পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাহিত্য-সম্পদ।

জনা গৈছে। যদি এটাৰ এনে অৱস্থা হব পাৰে, তেনেহলে আনবোৰৰ হোৱাৰ আটক নাই। সি যি কি নহওক, ধূমকেতুৰ ধ্বংসৰ নিৰিখ কম বুলি ধৰিলেও, নেজাল তৰাৰ ধৰিব নোৱাৰি। নেজাল তৰা অকল পৃথিবীত পৰিয়েই বছৰেকত ৪০ কোটি ধ্বংস হয়, সূৰ্য্যত আৰু আনবিলাক গ্ৰহ উপগ্ৰহ পৰি কিমান ধ্বংস হয়, তাৰ লেখ জোখ নাই। এতিয়া অনুমান কৰাঁ, এই নিৰিখে ধ্বংস হলে, আদিৰ পৰা আজিলৈকে কিমান তৰা ধ্বংস হব পাৰে। কিন্তু ইমান ধ্বংসৰ পাচতো সিহঁতৰ সংখ্যাৰ হীন-ডেঢ়ি দেখা নাযায়। এইবোৰ আসোঁবাহ ধৰি বৰ্ত্তমান পণ্ডিতবিলাকে এই মতটোকো গ্ৰহণ কৰিব নোখোজে। কিন্তু তেওঁলোক ইয়াৰ এটা অংশ গ্ৰহণ কৰিছে। তেওঁলোকৰ মতেও ধূমকেতু নেজাল তৰা জ্বলন্ত বাষ্পময় পিণ্ডৰ পৰা উফৰি যোৱা বস্তু; কেবল, সিহঁত যে সৃষ্টিৰ আদিতেহে উপজিছিল, আজি কালি নোপজে, এই কথাষাৰ মাথোন তেওঁলোকে বিশ্বাস কৰা নাই। তেওঁলোকে কয়, যে ধূমকেতু, নেজাল তৰা, পপীয়া তৰা সকলো সদায় উপজিব লাগিছে, সদায় ধ্বংস হব লাগিছে। আদিৰ বাষ্প ফুটিও ধূমকেতু, নেজাল তৰা ওলাইছিল, সঁচা সেই দৰে আজি কালিও ওলাব লাগিছে। আজিকালৰ সূৰ্য্যটো আদিৰ বাষ্পপিণ্ডৰ এটা অংশ মাথোন, আৰু সি আদিৰ পিণ্ডৰ দৰে অগ্নিময় আৰু বাষ্পময় হৈ আছে, আৰু তাত আগৰ দৰে অগ্নি ফুটনিও হব লাগিছে। তেনেহলে আজি