পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
আহােম স্বৰ্গদেৱৰ অভিষেক।

স্বৰ্গদেৱ সেই শিঙ্গৰী ঘৰতে থাকে। শিঙ্গৰী ঘৰত উঠিলেই ৰজা পূৰ্ণাভিষেক হয়। আহোমৰ এটা নিয়ম এই যে কোনো জনা ৰজাৰ শ্ৰাদ্ধ হলে বা ৰজাৰ ঘৰত ভোজ হলে আগৰ ৰজা সকলৰ নামে গাইপতি সাজ দিয়া হয়। যি সকল ৰজাই শিঙ্গৰী ঘৰত উঠা নাই সেই সকলৰ সাজ শিঙ্গৰী ঘৰত উঠা ৰজাৰ সাৰিত দিয়া নাযায়।

⸺⸺