পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
মৌ-মাখি ।


মেলে, তাতে সিটোৱে তাৰ মৌ-জোলোঙ্গাৰপৰা টোপাচাৰেক মৌ তাৰ মুখত পেলাই দিয়ে, তাৰেই তাৰ ভোক গুচে। সিহঁতে ইমান পৰিশ্ৰম কৰে যে, একে দিনৰ ভিতৰতে তিনি হেজাৰমান খোঁটালীথকা বাহ এটা সাজি এঁটায়। খোঁটালী- বিলাক ছ চুকীয়া, গাত-গা-লগা, আৰু আটাইবোৰ ঠিক একে সমান। মৌ-গুটিবিলাকক, বাঁহত কাম কৰি থাকোঁতে, পোনেই দেখিলে আটাইবোৰে ওপৰাউপৰি হৈ হুলুস্থুল কৰি থকা যেন হে বোধ হয়। কিন্তু ভালকৈ গমি চালে দেখা যায় যে, প্ৰত্যেক মাখি এটা নিৰ্দ্দিষ্ট কামত নিযুক্ত আছে, আৰু বৰ পৰিশ্ৰমেৰে সেই কাম কৰিব লাগিছে।

 সিহঁতে পোৱালিৰ কোঠালীবিলাক বৰ সাৱধানে সাজে। বাঁহত যে তায়ে সকলোবিলাক মৌ-গুটিৰ গৰাকিনী কিছুমান নিষ্কৰ্ম্মা মৌ-গুটি থাকে, সিহঁত মতা আৰু সিহঁতৰ পৰাই মৌ- কুৱঁৰীয়ে অৰ্থাৎ বাহত থকা মাইকী মৌ-গুটি জনীয়ে পোৱালী জন্মায়। সিহঁতৰ কোঁঠালীবিলাক আনবিলাকতকৈ বহল; কিন্তু পোৱলিবিলাক জন্মিলেই সিহঁতক বাহৰপৰা খেদাই দিয়া বা মাৰি পেলোৱা যায়। তাইৰ ঘৰটো সকলোতকৈ ডাঙ্গৰ৷

⸻⸻