পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সাহিত্য-সম্পদ।

নাৰায়ণ ৰজাই শ্ৰীশঙ্কৰক ৰাজসভালৈ আকৌ এবেলি মাতি পঠিয়ায়। শ্ৰীশঙ্কৰে ৰজাৰ গুণ বৰ্ণাই আৰু ঈশ্বৰৰ গৌৰৱ বৰ্ণাই এটী ভটীমা আৰু এটী তোটয় ৰচনা কৰি ৰজাৰ আগত গাব ধৰিলে। তোটয়টী তলত দিয়া হ’লঃ—

মধু দানৱ দাৰণ দেৱ বৰং,
বৰ বাৰিজ লোচন চক্ৰধৰং,
ধৰণীধৰ ধাৰণ ধ্যেয় পৰং,
পৰমাৰ্থ বিদ্যাশুভ নাশ কৰং
কৰ চূৰ্ণিত ছেদীপ ভূৰিভগং,
ভগ ভূষণ কোহৰ্চ্চিত পদ যুগং,
যুগ নায়ক নাগৰ বেশ ৰুচিং,
ৰুচিয়াংশু পিধান শৰীৰ শুচিং,
শুচি চামৰ বায়ু নিসেব্য তনুং,
তনু মধ্যগ দেহ সুবেশ হনুং।

ইত্যাদি

 ইয়াৰ পিছত শ্ৰীশঙ্কৰদেৱে আৰু এটি ভটিমা গালে :—

“জয় জয় মল্ল নৃপতি ৰসবান।
যা কেৰি গুণগণ নাহিকে সমান।”

ইত্যাদি।

 ৰজাই সেই ভটিমা আৰু তোটয় শুনি শ্ৰীশঙ্কৰক মহাপুৰুষ বুলি জানি বহিবলৈ আসন পৰাই দি মান সৎকাৰ কৰিলে। এনে কি ৰজাই তেওঁৰ শিষ্য হবলৈকো মন কৰিলে। কিন্তু