পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
শ্ৰীশঙ্কৰদেৱ।


শ্ৰীশঙ্কৰে ৰজাৰ গুৰু নহওঁ বুলি অঙ্গীকাৰ কৰিছিল। তেওঁ ৰজাক কলে “মহাৰাজ, ৰজাই কোনো কৰ্ম্মতে ঠিক থাকিব নোৱাৰে, ৰাজ্যৰ মঙ্গলৰ অৰ্থে বহু ধৰ্ম্ম অৱলম্বন কৰিব লগাত পৰে। আমাৰ ধৰ্ম্মৰ ব্যভিচাৰ ঘটিলে শান্তি লোপ পাব। সেই কাৰণে আমি ৰজাৰ গুৰু হবলৈ অমান্তি ” ৰজাই শ্ৰীশঙ্কৰৰ পৰা এই বুজনি পাই তেওঁৰ ওপৰত খং কৰা দূৰত থাওক বৰং আগতকৈ বেচি শ্ৰদ্ধা হে কৰিব ধৰিলে।

 ৰজাই শ্ৰীশঙ্কৰদেৱক পাটবাউসী অঞ্চলত ৰাজকাৰ্য্য চৰ্চ্চাৰ ভাৰ দিছিল। ৰাজকাৰ্য্যত থকাৰ কাৰণে ধৰ্ম্ম বিষয়ত ভালকৈ মন দিব নোৱাৰাত তেওঁ ছকুৰি হাত দীঘল এখন বাছকবনীয়া বৃন্দাৱনী কাপোৰ তান্তিকুছিত (বৰ্ত্তমান বৰপেটাত) বোৱায় ৰজাক এই কাপোৰ খন উপঢৌকন দি ৰাজকাৰ্য্যৰ পৰা অৱসৰ লয়। এই কাপোৰৰ দীঘ পৰিমাণে বৰপেটাৰ কীৰ্ত্তন ঘৰ আজিলৈকে বিদ্যমান আছে।

 শ্ৰীশঙ্কৰদেৱে তেওঁৰ জীৱনত বহুত তীৰ্থ ভ্ৰমণ কৰে আৰু জগন্নাথ ক্ষেত্ৰলৈ কেইবা বাৰো যায়। তেওঁ বাৰাণসী, প্ৰয়াগ মধুৰা, বৃন্দাৱন, কুৰুক্ষেত্ৰ, বদৰিকাশ্ৰম আদি তীৰ্থস্থানবিলাক দৰ্শন কৰিছিল। তীৰ্থ ভ্ৰমণৰ পৰা আহোঁতে তেওঁ অনেক ঠাইত ধৰ্ম্ম প্ৰচাৰ কৰি আহে। মধুপুৰ, ভেলা, কোচবিহাৰ, ৰামৰায়কুঠি আদি ঠাইত ধৰ্ম্ম প্ৰচাৰ কৰে।

 বন্ধুবান্ধৱ আৰু ভকত সকলে এদিন শ্ৰীশঙ্কদেৱক আমোদ- জনক উৎসৱ কৰি দেখুৱাবলৈ প্ৰাৰ্থনা কৰে। তেওঁলোকৰ