পৃথিৱীৰ মাজ
তান মহামন্ত্ৰী পূৰ্ণানন্দ মহাবীৰ।   বুঢ়াগোহাঞি পাত্ৰস্থিত পৰম সুধিৰ।
মহামন্ত্ৰী কুলে জন্মি প্ৰবীণতা ভৈল।   ৰাজমন্ত্ৰী হুয়া তেনে প্ৰকাশিলা যৈন।
অগাধ জলত মগ্ন নৌকা বিতোপন  যেন কোন সুবুদ্ধে কৰিলা উত্তাৰণ।