বিলাক দেখি। ধূমকেতুৰ নেজ দীঘলো আছে চুটিও আছে, কিন্তু ৫০ লক্ষ মাইলতকৈ হেনো চুটি নাই। ধূমকেতুৰ নেজ সদায় সুৰ্য্যৰ বিপৰীত ফালে থাকে। সেই দেখি আমাৰ ফাললৈ আহোঁতে নেজ টাৰ তৰাটোৰ পাচত থাকে, উলটি যাওঁতে নেজতাৰ সি মুখত লৈ যোৱা যেন দেখি। আকাশত আৰু এবিধ বস্তু মাজে সময়ে ওলোৱা দেখা যায়। ই ঠিক খাৰৰ বাজীৰ নিচিনা। বাজীত জুই লগাই এৰি দিলে, সি খেলাৰ ঢোপ যেন ওপৰলৈ উধাই যায়। কোনোটো কিছুমান দূৰ ওপৰলৈ গৈ নুমাই নোহোৱা হয়, কোনোটো ওপৰত গৈ ফুটে, ফুটিলে তাৰ পৰা সেউজীয়া, হেঙ্গুলীয়া আদি বাৰে বৰণীয়া জুই ওলাই পৰে। এনেকুৱা ঢোপ যেন বস্তু আকাশত কেতিয়াবা আপোনা-আপুনি ওলায় আৰু খাৰ-বাজীৰ নিচিনা চিত্ৰ বিচিত্ৰ জুই উৰি দি লয় হয়। ই ওলাই উৰি যাওঁতে এটা জুইৰ গোলক উৰি যোৱা যেন দেখি। ধূম- কেতু, নেজাল তৰা, পপীয়া তৰা আৰু জুইৰ গোলক আকা- শত জাকে জাকে ফুৰিব লাগিছে, কিন্তু আমি সিহঁতক সদায় নেদেখোঁ। সিহঁত সদায় পৃথিবীৰ ওচৰত নুফুৰে, নিলগে নিলগে থাকে। যিটো পৃথিবীৰ ওচৰ চাপে সেইটোকহে আমি দেখিবলৈ পাওঁ।
ধুমকেতু, নেজাল তৰা আদিৰ উৎপত্তি আৰু গতি সম্বন্ধে নানা ৰকম বিবৰণ পোৱা যায়। আগৰ কালৰ পণ্ডিতবিলাকে অনুমান কৰিছিল, যে সিহঁত আমাৰ বায়ুমণ্ডলৰ বস্তু। বায়ু-