পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাহিত্য সম্পদ।

সময়ে পৰ দিয়ে। দুৱাৰৰ সমুখৰ চ’ড়া এৰি, গলেই বড় বাট- ঘৰ পায়। তায়। তাৰ পৰা জখলা মুখ। গোঁসাইৰ ঘৰ, কুঁৱৰীসকলৰ ঘৰ, চাঙ্গমাই শাল চাঙ্গঘৰ নহয়। ৰজাৰ খোৱা, শোৱা, বহা, আমোদ প্ৰমোদ কৰা, মৰাঙ্গ বা শৌচাগাৰ এই সকলোবোৰ চাঙ্গঘৰ। কেৱল গোঁসাই ঘৰলৈ জখলাৰে নামি স্বৰ্গদেউ আহি মাটী ঘৰত পূজা কৰে। ৰজাৰ চাঙ্গতে এটা ঘৰ আছে; তাক বড় ঘৰ বোলে। এই ঙৰৰ টুপতে স্বৰ্গদেব বহে আৰু ইয়াতেই ভিতৰুয়াল মেল হয়। ৰজাৰ বড় ভঁড়াল চাঙ্গ ঘৰ। বেজ ঘৰ বা ঐষধালয় চাঙ্গঘৰ, এই ঘৰৰ অধিকাৰ বেজবড়ুয়া। তেওঁৰ অধীনে বছা বেজ থাকে। এই বেজে বস্তুৰ ভাল বেয়া বাছি দৰব কৰে। ৰজাৰ লিগিৰা আৰু লিগিৰী, কুঁৱৰী সকলৰ লিগিৰী, এই সকলো ৰজাৰ টোলৰ ভিতৰত থাকে। কোনো কোনো লিগিৰা ৰজাৰ টোলৰ বাহিৰেও থাকে। চাঙ্গমাই বেজ, গোঁসাই ঘৰীয়া, জৰাধৰা, মৰঙ্গ চোয়া প্ৰভৃতি বি বোৰ লোকে টোলত ৰজাৰ কাৰ্য্য কৰে সি সকল প্ৰায় টোলৰ বাহিৰে বাস কৰে। ঘৰত হলে অতি বিশ্বাসী লিগিৰা বিনে আন পুৰুষ ৰাতি নাথাকে। দিনতো তালৈ পুৰুষ সহসা যাব নোৱাৰে।

 সাধৰেণৰ ৰিক্ষাৰ নিমিতে কোনো বিদ্যালয় নাছিল। ফুলে- শ্বৰী কুঁৱৰীৰ যি পঢ়াশালী সিও ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত প্ৰায় নাই বুলিলেই হয়। নখৰ ভিতৰত বিষয়াসকলৰ কোনো কোনো জনাৰ ঘৰতে বা আঁতৰত ছাতৰশালী আছিল। তাৰ