পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সাহিত্য-সম্পদ।


 বাৰু, আকৌ এটা উদাহৰণ লোৱা যাওক। ভাবি লোৱা যে আমাৰ পৃথিবীৰপৰা সূৰ্য্যলৈ এটা ৰেলৰ লাইন আছে। ইয়াৰে এখন ডাকগাড়ী ঘণ্টাত ৩০ মাইলকৈ সূৰ্য্যলৈ যায়। তাতে আজি এখন বৰ জৰুৰী চিঠি সূৰ্য্যলৈ দিয়া। এই চিঠিখন সূৰ্য্যই কেতিয়া কোন দিনা পাব? সেই চিঠিখন এদিনৰ মূৰত নহয়, এমাহৰ বা এবছৰৰ মূৰত, এশ বছৰৰ মূৰত নহয় তেনেকুৱা তিনিশ পঞ্চাশ (৩৫০) বছৰৰ মূৰত হে পাবগৈ তেতিয়া আমাৰ কোনোবাই মনত কৰিব পাৰিবানে? সিমান দিন মনত থাকিবানে? আজি ইং ১৯২৯ সন, কিন্তু সেই চিঠি- খন পাব ইং ২২৭৯ সনত—কম দিন নে? তেনেহলে এতিয়া বুজিলা যে সূৰ্য্য এটা প্ৰকাণ্ড বস্তু আৰু ই আমাৰ পৰা বহুত দূৰৈত আছে, আমি তাক কল্পনা কৰিবই নোৱাৰোঁ। বাস্তবিকে সূৰ্য্য বৰ ডাঙৰ, আৰু আমাৰ পৰা বহুত দূৰৈত; কিন্তু বৰ তেজী; সূৰ্য্যৰ তেজ বা জ্বলন্ত শক্তি কম নহয়। তাৰ ওচৰত নথকাই ভাল; ওচৰত থাকিলে তাৰ লগতে পুৰি এঙ্গাৰ হৈ জ্বলি যাব লাগিব। বহাগ, জেঠমহীয়া ৰদৰ কথা মনত কৰি চোৱাঁচোন। তেতিয়া একো দিন তাপ সহিব নোৱাৰি এনেকুৱা মনত হয় যেন জুইহে বৰষিছে। আৰু পোহৰেই বা কেনে ভাবি চোৱা—আমাৰ ঘৰত অকণমান চাকি এটা জ্বলি থাকিলে ঘৰখন পোহৰ হয় নাইবা মাজতে একুৰা জুই ধৰি জ্বলা জুই নুমাই থলেও জ্বলি থকা এঙ্গাৰবোৰে গোটেইখন ঘৰত বৰ সুন্দৰ পোহৰ দিয়ে। কাজেই জুই থাকিলেই পোহৰো পোৱা