পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
শ্ৰীশঙ্কৰদেৱ।

মনত সন্তোষ পাই তেওঁক ‘শিৰোমণি ভূঞা’ উপাধি দিয়ে। তেতিয়াৰে পৰা তেওঁৰ বংশ ‘ভূঞা' বুলি প্ৰখ্যাত হ’ল। চণ্ডীবৰৰ পুত্ৰ ৰাজধৰ, ৰাজধৰৰ পুত্ৰ সূৰ্য্যবৰ, সূৰ্য্যবৰৰ পুত্ৰ কুসুম্বৰ, আৰু কুসুম্বৰৰ পুত্ৰ শ্ৰীশঙ্কৰদেৱ।

 কমতাপুৰৰ ৰজাই ভূমি বৃত্তি দান কৰাত চণ্ডীবৰ শিৰোমণি ভূঞাই লেঙা মাগুৰি গাওঁত বাস কৰেহি। পিছে তেওঁসপৰি- বাৰে উজাই আহি বৰ্ত্তমান নগাওঁ জিলাৰ অন্তৰ্গত বটদ্ৰৱা ( বৰদোৱা ) নামে ঠাইত বাস কৰে। এই ঠাইৰ ওচৰত থকা আলি পুখুৰীত মহাপুৰুষ শ্ৰীশঙ্কৰ দেৱে ( তেৰশ একসত্তৰ ) ১৩৭১ শকৰ কাতি মাহৰ* অমাৱস্যা তিথিত জন্ম গ্ৰহণ কৰে। এওঁ ভূঞা বংশৰ কায়স্থ সন্তান। এওঁৰ নিচেই কোমল বয়সেতে পিতৃ-মাতৃ বিয়োগ হয়। গতিকে এওঁ পিতামহী খেৰসুতী আইৰ লগত থাকি ডাঙ্গৰ দীঘল হয়। এওঁৰ শৰীৰ শকত আৰু আজানুলম্বিত বাহু আছিল। এওঁ সৰুৰে পৰা প্ৰতিভাশালী আৰু বাহুবলী আছিল। গাত যেনে বল আছিল মনে তেনে বলী আছিল। সৰুৰে পৰা ধৰ্ম্মত প্ৰগাঢ় মতি আছিল। লৰাকালত প্ৰায় ১২ বাৰ বছৰ বয়সলৈ উমলি কাল কটাইছিল। পিছে এদিন বুঢ়ী মাকৰ বুজনি পাই মহেন্দ্ৰ কন্দলিৰ ওচৰত একান্ত মনে বিদ্যা শিকিব ধৰিলে। পঢ়া সময়ত সকলো লগৰীয়া লৰাক চেৰ পেলাই এওঁ প্ৰথম স্থান অধিকাৰ কৰিছিল। এওঁৰ সজগুণ দেখি লগৰীয়া সকলে ভাল পাইছিল। এদিন পঢ়াশালী ছুটি হোৱাত শ্ৰীশঙ্কৰে