পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সাহিত্য-সম্পদ।


দুপৰীয়া পঢ়াশালীতে ওই থাকিল। শুই থাকোঁতে তেওঁৰ শৰীৰত ৰ’দ লগা দেখি এটি সৰ্পই ফণাৰে শৰীৰত ছাঁ দি আছিল। কন্দলিয়ে কিবা কাৰণত বাহিৰলৈ আহোঁতে শ্ৰীশঙ্কৰৰ মূৰৰ ওপৰত সৰ্প দেখি আচৰিত মানিলে। সৰ্পটো কন্দলিক দেখা পাই আঁতৰ হ’ল। সেই দিনাৰ পৰা কন্দলিয়ে আন আন শিষ্য বিলাকক কলে “তোমালোকে শঙ্কৰক মান কৰিবা এওঁ এজন সাধুপুৰুষ।” পঢ়া অৱস্থাত শঙ্কৰৰ বুদ্ধিৰ প্ৰখৰতা দেখি কন্দলিয়ে বিস্ময় মানিছিল। ক’ ফল পঢ়িয়েই এওঁ এটি কবিতা লেখি কন্দলিৰ মনত বৰ সন্তোষ দিছিল। বালকৰ ৰচিত কবিতাটীৰ লালিত্য আৰু ভাৱ কেনে মধুৰ দেখুৱাবৰ নিমিত্তে কবিতাটী তলত তুলি দিলোঁ:—-

“কৰতল কমল কমল দল নয়ন।
ভবদব দহন গহন বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন॥
জগ দঘ মপ হৰ ভবভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন॥”

 শ্ৰীশঙ্কৰদেৱ শাৰীৰিক বলত এজনা অসাধাৰণ পুৰুষ আছিল। যৌৱন কালত এটা খেদি অহা ষাঁড়ৰ শিঙ্গত ধৰি লুটীয়াই পেলাইছিল। ভাদ মহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰ নৈ