পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰী | কলিয়াভোমোৰা:-এইজনা বৰফুকন বৰ বুদ্ধিমন্ত, বহুদৰ্শী আৰু ৰাজনীতি শাসনকৰ্তা আছিল। ৰজাৰ নগৰত পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া ঘাইমন্ত্ৰী, আৰু গুৱাহাটীত কলিয়ামোেৰা বৰফুকন ৰাজ প্ৰতিনিধি, এই দুজন। প্ৰধান প্ৰধান বিষয়াৰ বিচক্ষণীয়া বুদ্ধি বাতে কমলেশ্বৰসিংহ স্বৰ্গদেৱৰ ৰাজত শাসনকাৰ্য অতি সুচাৰুৰূপে চলিছিল। বৰফুকন কলিয়াভোমোৰাই ভালেমান মহৎ কাৰ্য্য সাধন কৰি সুখ্যাতি লাভ কৰিছিল। তেওঁৱেই পোনপ্ৰথমে বিদেশী চিপাহী আনাই বৃটিচৰ আৰ্হিৰে ১৭৯৬ খ্ৰীষ্টাব্দত গুৱাহাটীত আৰু যোৰহাটত দুটা “পন্টন” গঠন কৰে; আৰু বুঢ়াগোহাঞি পৰিয়ালৰ চন্দ্ৰ গগাহাঞিদেৱ আৰু খঙ্গীয়া ফুকনক সেই দুই পণ্টনৰ কাপ্তান বা সেনাপতি পাতে। বৰফুকনে স্বৰ্গদেৱৰ অনুজ্ঞানুসৰি গুৱাহাটীৰ কামাখ্যাত এটি বিতোপন তামৰ ঘৰ সজায়, আৰু ছত্ৰাকাৰ দেৱালয় বন্ধায়। বৰফুকন কলিয়াভোমোৰা যেনে বুদ্ধিমত্ত আৰু ওখ মনৰ পুৰুষ আছিল, তেওঁ কৰা কাৰ্যবিলাকো তেনে পৰিপাটি আৰু ওখ খাপৰ হৈছিল। শেহছোৱাত, বৰফুকন কলিয়াভোমোৰাই বৰ্তমান তেজপুৰ নগৰৰ পূবে তোমোৰাৰি পৰ্বতীয়া টিলাৰপৰা শিলঘাটৰ পৰ্বতীয়া টিলত লগাই ব্ৰহ্মপুত্ৰৰ ওপৰেদি এখন সকো বন্ধাবলৈ এটা মহৎ অনুষ্ঠান হাতত লৈছিল। কিন্তু তেওঁৰ সেই সংকল্প কাৰ্যত পৰিণত হ’বলৈ নৌ পাওঁতেই, তেওঁ মানৱ-লীলা সামৰিব লগাত পৰিল। এতিয়াও তেওঁৰ নাম অনুসৰি খ্যাত “তোমোৰাগুৰিৰ ওচৰত এখন পোতাধিলত পোত, গৈ থকা তালেমান প্ৰকাণ্ড প্ৰকাণ্ড শাল কাঠ আৰু পৰ্বতাকাৰ হৈ থকা ‘চুশ-চুকী’ আদিয়ে তেজপুৰত তেওঁৰ সেই মহৎ অনুষ্ঠানৰ চিনাকি দিব লাগিছে। কলিয়াভোমোৰা বৰফুকন যুদ্ধ বিদ্যাতো এজন সুনিপুণ সেনাপতি আছিল; আৰু কমলেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত কেইবাখনো যুদ্ধত তেওঁ জয়লাভ কৰিছিল। এইবোৰ কাৰণত বৰ সন্তুষ্ট হৈ, কমলেশ্বৰসিংহ স্বৰ্গদেৱে বৰফুকন কলিয়াতোমোক “প্ৰতাপবল্লভ” নাম দিছিল। জী: ১৭৯৬ চনত খাতি ৰজাৰে সৈতে চুৰচুৰীয়াকৈ এখন ৰণ লাগিছিল। বৰফুকন কলিয়াতোমোৰাৰ নতুন পণ্টনে” ৰণত খাতিহঁতক ঘটাই খামতিৰ বুঢ়া ৰজাক বন্দী কৰি আনিলেগৈ। খ্ৰঃ ১৮০২ চনত দৰঙ্গী ৰজাই আহোম ৰজাৰ অধীনতা যুৱলি পেলাই পুনঃ মূৰ দালিবলৈ আয়োজন কৰা যেন গম পোৱাত, গুৱাহাটীৰ নতুন পণ্টনে” তেওঁক ৰণত জিনি আকৌ আহোম ৰজাৰ তলতীয়া কৰি থৈ আহিলগৈ। এই ৰাজত্বত ভফলা- বিলাকে বঙ্গী এজাক উপত্ৰৱ কৰি, শিলঘাটত ৰাজকীয় সেনাক আক্ৰমণ কৰিছিলগৈ; বৰফুকনে তিনি কোম্পানি চিপাহী পঠিয়াই দুইমুনিশিলৰ ঘাটতে এখন ৰণ পাতে; ৰণত ঘাটি নদুৱৰীয়া, ছয়দুৱৰীয়া দুয়োখেলৰ তাই বৰিলেহি। “নাদা বঙ্গাল” বুলি এক বেপেৰুৱা বালে তেতিয়া উত্তৰ গুৱাহাটীত ৰৰ প্ৰভুৰ চলাইছিল। তাৰ পাচত, ক্ষিণপাৰলৈকো সিহঁতে হাত মেলিছিল। এনেতে পাওয়াটৰ ওচৰত কামাখ্যাঘাত কলিয়াডোমোৰা বৰফুকনৰ ৰাজকীয় সেনাই সিহঁতৰ ভালকৈ এপালি দি, আহোৰ ৰাজ্য ৰাজ কৰি খেৰিলে। কোকাইনোপতি ম্ৰোহং-১৭১৮ কত, উত্তৰণাৰে ৰাচটাত তলা মত, 'গণীয়, আন আনো াীিয় তয় মা গোখাইৰতীয়াৰে