পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
শ্ৰীশঙ্কৰদেৱ।

সাঁতুৰি ইপাৰ সিপাৰ হৈছিল। লগৰীয়াবিলাকৰ কোনোৱে তেওঁক বলে নোৱাৰিছিল। এদিন তেওঁ লগৰীয়া বিলাকৰ লগত ব্ৰহ্মপুত্ৰ নৈলৈ গা ধুব গৈছিল; পিছে লৰা বিলাকৰ অনুৰোধত নৈত এপৰ বেলি বুৰ দি থাকি পানীৰ তলৰ পৰা এটা শিহু ধৰি আনিছিল আৰু সকলোকে দেখুৱাই শিহুটো পানীত আকৌ এৰি দিলে এই দৰে তেওঁ বাল্য কালত বহুত ক্ৰীড়া কৰিছিল। কিন্তু তেওঁৰ ধৰ্ম্মভাৱ শাৰীৰিক বলতকৈ প্ৰৱল আছিল।

 শ্ৰীশঙ্কৰদেৱে অসমত মহাপুৰুষীয়া ধৰ্ম্ম প্ৰচাৰ কৰে। শ্ৰীমাধৱদেৱ তেওঁৰ প্ৰিয় শিষ্য হয়।

 শ্ৰীমন্তশঙ্কৰে মাধৱক শিষ্য লাভ কৰি বৰ সন্তোষ পাই এই দৰে মাধৱক কলে ‘বঢ়াৰ পো’ তোমাক শিষ্য পাই আমি পৰম সুখ পালোঁ, তুমি আজিৰ পৰা আমাৰ চিৰলগৰীয়া হ’লো।” শৰণ কালৰ পৰা মাধৱদেৱে নিৰ্ম্মল ভাগৱতী ধৰ্ম্মৰ উন্নতি, প্ৰচাৰ আৰু শ্ৰীবৃদ্ধিৰ অৰ্থে প্ৰাণ উছৰ্গা কৰিবলৈ প্ৰতিজ্ঞা কৰিলে, আৰু শ্ৰীশঙ্কৰক সকলো প্ৰকাৰে সহায় কৰিব ধৰিলে।

 শ্ৰীশঙ্কৰদেৱ উজনিৰ পৰা মাধৱ দেৱৰে সৈতে কোচবিহাৰ ৰজাৰ ৰাজ্য কামৰূপলৈ আহে। ইয়াত তেওঁ বৈষ্ণব ধৰ্ম্ম বিলাই মানুহৰ মনত সন্তোষ দিব ধৰিলে। নৰনাৰায়ণ ৰজাই শ্ৰীশঙ্কৰক তেওঁৰ সভালৈ মাতি পাঠিয়ায। পিছে মহাপুৰুষৰ গুণ দেখি যুৱৰাজ শুক্লধ্বজ শ্ৰীশঙ্কৰৰ প্ৰধান সহায় হয়।