বঙ্গদেশৰ শাসন কৰ্ত্তা। মিৰজুমলাৰ ৰাজধানী ঢাকা নগৰী। ১৬৬২ খৃষ্টাব্দৰ ৪ জানুৱাৰীত মিৰজুমলাই ৩০০০০ পদাতি আৰু ১২০০০ অশ্বাৰোহী সৈন্য লৈ ব্ৰহ্মপুত্ৰেৰে উজাই অসম দেশ আক্ৰমণ কৰিবলৈ আহে। তেওঁ সৈন্যবোৰ দুভাগে ভগাই এজোৰা দক্ষিণ পাৰে পঠিয়াই দিলে। আৰু উত্তৰ পাৰে এজোৰা নিজে লগত লৈ আগুৱাব ধৰিলে। ব্ৰহ্মপুত্ৰেদি হিলৈ আদি যুদ্ধৰ সৰঞ্জাম থকা কেইবাখনো নাও উজাই আহিল। মিৰজুমলাই পোনতে গোৱালপাৰা জিলাত যুগী ঘোপাৰ দূৰ্গ পালে।
ই এটা ডাঙ্গৰ দূৰ্গ। এই দূৰ্গৰ কাষত শত্ৰুপক্ষই বহুত বোৰ খাল খানি বাঁহৰ জোঙ্গ পুতি থৈছিল যাতে ঘোৰা চোবাঁৰিৰ ঘোৰাবোৰ পৰি নাশ পায়। খালবোৰৰ পৰা অলপ আঁতৰত ডাঙ্গৰ খাৱৈ খানি থৈছিল আৰু দূৰ্গৰ নিচেই ওচৰতেই ৬ হাত দব খাৱৈ খনা আছিল। এই খাৱৈবোৰত বাহঁৰ জোঙ্গ পুতি থোৱা আছিল। দূৰ্গ ঘাইকৈ মাটিৰে সজোৱা হৈছিল। সেই সময়ত আহোমবিলাকৰ দূৰ্গ সাধা- ৰণতঃ এই ধৰণেৰে কৰা হৈছিল। যুগী ঘোপাৰ দূৰ্গ আক্ৰমণ কৰি শ্ৰীঘাট বা পাণ্ডুঘাট পালেহি। পাঘাটত যি আহোমৰ দূৰ্গ আছিল, তাকো মুছলমানে অধিকাৰ কৰিলে। সি ফালে কোচৰাজে আহি গুৱাহাটীত বশ্যতা স্বীকাৰ কৰিলে। বেলতলাৰ দূৰ্গতো মিজুমলাই বিশেষ একো বাধা নাপালে। ডিমৰিয়া ৰজাই মিৰজুমলাৰ কৰতলীয়া হবলৈ