পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
হাতী-পটী, ধূমকেতু নেজাল তৰা আৰু পপীয়া তৰা।

কালিনো তাৰ পৰা ধূমকেতু নেজাল তৰা নোলাব কিয়? আকৌ, তৰাবিলকো সুৰ্য্যৰ নিচিনা অগ্নিময় আৰু বাষ্পময় বস্তু, এতেকে সিহঁতৰ পৰাও ধূমকেতু নেজাল তৰা মাজে সময়ে ওলাব পাৰে। মুঠতে কব লাগিলে, বিশ্বব্ৰহ্মাণ্ডৰ নানাবস্তুৰ পৰা সদায় ধূমকেতু নেজাল তৰা উপজিব লাগিছে, ধ্বংস হৈছে, কিছুমান ৰৈ গৈছে। আমাৰ পৃথিবী আৰু শনি বৃহস্পতি আদি গ্ৰহবিলাকো এসময়ত সূৰ্য্য বা তৰাৰ নিচিনা জ্বলন্ত বাষ্পময় আছিল। সেই কালত সিহঁতৰ পৰাও ধূম- কেতু নেজাল তৰা ওলাইছিল। বাস্তবিক পক্ষত কেইটা- মান গ্ৰহৰ সুকীয়া ধূমকেতু আছে। সেই ধূমকেতুবোৰে নিজৰ গ্ৰহ কেতিয়াও এৰি নাযায়। পৃথিবী, শনি, ইউৰেণাচ, ইহঁতৰ এনেকুৱা সুকীয়া ধূমকেতু আছে। এই ধূমকেতুবোৰৰ কিছু মান তৰা ৰাজ্যৰ পৰা বা সূৰ্য্যৰ পৰা ওলোৱা বস্তু হব পাৰে, পাচত আকাশত ঘূৰি ফুৰোঁতে কিবা স্বৰূপে গ্ৰহৰ হোপনিত পৰি ৰৈ গল। কিছুমান গ্ৰহবিলাকৰ নিজ পোৱালিও হব পাৰে।

 ধুমকেতু আৰু নেজাল তৰাৰ ঘূৰণৰ নিয়ম বেলেগ, গ্ৰহ বা উপগ্ৰহৰ নিয়মৰ নিচিনা নহয়। ইহঁত বাগৰ সলাই নুঘূৰে, আৰু ইহঁতৰ কক্ষও বৃত্তাকাৰ নহয়। ইহঁত আদিতে সুৰ্য্য বা কোনো বাষ্পময় বস্তুৰ পৰা উফৰি যোৱা বুলি কোৱা হৈছে। উফৰি যোৱা বস্তু দলি যোৱাদি যায়। গতিকে ইহঁতৰ গতি দলিৰ গতিৰ নিচিনা। এই নিমিত্তে ইহঁত কেনি যায়, আৰু