পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাহিত্য-সম্পদ।


কাৰণেই তাৰ পীড়া অসহ্য হয়। কেতিয়াবা শুং দুডাল সেই ফুটাতে লাগি ৰয়, তেতিয়া তাৰ বেদনা বৰ প্ৰবল হয়, আৰু মৌ-গুটিৰো প্ৰাণ যায়। এই শুং নথকা হলে মৌ-মাখিৰ নিজ পৰিশ্ৰমৰ ফল ৰক্ষণ আৰু উপভোগ দুষ্কৰ হলহেঁতেন।

 এই ক্ষুদ্ৰ প্ৰাণীবিলাক কিছুমান নিৰূপিত নিয়মৰ অধীন মাথোন, এনে নহয়, সিহঁত উদ্যোগী, পৰিশ্ৰমী, সৱধান আৰু স্বাৰ্থপৰতা-শূন্য। সিহঁতৰ প্ৰত্যেকে যি বস্তু গোটায়, তাক সকলোৰে আহাৰৰ নিমিত্তে সাঁচি থোৱা হয়; আৰু সিহঁতৰ বাঁহত যি শিল্প-কৌশল দেখা যায়, তাৰ দ্বাৰায় সিহঁতে সিহঁতৰ সন্তানবিলাকৰ উপকাৰৰ চেষ্টা মাথোন কৰে। মৌ-গুটি বিলাকে ফুলৰপৰা যি মম আনে, তাক গিলি জীৰ্ণ কৰে; পাচে পেটৰ পৰা উলিয়াই তাৰ দ্বাৰা বাঁহ সাজে। কাম কৰিবলৈ আৰম্ভ কৰোঁতেই সিহঁত চাৰি জাক হয়। এজাকে বাঁহৰ নিমিত্তে হজ-গড় বিচাৰি ফুৰে, আন এজাকে বাঁহৰ তলভাগ আৰু খোঁটালী বিলাক সাজে, তৃতীয় জাকে সেইবোৰৰ ভিতৰ ফাল পৰিষ্কাৰ আৰু মিহি কৰে। আৰু চতুৰ্থ জাকে কাম- কৰোঁতাবিলাকৈ আহাৰ বিচাৰি আনে। এই সময়ত মৌ- গুটিবিলাকে সিহঁতৰ কাম প্ৰায়ে সলায়, অৰ্থাৎ যিবিলাকে ঘৰত কাম কৰে, সেইবিলাক বাহিৰলৈ যায়, আৰু আহাৰাদি বিচাৰি ফুৰোঁতাবিলাক ঘৰৰ কামত নিযুক্ত হয়। ইঙ্গিতৰ দ্বাৰা এটা মৌ-গুটিৰ মনৰ ভাৱ আনটোৱে বুজে; কোনো এটাৰ ভোক লাগিলে যাৰপৰা সি আহাৰ পাব পাৰে, তাৰ ফাললৈ জিভা