পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতী-পটী, ধূমকেতু নেজাল তৰা আৰু

পপীয়া তৰা।

 আকাশত ৰাতি হলে তৰা ৰাজ্যৰ ভিতৰত আমি বহু বস্তু দেখিবলৈ পাওঁ। কেতিয়াবা আন্ধাৰ নিশা মন কৰিব পোৱা আকাশত তৰাৰ মাজত এটা বগা পটি পৰি থাকে।

 পটিটো দেখিবলৈ সাইলাখ হাবিৰ মাজৰ হাতীৰ দণ্ডি যেন, সেই দেখি আমাৰ মানুহে ইয়াক হাতী-পটি বোলো। স্বৰ্গৰ অধিপতি ইন্দ্ৰদেৱ; তেখেতৱৰ ঔৰাৱত নামেৰে এটা প্ৰকাণ্ড হাতী আছে। সি হেনো নিতৌ সেই বাটেৰে কৰ বাত—মন্দাকিনীত হবলা—পানী খাবলৈ যায়, আৰু নিতৌ যাওঁতে যাওঁতে সেইটো পটি পৰিছে। এইটো আমাৰ কল্পনা। আন দেশত আন কল্পনা আছে। ইউৰোপৰ মানুহৰ মতে কোনোবা এজনী বুঢ়ীয়ে কৰবালৈ এবাটি এৱাঁ গাখীৰ লৈ গৈছিল। বুঢ়ী জনী নিচেই আথৰ আবৰ, থৰক্ বৰক্ কৰে যাওঁতে, ঢেলোকনি খাই বাটে বাটে বাটিৰ গাখীৰ পৰি গৈছিল। সেই গাখীৰৰ চিন আজি লৈকে আছে। সেই দেখি তেওঁলোকে হাতী-পটিক খীৰৰ আলি বোলে। সি কথা যেই বা নহওক, হাতী-পটিটো দৃশ্যমান বিষুব ৰেখা যেন হৈ আকাশৰ ই মূৰ সি মূৰ জুৰি আছে। আমি এক সময়ত আকাশৰ এফাল মাথোন দেখোঁ, গতিকে হাতী-পটিৰো এফালহে -