পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেমচন্দ্ৰ বৰুৱা অৰু অসমীয়া ভাষা।

 হেমচন্দ্ৰ বৰুৱা শিবসাগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ স্কুল কলেজত নপঢ়াকৈয়ে নিজ বিদ্যা বুদ্ধি আৰু অধ্যবসায়ৰ গুণেৰে দেশত ডাঙ্গৰ মানুহ হৈছিল। তেওঁ চৰকাৰী কাম কৰিও অসমীয়া ভাষাৰ বিশেষ চৰ্চ্চা কৰিছিল। দেশত অসমীয়া ভাষা প্ৰচলন হওঁতেই হেমচন্দ্ৰ বৰুৱাই অসমীয়া লৰাৰ শিক্ষাৰ অৰ্থে কেইবাখনো কিতাপ ৰচনা কৰিছিল। তেওঁ কিতাপ লিখি গবৰ্ণমেণ্টৰ পৰা ১১০০৲ এঘাৰশ টকা পুৰস্কাৰ পাইছিল। আদিপাঠ, পাঠমালা, ব্যাকৰণ, স্বাস্থ্যৰক্ষা, বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি আদি তেওঁ লিখা কিতাপৰ নাম। অৰুণোদয় আৰু জোনাকী নামেৰে আলোচনী কাকতত তেওঁ বহুত অসমীয়া প্ৰৱন্ধ লিখিছিল। তেওঁৰ আটাইতকৈ ডাঙ্গৰ কাম হৈছে হেমকোষ। হেমকোম অসমীয়া ভাষাৰ এখন বৃহৎ অভিধান। এই অভিধানে তেওঁৰ নাম চিৰস্মৰণীয় কৰি ৰাখিছে। গুৱাহাটীত তেওঁৰ মৃত্যু হয়।

 হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ বিশেষ উপকাৰ কৰি গৈছে। এইটো জানিব লাগিব যে দেশাধিকাৰ সকলৰ ভ্ৰমত আৰু সেই ভ্ৰম সংশোধন কৰিবলৈ সময়মুৰি অসমীয়াৰ উপযুক্ত লোকৰ অভাৱত “অসম দেশত বঙ্গালী ভাষাৰ বৰ আদৰ আছিল, মাতৃ ভাষাক সকলোৱে ঘিণাইছিল—স্কুলত বঙ্গালী,