পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গদেৱ চুহিত, পঙফা ৰ গৌৰীনাখসিংহ মৰাণবিলাকক নিজ নিজ গাঁৱৰপৰা আঁতৰাই আন ঠায়ে ঠায়ে সিচৰতিকৈ পতা স্বৰ্গদেৰ লক্ষ্মীসিংহৰ ৰাজত্বত বিবোৰ দৌল, পুখুৰী, শালি কৰোৱ হৈছিল, তাৰ ভিতৰত ঘাইকৈ ১৭৭৫ খ্ৰীষ্টাব্দত বন্ধোৱা ৰাজমাও-দৌল, গৌৰীৰত মোৰ আৰু পুখুৰী, সাগৰ পুখুৰী এইবোৰই প্ৰধান। লক্ষ্মীসিংহ বৰ্গদেৱৰ জীৱনত ভালেমান বিপদ যায়; অন্তিমত গ্ৰহণী নৰিয়াত পৰি, ১২ বছৰমান ৰাজ কৰাৰ পাচত, পুতেক গৌৰীনাথসিংহক যুৱৰাজ পাতি থৈ, খ্ৰীঃ ১৭৮ চনত বৰ্গদেৱ অকালত বগী হয়। স্বৰ্গদেৱ লক্ষ্মীসিংহৰ দিনৰপৰা আহোম-ৰাজক্ষমতা দেখাদেখিকৈ পৰিবৰ লক্ষণ ক্ৰমাৎ বাঢ়িবলৈ ধৰে। ৰাজ-কৰ্মতকৈ পূজা সেৱা আদি ধৰ্ম্ম-কৰ্ষত ৰজাৰ আসক্তি অধিক প্ৰৱল হোৱাটোৱেই তাৰ মূল কাৰ। তদুপৰি, মৰাণৰ বিদ্ৰোহে ৰাজকীয় ক্ষমতা ভিতৰুৱা দুৰ্বলতা আৰু দেশৰ দুৰৱস্থা উলঙ্গাই দেখুৱাটোও তাৰ এটা ঘাই কাৰণ। আধ্যা-৫ স্বৰ্গদেৱ চুহিত,পঙফা বা গৌৰীনাৎসিংহ স্বৰ্গদেৱ লক্ষ্মীসিংহৰ ৰাজত্বৰ কালতে পুতেক গৌৰীনাথসিংহ ৰোৱক যুৱৰাজ পতা হৈছিল। পিতৃৰ লোকাস্তৰৰ পাচত, তেওঁ শিঙৰিঘৰ উঠি, আহোম প্ৰথামতে চুহিত,পঙফা নাম লৈ, খ্ৰীঃ ১৭৮• চনত আহোম ৰাজপাটত উঠে। তেওঁৰ ৰাৰত মহামন্ত্ৰী কুঁৱৈগঞা ঘনশ্যাম বুঢ়াগোহাঞিৰ মৃত্যুত তেওঁৰ পুতেক পূৰ্ণানন্দ পড়ি গগাহাঞিদেৱ বুঢ়াগোহাঞি ডাঙ্গৰীয়া হয়; বকতিয়ালৰ ন্যায়শোধা ফুকনৰ পুতেক মঞ্জয় বৰবৰুৱা হয়; মাজ আৰু শেহছোৱাত চোলাধৰফুকন গেলো আৰু কছাৰী কুমাৰ চেটিয়া বৰফুকন হয়। | মোৱামৰীয়াৰ ১ম বিদ্ৰোহ:-গৌৰীনাথসিংহ স্বৰ্গদেৱে সিংহাসনত বহি, নিটাল মৰা মোৱামৰীয়া মহাজনবিলাকক আকৌ উপদ্ৰৱ কৰিবলৈ ধৰে। তেওঁ পূৰ্ব শত্ৰুতালৈ মনত কৰি , মোৱামৰীয়া মহত বিলাকক ধৰাই আনি নানা প্ৰকাৰে শতি দি অত্যাচাৰ কৰিবলৈ ধৰিলে। সোধ-পোছ নাই, মোৱামৰীয়া মহাজন বুলিলেই ধৰি বান্ধি শাস্তি-লাছনা আদি কৰি উপদ্ৰৱ কৰা হয়। মোৱামৰীয়া মহাজনৰ পক্ষে এনে অত্যাচাৰ অসহনীয় হৈ উঠাত, সিবিলাকে তলে তলে বিদ্ৰোহ উপস্থিত কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। প্ৰথমতে, এদিন নাজিৰাঘাটৰপৰা ৰাতি জোৰ ধৰি ৰজাক গড়গাঁৱৰ ভিতৰলৈ নিয়া জোৰ-ধৰা মানুহৰ মাজত মিহলি হৈ সোমাই, এল যোৱামৰীয়াই শিঙৰিঘৰত জুই লগাই দিয়ে। তাৰপৰা ওলাই আহি, মোৰামৰীয়াই ৰচৰাত দুই লগালে, তাৰ পাচত হোললাংঘৰত জুই দিলে। তাৰপাত, মাছুৰিয়াল ৰগোহাঞি ভালৰীয়াৰ ঘৰত, কেন্দুৰীয়া বৰপাত্ৰ গোহাঞি ভাৰীৰ যত, লগাই,