এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা।
অকষ্মাৎ কিয় আজি সুৰলোকে
আনন্দৰ ধ্বনি উঠিছে ঘনে।
গাইছে গন্ধৰ্ব্বী নাচিছে ত্ৰিদিব,
লৰে দেৱদূত আনন্দ-মনে!
কিয় জ্যোতিৰ্ম্ময় স্বৰগ-দুৱাৰ
অকস্মাৎ আজিমুকলি হ'ল।
লগে দেৱবালা, সৰস্বতী আই
বিমানপথ অপেক্ষি ৰ’ল।
ইকি ইকি চোৱাঁ, অসম গৌৰৱ,
তাৰতৰ ধন আনন্দৰাম।
সুবৰ্ণ-ৰথত, আলোকি বিমান,
কৰিছে প্ৰয়াণ শান্তিৰ ধাম।
চোৱাঁ চোৱাঁ লগে সৰস্বতী আই
উলাহ-মনেৰে কোলাত তুলি।
“পানী কৰি তেজ, খাটি মোৰ গুণে,
কত ভাগৰেৰে আহিছা” বুলি॥
পিয়ালে অমৃত, পাৰিজাত-মালা,
দিলে তুলি শিৰে দেৱসমাজ।
বাজিল দুন্দুভি, পাণিনি অমৰ
পিন্ধালে আপুনি দেৱৰ সাজ॥