দেখিবলৈ পাওঁ। তাৰ সিটো ফাল পৃথিবীৰ আঁৰত থাকে। ইয়াৰ এটা ভাগ মাজতে দুফাল হৈ ডাল মেলি বহুত দূৰ গৈছে, পাচত আকৌ গোট খাই এটা হৈছে। দণ্ডিটিটো আচলত কি বস্তু, সেই কথা থিৰ কৰিবলৈ পণ্ডিত বিলাকে যন্ত্ৰ লগাই তাক ভালকৈ পৰীক্ষা কৰিছে। সি হেনো এটা তৰাৰ মাউখ। কবিৰ কথাত কবলৈ হলে, সি এটা তিৰবিৰীয়া তৰাৰে বান্ধোৱা আলি। তাত তৰাৰ সীমা সংখ্যা নাই, সাগৰৰ বালিৰ নিচিনা দৌল হৈ পৰি আছে। বা সি এখন তৰাৰ নৈ, অনেক সৰু সৰু তৰাৰ সুতি গোট খাই নৈ এখন হৈ বৈ গৈছে। কিন্তু তৰাবিলাক বহুত আঁতৰত, আৰু সৰহ ভাগেই আকাৰত সৰু, সেই দেখি আমি সিহঁতক ভিন ভিন তৰা যেন নেদেখোঁ।সৰু বৰ এটাইবিলাক তাৰ জেউতি গোটখাই সেই অঞ্চলটো পোহৰ হৈছে, আমি সেই পোহৰটো মাথোন দেখিবলৈ পাওঁ।
তৰা ৰাজ্যৰ ভিতৰত তৰাৰ বাজে আন জাতিৰ প্ৰজাও আছে। সময়ে সময়ে আমি তাত কেতবিলাক জ্বলন্ত আৰু চলন্ত বস্তু দেখিবলৈ পাওঁ। এই বস্তুবোৰৰ কিছুমানক আমি ধুমকেতু বলোঁ, কিছুমানক নেজাল তৰা, আৰু কিছুমানক পপীয়া তৰা বোলোঁ। ইহঁত কি বস্তু, কৰ পৰা আহে আৰু কলৈ যায়, এই বিষয়ে পণ্ডিত বিলাকৰ নানা ৰকম মত আছে। সেই মতবোৰৰ ব্যাখ্যা আৰম্ভ কৰিবৰ আগেয়ে, আমি চকুৱে এই তিনি বিধ বস্তুৰ ভিতৰত সছৰাচৰ কি প্ৰভেদ দেখিবলৈ পাওঁ তাৰে কথা আগেয়ে কোৱা হব। ধুমকেতুৰ নেজ আছে,