পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
হাতী-পটী, ধূমকেতু নেজাল তৰা আৰু পপীয়া তৰা।

তৰাৰ উৎপত্তি সেই দৰে হোৱা নাই। সিহঁত পিণ্ডৰ অগ্নি ফুটনিত পিণ্ডৰ পৰা ওলাই গৈছিল। আজি কালিও সূৰ্য্যত অগ্নি ফুটনি হয় বুলি আগত পাই আহিছোঁ তেনেকুৱা অগ্নি ফুটনি আগৰ কালত আদিৰ পিণ্ডটোতো হৈছিল। সেই ফুটনিত পিণ্ডৰ গৰ্ভৰ অনেক অগ্নিময় বস্তু তাৰ পৰা ওলাই উফৰি গৈছিল। সেই বস্তুৰ কিছুমান পিণ্ডৰ হোপনিৰ টানত বহুত দূৰলৈ যাব নোৱাৰি ঘূৰি আকৌ পিণ্ডত পৰি লীন গৈছিল। কিছুমান ইমান বলেৰে ওলাইছিল, যে সিহঁত সীমা পাৰ হৈ গল, দুনাই পিণ্ডত পৰিবলৈ নাপালে। এই দৰে হোপানি এৰাই যোৱা বস্তুবোৰেই ধূমকেতু আৰু নেজাল তৰা হৈ থাকিল। নেজাল তৰা বোলাত, ইয়াত পপীয়া তৰা আৰু জুইৰ গোলকটো বুজিব লাগিব। প্ৰকৃত পক্ষত ইহঁত একে বস্তু, কেৱল নেজ ওলালে নেজাল তৰা বোলা হয়, নোলালে পপীয়া তৰা বোলা হয়, আৰু ফুটি জুই ওলালে জুইৰ গোলক বোলা হয়। ধুমকেতুৰ উৎপত্তি সম্বন্ধে এইটো বিবৰণ পণ্ডিতবিলাকে সম্পূৰ্ণৰূপে মানি লোৱা নাই। তেওঁলোকে কয়, যে সুৰ্য্যত আৰু পৃথিবী আদি গ্ৰহবিলাকত পৰি বছৰে বছৰে অসংখ্য নেজাল তৰা ধ্বংস হয়; নেজাল তৰা আদিৰ সৃষ্ট বস্তু হোৱা হেঁতেন, মাজে মাজে ন ন কৈ নোপজা হেঁতেন, ইমান কালে নেজাল তৰা এটাও নোহোৱা হল হেঁতেন। ধুমকেতুৰ যে লয় নাই, এনেও নহয়। এটা ধুমকেতু গুচি, এতিয়া এজাক নেজাল তৰা হৈ আছে বুলি